X
X

Fact Check: বিধায়কৰ গাড়ী ৰখাই দিয়া আৰক্ষীৰ যি ছবি ভাইৰেল হৈ আছে সেয়া স্ক্ৰিপ্টেড হয়

বিশ্বাস নিউজে অনুসন্ধান কৰাৰ গম পাইছে যে এই দাবী মিছা হয়। ভাইৰেল হৈ থকা ভিডিঅ’টো আচলতে স্ক্ৰিপ্টেড হয়। অৰ্থাৎ, ক্ৰিয়েট কৰা হৈছে কিন্তু ভুৱা দাবীৰ সৈতে এই বুলি প্ৰচাৰ কৰা হৈ আছে এই ঘটনাটো সঁচা হয়। এই ভিডিঅ’টোক কেৱল মনোৰঞ্জনৰ উদ্দেশ্যত তৈয়াৰ কৰা হৈছিল। 

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ দ্ৰুত গতিত ভাইৰেল কৰা হৈ আছে। তাত দেখা পোৱা গৈ আছে যে, কোনো এজন আৰক্ষীয়ে ব্লেক ফিল্ম লগোৱা এখন গাড়ীক ৰখাই দিছে। ভিডিঅ’ত আন এজন ব্যক্তিক দেখা পোৱা গৈ আছে, তেওঁ বিধায়ক বুলি কোৱা হৈছে, তেওঁ সেই আৰক্ষীক ডাঙৰ কোনো বিষয়াৰ সৈতে ফোনত কথা পাতিবলৈ দি আছে। ভিডিঅ’ত শুনিবলৈ পোৱা গৈ আছে যে, ফোনত সেই গৰাকী ডাঙৰ বিষয়াই হেনো আৰক্ষীজনক কৈ আছে যে বিধায়কক যেন যাবলৈ দিয়া হয়। কিন্তু আৰক্ষী জনে সেই কথাত সন্মত হোৱা নাই। এতিয়া কেইজনমান ইউজাৰে সেই ভিডিঅ’টোক শ্বেয়াৰ কৰি দাবী কৰি আছে যে, এয়া আচল ভিডিঅ’ হয়। 

বিশ্বাস নিউজে অনুসন্ধান কৰাৰ গম পাইছে যে এই দাবী মিছা হয়। ভাইৰেল হৈ থকা ভিডিঅ’টো আচলতে স্ক্ৰিপ্টেড হয়। অৰ্থাৎ, ক্ৰিয়েট কৰা হৈছে কিন্তু ভুৱা দাবীৰ সৈতে এই বুলি প্ৰচাৰ কৰা হৈ আছে এই ঘটনাটো সঁচা হয়। এই ভিডিঅ’টোক কেৱল মনোৰঞ্জনৰ উদ্দেশ্যত তৈয়াৰ কৰা হৈছিল। 

ভাইৰেল পষ্টত কি আছে?

ছ’চিয়েল মিডিয়া ইউজাৰ  ‘Anurag Tiwari’ ভাইৰেল ভিডিঅ’টোক (আৰ্কাইভ লিংক) শ্বেয়াৰ কৰি লিখিছে, “এয়া কেৱল এটা ৰিল নহয়, এই ভিডিঅ’টো আচলতে সেই আৰক্ষী প্ৰশাসনৰ গালত এটা চৰ হয় যি প্ৰশাসনে প্ৰভাৱশালী লোকসকলৰপৰা পোৱা সামান্য ঘোচৰ বাবে নিৰপৰাধ মানুহৰ জীৱন নষ্ট কৰি দিয়ে। 

দেশত এনেকুৱা আৰক্ষীৰে প্ৰয়োজন, যিসকলে সাংসদ হওক বা বিধায়ক কাকো কেৰেপ নকৰে। ছাছপেণ্ড কৰিলে কৰি দিয়ক, পদত্যাগ পত্ৰ লাগিলে এতিয়াও লওঁক…।

আপোনাক ছেলুট ছাৰ!”  

