Fact Check: হিমন্ত বিশ্ব শৰ্মাৰ কন্যাৰ ফটোত আছিল কাৰ্তিক আৰ্যান, মুছলিম যুৱকৰ ফটোখন এডিট কৰা হৈছে
বিশ্বাস নিউজে নিজৰ অনুসন্ধানৰ পৰা গম পাইছে যে ভাইৰেল হোৱা দাবীটো ভুৱা। এইখন এখন এডিট কৰা ফটো। আচল ফটোখনত বলীউডৰ অভিনেতা কাৰ্তিক আৰ্যান আছিল। ফটোখন 2025 চনৰ ছেপ্টেম্বৰ মাহৰ সেই সময়ৰ, যেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাই কাৰ্তিক আৰ্যানক সাক্ষাৎ কৰিছিল। এই ফটোখনকে এডিট কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈছে।
- By: Umam Noor
- Published: Feb 9, 2026 at 06:54 PM
নতুন দিল্লী (বিশ্বাস নিউজ): ছ’চিয়েল মিডিয়াত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যা সুকন্যাৰ এজন যুৱকৰ সৈতে এখন ফটো ভাইৰেল হৈ আছে। ফটোখনত দেখা পোৱা যুৱকজনৰ মূৰত এটা ধৰ্মীয় টুপি দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি থকা বহু ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এইখন আচল ফটো।
বিশ্বাস নিউজে নিজৰ অনুসন্ধানৰ পৰা গম পাইছে যে ভাইৰেল হোৱা দাবীটো ভুৱা। এইখন এখন এডিট কৰা ফটো। আচল ফটোখনত বলীউডৰ অভিনেতা কাৰ্তিক আৰ্যান আছিল। ফটোখন 2025 চনৰ ছেপ্টেম্বৰ মাহৰ সেই সময়ৰ, যেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাই কাৰ্তিক আৰ্যানক সাক্ষাৎ কৰিছিল। এই ফটোখনকে এডিট কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈছে।
ভাইৰেল পোষ্টটোত কি আছে?
ফেচবুক ব্যৱহাৰকাৰী ‘শ্বাহিদ আহমেদ’-এ ভাইৰেল পোষ্টটো 2026 চনৰ ৩0 জানুৱাৰীত শ্বেয়াৰ কৰি লিখিছে, “ব্ৰেকিং নিউজ, হিমন্ত বিশ্ব শৰ্মাৰ কন্যাৰ এজন মুছলিম যুৱকৰ সৈতে সম্পৰ্ক আছে। ৰিপ’ৰ্ট বা খবৰ অনুসৰি, মুখ্যমন্ত্ৰীৰ কন্যা মুম্বাইত লিভ-ইন ৰিলেশ্যনশিপত থাকে, সেইবাবেই হিমন্ত বিশ্ব শৰ্মাই মিয়া আৰু লাভ জিহাদ বুলি চিঞৰি থাকে।”
পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান
অনুসন্ধান আৰম্ভ কৰি আমি পোনপ্ৰথমে গুগল লেন্সৰ জৰিয়তে ভাইৰেল ফটোখন চাৰ্চ কৰিলোঁ। চাৰ্চত আমি ‘অসম ডট আনঅফিশ্যিয়েল’ নামৰ এটা ইনষ্টাগ্ৰাম একাউণ্টত ভাইৰেল ফটোখন আপলোড কৰা পালোঁ। 2025 চনৰ 5 ছেপ্টেম্বৰৰ এই ফটোখনত ভাইৰেল ফটোত থকা মুছলিম যুৱকজনৰ ঠাইত কাৰ্তিক আৰ্যান থিয় হৈ আছে।

চাৰ্চ কৰাত আমি এই ফটোখন আন বহুতো ছ’চিয়েল মিডিয়া একাউণ্টত 2025 চনৰ 5 ছেপ্টেম্বৰত শ্বেয়াৰ কৰা পালোঁ। ইয়াত সকলো ফটোতে মুখ্যমন্ত্ৰী আৰু তেওঁৰ কন্যাৰ সৈতে কাৰ্তিক আৰ্যানক দেখা গৈছে।
অধিক অনুসন্ধানত আমি ভাইৰেল ফটোখনৰ সৈতে জড়িত এটা পোষ্ট বিজেপি অসমৰ সহ-আহ্বায়ক ‘Ron Bikash Gaurav’-ৰ এক্স হেণ্ডেলত পালোঁ। 2026 চনৰ ৩0 জানুৱাৰীৰ এই পোষ্টটোত ভাইৰেল ফটোখনৰ সৈতে কাৰ্তিক আৰ্যানৰ ফটোখন লগাই, এই সমগ্ৰ বিষয়টোক ভুৱা বুলি কোৱা হৈছে।
চাৰ্চত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক একাউণ্টতো কাৰ্তিক আৰ্যান থকা আচল ফটোখন 2025 চনৰ 5 ছেপ্টেম্বৰত আপলোড কৰা পালোঁ। কেপচন অনুসৰি, অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কন্যা সুকন্যাৰ সৈতে মুম্বাইত জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰ্যানক সাক্ষাৎ কৰে।

ভাইৰেল আৰু আচল ফটোৰ কোলাজ ইয়াত চাব পাৰি।

ভাইৰেল ফটোখনৰ সত্যতা নিশ্চিত কৰিবলৈ আমি অসমৰ সাংবাদিক শুভম গোস্বামীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ ভাইৰেল ফটোখন এডিট কৰা বা সম্পাদিত বুলি জানিবলৈ দিয়ে।
এতিয়া পাল আছিল ভুৱা পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী ‘শ্বাহিদ আহমেদ’ৰ ছ’চিয়েল স্কেনিং কৰাৰ। আমি পালোঁ যে ব্যৱহাৰকাৰীজনক পাঁচ হাজাৰ লোকে ফ’ল’ কৰে।
সিদ্ধান্ত: বিশ্বাস নিউজে নিজৰ অনুসন্ধানত গম পাইছে যে ভাইৰেল হোৱা দাবীটো ভুৱা। এইখন এখন এডিট কৰা বা সম্পাদিত ফটো। আচল ফটোখনত বলীউডৰ অভিনেতা কাৰ্তিক আৰ্যান আছিল। 2025 চনৰ ছেপ্টেম্বৰৰ এই ফটোখন সেই সময়ৰ, যেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাই মুম্বাইত কাৰ্তিক আৰ্যানক সাক্ষাৎ কৰিছিল। এই ফটোখনকে এডিট কৰি ভুৱা দাবীৰ সৈতে ভাইৰেল কৰা হৈছে।
- Claim Review : হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ মুছলিম যুৱকৰ সৈতে ফটো।
- Claimed By : ফেচবুক ব্যৱহাৰকাৰী 'শ্বাহিদ আহমেদ’
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











