X
X

Fact Check: উত্তৰ প্ৰদেশত বৃহন্নলা আৰু ই-ৰিকছা চালকৰ মাজত হোৱা মাৰপিটৰ ঘটনাৰ পুৰণি ভিডিঅ’ গুজৰাতৰ নামত ভাইৰেল হৈ আছে 

বিশ্বাস নিউজে ভাইৰেল প’ষ্ট অনুসন্ধান কৰি চাইছে। ভাইৰেল প’ষ্ট ভুৱা বুলি প্ৰমাণ হৈছে। উত্তৰ প্ৰদেশৰ বদায়ুঁ জিলাত এবছৰ আগতে সংঘটিত হোৱা ঘটনাৰ পুৰণি ভিডিঅ’টোক এতিয়া বেলেগ-বেলেগ দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা বছৰ এগৰাকী বৃহন্নলাই এজন ই-ৰিকছা চালকক পিটিছিল। বৃহন্নলাৰ অভিযোগ আছিল যে, তেওঁক ই-ৰিকছা চালক জনে জোকাইছিল।   

নতুন দিল্লী (Vishvas News) ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ইয়াত দেখা পোৱা গৈ আছে, এগৰাকী যুৱতীয়ে নিজৰ পেট উদং কৰি এজন যুৱকক পিটি আছে। দাবী কৰা হৈ আছে যে, এই ভিডিঅ’টো গুজৰাতৰ হয়। এই ভিডিঅ’টোক আন কিছুমান দাবীৰ সৈতেও শ্বেয়াৰ কৰা হৈ আছে। 

বিশ্বাস নিউজে ভাইৰেল প’ষ্ট অনুসন্ধান কৰি চাইছে। ভাইৰেল প’ষ্ট ভুৱা বুলি প্ৰমাণ হৈছে। উত্তৰ প্ৰদেশৰ বদায়ুঁ জিলাত এবছৰ আগতে সংঘটিত হোৱা ঘটনাৰ পুৰণি ভিডিঅ’টোক এতিয়া বেলেগ-বেলেগ দাবীৰ সৈতে ভাইৰেল কৰা হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি, যোৱা বছৰ এগৰাকী বৃহন্নলাই এজন ই-ৰিকছা চালকক পিটিছিল। বৃহন্নলাৰ অভিযোগ আছিল যে, তেওঁক ই-ৰিকছা চালক জনে জোকাইছিল।   

কি ভাইৰেল হৈ আছে

এজন থ্ৰেড ইউজাৰে 27 ফেব্ৰুৱাৰীত এটা ভিডিঅ’ আপল’ড কৰি দাবী কৰিছে, “গুজৰাতত আজি পুৱা।”

ভিডিঅ’টো অত্যধিক আপত্তিজনক হয়। সেই কাৰণে আমি সেইটো ব্যৱহাৰ কৰা নাই। ভাইৰেল প’ষ্টৰ কনটেণ্টক ইয়াত অবিকল ভাৱে লিখা হৈছে। এইটোক সঁচা বুলি ভাবি বহু কেইজন ইউজাৰে ভাইৰেল কৰি আছে। 

অনুসন্ধান

বিশ্বাস নিউজে ভাইৰেল প’ষ্ট সত্যতা জানিবলৈ সদৌ প্ৰথমতে ইয়াৰ বহু কেইটা ভিডিঅ’ গ্ৰেব উলিয়াইছিলোঁ। তাৰ পাছত সেইবোৰক গুগল অ’পেন ছাৰ্চ টুলৰ জৰিয়তে বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। তেতিয়া আমি বহু কেইখন নিউজ ৱেবছাইটত ঘটনাটোৰ লগত যুক্ত বাতৰি পাইছোঁ।

2 জুলাই 2024-ত লাইভ হিন্দুস্তান ডট কম এই ভিডিঅ’ গ্ৰেব ব্যৱহাৰ কৰি বাতৰি প্ৰকাশ কৰিছিল। এই বাতৰি-ত ভাইৰেল ভিডিঅ’ৰ ঘটনাক উত্তৰ প্ৰদেশৰ বদায়ুঁৰ ঘটনা বুলি কোৱা হৈছে। ই-ৰিকছা চালকে বৃহন্নলাক জোকাইছিল। তাৰ পাছত বৃহন্নলাই সেই চালকৰ ৰিকছা কাঢ়ি লৈ গুচি গৈছিল। ই-ৰিকছা চালকে তেতিয়া পিছে পিছে দৌৰি আহি বৃহন্নলাক বাধা দিছিল। তেতিয়া দুই জনৰ মাজত মাৰপিট আৰম্ভ হৈছিল। বাটৰ মাজতে বৃহন্নলাই নিজৰ পেট উদং কৰি দিছিল। 

অমৰ উজালা ডট কম-তো এই ঘটনাটোক লৈ সেই সময়ত বাতৰি প্ৰকাশ পাইছিল।

বিশ্বাস নিউজে অনুসন্ধানক আগুৱাই লৈ দৈনিক জাগৰণ, বদায়ুঁৰ এডিটৰ-ইন-চাৰ্জ অংকিত গুপ্তাৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ আমাক জনাইছে যে, ভাইৰেল ভিডিঅ’টো যোৱা বছৰৰ হয়। সেই সময়ত এগৰাকী বৃহন্নলাই মাৰপিট কৰি থাকোঁতে নিজৰ পেট উদং কৰিছিল।

উত্তৰ প্ৰদেশৰ পুৰণি ভিডিঅ’ক এতিয়া গুজৰাতৰ বুলি শ্বেয়াৰ কৰিছিল যিজন ছ’চিয়েল মিডিয়া ইউজাৰে তেওঁৰ প্ৰফাইল আমি স্কেন কৰিছিলোঁ। aaj_edit_10 নামৰ এইজন ইউজাৰক এক লাখৰ অধিক মানুহে ফল’ কৰি থাকে।

সিদ্ধান্ত: বিশ্বাস নিউজৰ অনুসন্ধানত ভাইৰেল পষ্ট ভুৱা বুলি প্ৰমাণ হৈছে। গুজৰাতৰ নামত ভাইৰেল হৈ থকা ভিডিঅটো আচলতে উত্তৰ প্ৰদেশৰ বদায়ুঁৰ বুলি গম পোৱা গৈছে। যোৱা বছৰ বদায়ুঁত এগৰাকী বৃহন্নলা আৰু এজন ই-ৰিকছা চালকৰ মাজত মাৰপিটৰ ঘটনাৰ ভিডিঅক এতিয়া ভাইৰেল কৰি মিছা কথা প্ৰচাৰ কৰা হৈ আছে। 

  • Claim Review : গুজৰাতত এগৰাকী যুৱতীয়ে নিজৰ পেট উদং কৰিছে।
  • Claimed By :  Thread User aaj_edit_10
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later