ছ’চিয়েল মিডিয়াৰ আন বিভিন্ন প্লেটফৰ্মতো আন বহু কেইজন ইউজাৰেও এই ভিডিঅ’টোক উপৰত উল্লেখ কৰা ধৰণৰ বা প্ৰায় একে ধৰণৰ দাবীৰ সৈতে শ্বেয়াৰ কৰিছে।   

https://twitter.com/hanumansharma_/status/1889982235929096593

অনুসন্ধান

ভাইৰেল ভিডিঅ’টোৰ সম্বন্ধে অনুসন্ধান কৰাৰ কাৰণে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমসমূহক লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চাইছোঁ। তেতিয়া আমি দেখা পালোঁ যে, এই ভিডিঅ’টো Monty Deepak Sharma নামৰ অফিচিয়েল ইউ-টিউব চেনেলত আছে। তাত এই ভিডিঅ’টোক 6 ফেব্ৰুৱাৰী 2025-ত আপল’ড কৰা হৈছিল আৰু ভিডিঅ’টোৰ 16 ছেকেণ্ডৰ অংশত এটা কথা লিখা আছে যে, এই ভিডিঅ’টোক মনোৰঞ্জনৰ উদ্দেশ্যত তৈয়াৰ কৰা হৈছে।

https://youtu.be/iF4b01h554M

আমি এই ইউটিউব চেনেল-টোক গোটাই ছাৰ্চ কৰি চাইছোঁ। যিটো ভিডিঅ’টোক লৈ আলোচনা কৰি আছোঁ, তাত দেখা পোৱা বহু কেইজন ব্যক্তিক আন কেইখনমান ভিডিঅ’তো দেখা পোৱা গৈ আছে।   

আমি নিজৰ অনুসন্ধানক আগুৱাই লৈ মণ্টি দীপক শৰ্মাৰ ছ’চিয়েল মিডিয়া হেণ্ডল চেক কৰি চাইছোঁ। ভাইৰেল ভিডিঅ’টোত দেখা পোৱা শিল্পীসকলক আন কেইখন ভিডিঅ’তো দেখা পালোঁ। মণ্টি দীপক শৰ্মায়ো নিজৰ ফেচবুক বায়-ত উল্লেখ কৰিছে যে তেওঁ অভিনেতা আৰু ডিজিটেল ক্ৰিয়েটৰ হয়। 

ইমানলৈ আমি যি অনুসন্ধান চলাইছোঁ তাৰপৰা এটা কথা স্পষ্ট যে, ভাইৰেল ভিডিঅ’টো আচল নহয়, এয়া স্ক্ৰিপ্টেড হয়। এই ভিডিঅ’টোক মনোৰঞ্জনৰ উদ্দেশ্যত হে তৈয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ সম্বন্ধে নিশ্চিত হোৱাৰ কাৰণে আমি মণ্টি দীপক শৰ্মাৰ লগতো যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, ভিডিঅ’টোত যিসকল লোকক দেখা পোৱা গৈ আছে, তেওঁলোকে সকলে শিল্পী হয়। এই ভিডিঅ’টোক মনোৰঞ্জনৰ উদ্দেশ্যত তৈয়াৰ কৰা হৈছিল। 

বিশ্বাস নিউজৰ ৱেবছাইটত এনেকুৱা আৰু বহুতো স্ক্ৰিপ্টেড ভিডিঅ’ সম্বন্ধীয় ফেক্ট চেক ৰিপৰ্ট পঢ়িবলৈ পাব।

সদৌ শেষত আমি ভিডিঅ’টো শ্বেয়াৰ কৰা ইউজাৰ জনক স্কেন কৰি চালোঁ। তেতিয়া গম পালোঁ যে, এই ইউজাৰ জনক 3 হেজাৰৰ অধিক মানুহে ফলো কৰে। ইউজাৰ জনে নিজক উত্তৰ প্ৰদেশৰ নিবাসী বুলি উল্লেখ কৰিছে।

সিদ্ধান্ত: এজন আৰক্ষীয়ে হেনো এজন বিধায়কৰ গাড়ীক ৰখাই দিছে বুলি দাবী কৰি যি ভিডিঅ’ ভাইৰেল হৈ আছে, সেয়া স্ক্ৰিপ্টেড হয়। সেইটোক ভুৱা আৰু মিছা দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে। এই ভিডিঅ’টোক মনোৰঞ্জনৰ উদ্দেশ্যত তৈয়াৰ কৰা হৈছিল। ভিডিঅ’ত যিসকল লোকক দেখা পোৱা গৈ আছে, তেওঁলোকে সকলে শিল্পী হয়। 

  • Claim Review : ভাইৰেল হৈ থকা আৰক্ষীৰ ভিডিঅ’টো আচল হয়।
  • Claimed By : FB User- Anurag Tiwari
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later