Fact Check: ভজন গাই থকা মহিলা গৰাকী মহম্মদ ৰফিৰ নাতিনীয়েক পৰভেজ মুস্তফা নহয়, তেওঁ গায়িকা গীতাঞ্জলি ৰায় হয়
- By Vishvas News
- Updated: April 26, 2023

নতুন দিল্লী (বিশ্বাস নিউজ)। এগৰাকী মহিলাই ভগৱান শ্ৰীকৃষ্ণৰ ভজন ‘হৰি সুন্দৰ নন্দ মুকুন্দ’ গাই আছে। এনেকুৱা এটা ভিডিঅ’ক তীব্ৰ গতিত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈ আছে। এই ভিডিঅ’ক শ্বেয়াৰ কৰি এই দাবী কৰা হৈ আছে যে শ্ৰীকৃষ্ণৰ ভজন গাই থকা এই গৰাকী মহিলা মহম্মদ ৰফিৰ নাতিনীয়েক কুমাৰী পৰভেজ মুস্তফা হয়।
বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভজন গাই থকা মহিলা গৰাকী গায়িকা গীতাঞ্জলি ৰায় হয়, তেওঁ পৰভেজ মুস্তফা নহয়। গীতাঞ্জলি ৰায়ৰ সৈতে মহম্মদ ৰফিৰ পৰিয়ালৰ কোনো সম্বন্ধ নাই।
কি ভাইৰেল হৈ আছে?
ফেচবুক ইউজাৰ ‘সন্তোষ কুমাৰ ছাহু’ 2 এপ্ৰিল 2023 তাৰিখে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰিছে। ইউজাৰ জনে কেপচনত লিখিছে, “এই গীতটিৰ বিশেষ দিশ এয়াই যে ইয়াত কৃষ্ণৰ 100 নামৰ বাহিৰে বেলেগ আন কোনো শব্দ নাই! আৰু এই গীত গাই থকা গায়িকা গৰাকীৰ নাম কুমাৰী পৰভেজ মুস্তফা হয়, তেওঁ মহান গায়ক মহম্মদ ৰফিৰ নাতিনীয়েক হয়।”
এই পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পৰা যাব।

তদন্ত
গুগলত এই সম্বন্ধীয় কীৱৰ্ড দি ছাৰ্চ কৰাৰ পাছত আমি ভাইৰেল ভিডিঅ’টো গাতীঞ্জলি ৰায় নামৰ এটা ইউটিউব চেলেনত পাইছোঁ। এই ভিডিঅ’টোক 14 এপ্ৰিল 2023-ত শ্বেয়াৰ কৰা হৈছিল। কেপচনত থকা তথ্য অনুসৰি, ভিডিঅ’ত ভজন গাই থকা মহিলা গৰাকী গায়িকা গীতাঞ্জলি ৰায় হয়।
গুগলত গীতাঞ্জলি ৰায়ৰ সম্বন্ধে ছাৰ্চ কৰাৰ পাছত আমি তেওঁৰ আনুষ্ঠানিক ছ’চিয়েল মিডিয়া একাউণ্টৰ সন্ধান পাইছোঁ। আটাইবোৰ ছ’চিয়েল মিডিয়া একাউণ্টত তেওঁৰ সম্বন্ধে এয়াই কোৱা হৈছে যে তেওঁ ভজন গায়িকা হয়।
অধিক জানিবলৈ আমি গীতাঞ্জলি ৰায়ৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ ভাইৰেল হোৱা দাবীক খণ্ডন কৰি আমাক কৈছে, “এয়াই প্ৰথম বাৰ নহয় যে, এনেকুৱা দাবী ভাইৰেল হৈ আছে। ইয়াৰ আগতো এনেকুৱা দাবী ভাইৰেল হৈছে। এই দাবী সম্পূৰ্ণ ভিত্তিহীন হয়। মই ভজন গায়িকা হয় আৰু মহম্মদ ৰফিৰ পৰিয়ালৰ লগত মোৰ কোনো সম্বন্ধ নাই।”
আগতো এনেকুৱা দাবী ভাইৰেল হৈছে। তাৰ তদন্তৰ বিষয়ে আপুনি ইয়াত পঢ়ি চাব পাৰে।
তদন্তত শেষত আমি ভাইৰেল ভিডিঅ’ক ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰা ইউজাৰ ‘সন্তোষ কুমাৰ ছাহু’-ৰ প্ৰফাইল স্কেন কৰি চাইছোঁ। তেতিয়া আমি গম পালোঁ যে এইজন ইউজাৰৰ 2,844 জন বন্ধু আছে আৰু তেওঁ তিনি হেজাৰ আঠশ’ৰো অধিক মানুহে অনুসৰণ কৰি থাকে।
উপসংহাৰ: বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে শ্ৰীকৃষ্ণৰ ভজন গাই থকা মহিলা ভজন গায়িকা গৰাকী গীতাঞ্জলি ৰায় হয়। তেওঁ পৰভেজ মুস্তফা নহয়। মহম্মদ ৰফিৰ পৰিয়ালৰ সৈতে গীতাঞ্জলি ৰায়ৰ কোনো সম্বন্ধ নাই।
- Claim Review : মহম্মদ ৰফিৰ নাতিনীয়েক পৰভেজ মুস্তফাৰ ভজন গাই থকা ভিডিঅ’
- Claimed By : ফেচবুক ইউজাৰ ‘সন্তোষ কুমাৰ ছাহু’
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com