ফেক্ট চেক: ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনেস্কিৰ ফোটো টাইমস মেগাজিনৰ কাভাৰ-ত অহা নাই, এডিট কৰা ছবি ভাইৰাল হৈছে
বিশ্বাস নিউজৰ তদন্তত ভাইৰাল হোৱা দাবিটো ভুল বুলি প্ৰমানিত হৈছে।টাইম মেগাজিনে ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনেস্কিৰ এনে কোনো ছবি কোতো প্ৰকাশ কৰা নাই। এয়া মাত্ৰ এখনি এডিট কৰা ছবি।
- By Vishvas News
- Updated: May 9, 2022

বিশ্বাস নিউজ (নিউ দিল্লি). টাইম মেগাজিনৰ এখনি ছবি ক্ৰমে সামাজিক মাধ্যমত ভাইৰাল হৈ আছে। ছবিখন এই দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈ আছে যে, টাইম মেগাজিনে তেঁওলোকৰ কাভাৰ পেজত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনেস্কি-ৰ ছবি, এই বুলি প্ৰকাশ কৰিছে যে, তেঁও তেঁওৰ নামৰ পৰা “Z” আৰু “V” আখৰ দুটা ৰাচিয়ান আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰুপ অঁতৰাই পেলাইছে।কিন্তু প্ৰচাৰ হোৱা এই খবৰটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমানিত হৈছে। টাইম মেগাজিনে ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনেস্কি এনে কোনো ছবি প্ৰকাশ কৰা নাই।এয়া এখনি এডিট কৰা ছবি।
কি ভাইৰাল হৈ আছে?
ফেচবুক ব্যৱহাৰকাৰী টাঙ্কা গাচপাই-এ ছবিখন পোষ্ট কৰিছে আৰু লিখিছে যে, ইউক্ৰেনিয়ান সংসদে “Z” আৰু “V” আখৰ দুটা ৰাছিয়াৰ বিশেষ কামকাজৰ চিন হিচাপে বহিষ্কৰণ কৰিছে।আমেৰিকাৰ মাহেলি পত্ৰিকা টাইম-এ এই খবৰ প্ৰকাশ কৰিছে আৰু “লাদিমিৰ এলেন্সকি”, এইদৰে লিখিছে।
তদন্ত-
ভাইৰাল হোৱা এই দাবিৰ আঁৰত থকা সত্য জানিবলৈ, আমি গুগল ৰিভাৰ্ছ ইমেজত ছবিখন বিঁছাৰিলো।এই প্ৰক্ৰিয়াত,আমি ভাইৰাল হোৱা দাবিৰ সন্দৰ্ভত কোনো তথ্য বিছাৰি নাপালো।ইয়াৰ পিছত আমি টাইম মেগাজিনৰ ওৱেবচাইটত বিছাৰিবলৈ আৰম্ভ কৰিলো, কিন্তু তাতও আমি এনে কোনো ছবি বিছাৰিবলৈ সক্ষম নঁহলো।এই ছবিখন টাইম মেোগাজিন ফ্ৰন্ট পেজ আৰ্কিভৰ 2022 ৰ সংখ্যাত দৃশ্যমান নহয়।টাইম-এ 2022-ত আঁঠখন সংখ্যা প্ৰকাশ কৰিছে, তাৰ ভিতৰত এখন সংখ্যাৰ কাভাৰতও জেলেনেস্কিৰ বিষয়ে একোয়ে নাই।

তদন্ত আগোৱাই থাকোতে, আমি টাইম মেগাজিনৰ সামাজিক মাধ্যমৰ একাউন্টসমূহত চকু ফুৰোৱা আৰম্ভ কৰিলো। কিন্তু তাতেও বাইৰাল হোৱা ছবি সন্দৰ্ভত একো বিছৰি নাপালো।ইয়াৰ পিছত স্পষ্ট হৈ গল যে এই ছবিখন সম্পূৰ্ণৰুপে এডিট কৰা আৰু এডিটিং আহিলাৰ মাধ্যমে প্ৰস্তুত কৰা হৈছে। এই ছবিখন টাইম মেগাজিনৰ দ্বাৰা প্ৰকাশ কৰা হোৱা নাই।
অধিক তথ্যৰ বাবে আমি টাইম মেগাজিনলৈ মেইল পঁঠাইছো।প্ৰতিক্ৰিয়া অহাৰ লগে লগে তথ্যখিনি আপডেট কৰা হ’ব।
বিশ্বাস নিউজে তদন্ত প্ৰক্ৰিয়াৰ শেষ পৰ্যায়ত, ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰা প্ৰফাইলৰ আঁৰত থকা তথ্যবোৰ নিৰীক্ষণ কৰিছে। আমি লক্ষ্য কৰিছো যে উক্ত পোষ্ট শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীৰ ফেচবুকত এহেজাৰতকৈ বেছি বন্ধু আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত ভাইৰাল হোৱা দাবিটো ভুল বুলি প্ৰমানিত হৈছে।টাইম মেগাজিনে ৰাষ্ট্ৰপতি ভ’ল’দিমিৰ জেলেনেস্কিৰ এনে কোনো ছবি কোতো প্ৰকাশ কৰা নাই। এয়া মাত্ৰ এখনি এডিট কৰা ছবি।
- Claim Review : ইউক্ৰেনিয়ান সংসদে “Z” আৰু “V” আখৰ দুটাৰ ৰাছিয়াৰ বিশেষ কামকাজৰ চিন হোৱাৰ বাবে বহিষ্কৰণ কৰিছে।আমেৰিকাৰ সাপ্তাহিক পত্ৰিকা টাইম-এ খবৰটো তেঁওলোকৰ কাভাৰ পেজত প্ৰকাশ কৰিছে আৰু লিখিছে “লাদিমিৰ এলেনেস্কি
- Claimed By : টাঙ্কা গাছপাই
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com