X
X

Fact Check: অস্ট্ৰেলিয়াৰ পুৰণি ছবিক বিভ্ৰান্তিকৰ ভাৱে প্ৰয়াগৰাজ মহাকুম্ভৰ ছবি বুলি প্ৰচাৰ কৰা হৈ আছে

বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, এই ভাইৰেল দাবী ভুৱা হয়। এই ছবিখন 2022 চনৰপৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে, আৰু ছবিখন অষ্ট্ৰেলিয়াৰ হয় বুলি জানিবলৈ পোৱা গৈছে।  

নতুন দিল্লী (বিশ্বাস নিউজ)। প্ৰয়াগৰাজত মহাকুম্ভ চলি থকাৰ সময়ত ছ’চিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈ আছে। ছবিখনত একাধিক গ্ৰহৰ লগত একে শাৰীত জোন দেখা পোৱা গৈ আছে। কেইজনমান ইউজাৰে সেই ছবিখনক শ্বেয়াৰ কৰি এই দাবী কৰিছে যে, এয়া প্ৰয়াগৰাজৰ ছবি হয়।  

বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, এই ভাইৰেল দাবী ভুৱা হয়। এই ছবিখন 2022 চনৰপৰা ইণ্টাৰনেটত উপলব্ধ হৈ আছে, আৰু ছবিখন অষ্ট্ৰেলিয়াৰ হয় বুলি জানিবলৈ পোৱা গৈছে।  

কি ভাইৰেল হৈ আছে?

ফেচবুক ইউজাৰ ‘অখিলেশ পটেল’ 17 ফেব্ৰুৱাৰী, 2025-ত এখন ভিডিঅ’ আপল’ড কৰি কেপশ্বনত লিখিছে, 

“প্ৰয়াগৰাজত গভীৰ নিশাত তোলা হৈছে এই বিৰল দিব্য প্ৰতিবিম্বৰ ছবি। কি যে অদ্ভুত দৃশ্য। সূৰ্যোদয়ৰ প্ৰায় এ ঘণ্টা আগতে, শনি, মঙ্গল, শুক্ৰ, বৃহস্পতি, আৰু অৰ্ধ চন্দ্ৰ। সেই গ্ৰহসমূহৰ প্ৰতি লাখ-লাখ প্ৰণাম। মহাকুম্ভ মেলাৰ সৈতে বিভিন্ন গ্ৰহৰ এই বিৰল সমাবেশৰ যোগ আছে। 144 বছৰত পোন প্ৰথম বাৰ বৃহস্পতি, শনি, সূৰ্য আৰু চন্দ্ৰক একেখন শাৰীত একেলগতে দেখিবলৈ পোৱা গৈছিল 29 জানুৱাৰীত পুষ্যা নক্ষত্ৰৰ লগ্ন চলি থকাৰ সময়ত। এয়া ভাৰতৰ জ্যোতিষ বিদ্যা আৰু জ্যোতিৰ্বিদ্যাৰ এটা মহান দৃষ্টান্ত। ওম নমো ভগৱতে নাৰায়ণ ওম নমো নমঃ।”

আপোনালোকে এই ছবিখনৰ আৰ্কাইভত থকা ভাৰ্ছন ইয়াত চাব পাৰে।

অনুসন্ধান

বিশ্বাস নিউজে গুগল লেন্স টুল ব্যৱহাৰ কৰি ৰিভাৰ্ছ ইমেজ ছাৰ্চ চলোৱাৰ পাছত দেখা পাইছে যে, এই ছবিখন বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত আছে। এই ছবিখন 25 জানুৱাৰী, 2025-ত ৰেডিট -ত আপল’ড কৰা হৈছিল আৰু ছবিখন স্কটলেণ্ডৰ হয় বুলি দাবী কৰা হৈছে।

অধিক অনুসন্ধান চলাই থাকোঁতে আমি ‘কছমিক ইণ্টেলিজেঞ্চ এজেঞ্চি’ নামৰ এখন ফেচবুক পেজ দেখা পালোঁ। তাত উক্ত ছবিখন 1 মে, 2022-ত প’ষ্ট কৰা হৈছিল। তাৰ লগত থকা কেপশ্বনত উল্লেখ কৰা হৈছে যে, ছবিখন অষ্ট্ৰেলিয়াৰ পাৰ্থত তোলা হৈছে। 28 এপ্ৰিল, 2022-ত সূৰ্যোদয়ৰ ঠিক আগতে আকাশত শনি, মঙ্গল, বৃহস্পতি, আৰু কৃষ্ণপক্ষৰ অৰ্ধ চন্দ্ৰক একেখন শাৰীত দেখিবলৈ পোৱা গৈছিল। ছবিখনত সেই দৃশ্যই ধৰা পৰিছে। ছবিখন ফটোগ্ৰাফাৰ ৰেইন থিলেন তুলিছে বুলি উল্লেখ কৰা আছে।   

আমি ৰেইন থিলেন-ৰ ইনষ্টাগ্ৰাম হেণ্ডল পৰ্যালোচনা কৰাৰ পাছত দেখা পালোঁ, তেওঁৰ তোলা আচল ছবিখন 28 এপ্ৰিল, 2022-ত প’ষ্ট কৰা হৈছিল। ছবিখনৰ লগত যিখন ঠাইৰ নাম উল্লেখ কৰা হৈছে, সেয়া হ’ল অষ্ট্ৰেলিয়াৰ ড্ৰেইক্সব্ৰুক বান্ধ। 

বিশ্বাস নিউজে অনুসন্ধানক আগুৱাই লৈ প্ৰয়াগৰাজৰ দৈনিক জাগৰণৰ এডিটৰিয়েল ইন-চাৰ্জ ৰাকেশ পাণ্ডেৰ সৈতে যোগাযোগ কৰিছিল। তেওঁৰপৰা নিশ্চিত ভাৱে গম পোৱা গ’ল যে, প্ৰয়াগৰাজত তেনেকুৱা কোনো মহাজাগতিক ঘটনা সংঘটিত হোৱা নাই।

সদৌ শেষত আমি বিবেক গৌতম নামৰ ইউজাৰৰ সম্বন্ধে অনুসন্ধান চলালোঁ, যিজনে ভাইৰেল ছবিখন শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, এই গৰাকী ইউজাৰ হৰিয়াণাৰ মানুহ হয় আৰু তেওঁৰ ছয় হেজাৰৰ অধিক ফলোৱাৰ আছে।

সিদ্ধান্ত: বিশ্বাস নিউজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে, প্ৰয়াগৰাজৰ ছবি বুলি যি প’ষ্ট ভাইৰেল হৈছে, সেয়া বিভ্ৰান্তিকৰ হয়। অষ্ট্ৰেলিয়াৰ এখন পুৰণি ছবিক মিছা দাবীৰ সৈতে প্ৰয়াগৰাজৰ বুলি কোৱা হৈছে। এনেকৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে।

  • Claim Review : প্ৰয়াগৰাজত গভীৰ নিশা বিস্ময়কৰ এক মহাজাগতিক দৃশ্যৰ ছবি তোলা হৈছে! সূৰ্যোদয়ৰ প্ৰায় এ ঘণ্টা আগতে, শনি, মঙ্গল, শুক্ৰ, বৃহস্পতি আৰু অৰ্ধ চন্দ্ৰ একেলগে একে শাৰীত আহি পাইছে। বিৰল দৃশ্য।
  • Claimed By : FB ইউজাৰ বিবেক গৌতম
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later