X
X

Fact Check: কফিনৰ ছবি বালুচিস্তান ট্ৰেন হাইজেকৰ নহয়, 2011-ৰ ছবি ভাইৰেল

ছ’চিয়েল মিডিয়াত প্ৰায়েই পুৰণি ছবিক নতুন প্ৰসংগত উপস্থাপন কৰি মানুহক বিভ্ৰান্ত কৰা হয়। এনেকুৱা আৰু ঘটনা পোহৰলৈ আহিছে।

  • By: Umam Noor
  • Published: Mar 21, 2025 at 04:34 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত প্ৰায়েই পুৰণি ছবিক নতুন প্ৰসংগত উপস্থাপন কৰি মানুহক বিভ্ৰান্ত কৰা হয়। এনেকুৱা আৰু ঘটনা পোহৰলৈ আহিছে। পাকিস্তানৰ পতাকাৰে মেৰিয়াই থোৱা কফিনৰ ছবিক বালুচিস্তান ট্ৰেন হাইজেকৰ ঘটনাৰ বুলি কৈ ভাইৰেল কৰা হৈ আছে। এই ছবিখন ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ আছে আৰু এই দাবী কৰা হৈছে যে, শেহতীয়াকৈ বালুচিস্তান ট্ৰেন হাইজেকৰ ঘটনাৰ ছবি হয় এয়া।  

বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা কফিনৰ ছবিখন বালুচিস্তান ট্ৰেন হাইকেজৰ নহয়। এই ছবিখন 2011 চনত পাকিস্তানৰ মৰ্দানত আত্মঘাতী আক্ৰমণত মৃত্যু হোৱা সৈনিকসকলৰ শেষকৃত্যৰ হয়।   

ভাইৰেল পষ্টত কি আছে ?

ফেচবুক ইউজাৰে 14 মাৰ্চত ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, “কাপুৰুষ আছিল, যুঁজ নিদিয়াকৈ কুকুৰৰ দৰে মৰিছে।”

প’ষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।

অনুসন্ধান

আমি অনুসন্ধান আৰম্ভ কৰি পোন প্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ছবিখন ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে দেখা পালোঁ এই ছবিখন বহু কেইখন নিউজ ৱেবছাইটত আপলোড হৈ আছে।

পাকিস্তানৰ নিউজ ৱেবছাইট ট্ৰিবিউনত ছেপ্তেম্বৰ 2013-ক প্ৰকাশ পোৱা এখন আৰ্টিকল-ত ছবিখন ব্যৱহাৰ কৰা হৈছে। তাতেই কোৱা হৈছে যে, এয়া আত্মঘাতী বিস্ফোৰণত মৃত্যু হোৱা সকলৰ শেষকৃত্যৰ সময়ত হোৱা প্ৰাৰ্থনাৰ ছবি হয়।

আনহাতে, ইণ্ডিপেণ্ডেণ্ট ডট কো ইউকে-ৰ ৱেবছাইটত এই ছবিখনক 11 ফেব্ৰুৱাৰী 2011-ত প্ৰকাশ পোৱা বাতৰি-ৰ সৈতে আপলোড কৰা হৈছিল। বাতৰিত থকা তথ্য অনুসৰি, “পাকিস্তান সেনাই গুৰুতৰ আঘাত পাইছে। স্কুলৰ ইউনিফৰ্ম পিন্ধা এজন কিশোৰ বয়সীয়া আত্মঘাতী আক্ৰমণকাৰীয়ে এখন সৈনিক শিবিৰত সুমুৱাই বিস্ফোৰণ সংঘটিত কৰিছে। এই ঘটনাত কমেও 31 জন সৈনিক আৰু কেডেটৰ মৃত্যু হৈছে। এই আক্ৰমণ এখন সৈনিক ভৰ্তিৰ শিবিৰত কৰা হৈছিল। সেই সময়ত কেডেটসকলে পথাৰত এক্সাৰচাইজ কৰি আছিল। এই ঘটনাত 40 জনৰ অধিক মানুহৰ মৃত্যু হৈছিল।”

ছানডে টাইমছ ডট আইকে-ৰ ৱেবছাইটতো ভাইৰেল ছবিখন পোৱা গৈছে। 13 ফেব্ৰুৱাৰী 2011-ৰ বাতৰি অনুসৰি, এয়া পাকিস্তানৰ মৰ্দানত হোৱা আক্ৰমণত মৃত্যু হোৱা সৈনিকসকলৰ শেষকৃত্যৰ ছবি হয়।

पूरी खबर यहां पढ़ी जा सकती है। পাকিস্তান নিউজ ৱেবছাইট ডন-ত 13 মাৰ্চত প্ৰকাশ পোৱা বাতৰি অনুসৰি, “কোৱেটাৰপৰা পেছোৱাৰলৈ গৈ থকা 440 জন যাত্ৰী থকা ট্ৰেনত বালুচিস্তান লিবাৰেচন আৰ্মি (বিএলএ)-ৰ বিদ্ৰোহীসকলে আক্ৰমণ চলাইছিল। সিহঁতে ট্ৰেনত গুলীয়াগুলি কৰি যাত্ৰীসকলক আটক কৰিছিল। তাৰ পাছত সুৰক্ষা বাহিনীয়ে দুই দিনলৈ অভিযান চলাইছে। ইণ্টাৰ-ছাৰ্ভিচেজ পাবলিক ৰিলেশ্বন্স (আইএছপিআৰ)-ৰ ডাইৰেক্টৰ জেনাৰেল লেফটেনেণ্ট জেনাৰেল আহমেদ শ্বৰিফ চৌধুৰীয়ে নিশ্চিত কৰিছে যে অপাৰেচন সম্পূৰ্ণ হৈছে, অভিযান চলাই ঘটনাস্থলতে 33 জন উগ্ৰপন্থীক মাৰি পেলোৱা হৈছে। আইএছপিআৰ-ৰ মুৰব্বী জনে এয়াও নিশ্চিত কৰিছে যে অপহৰণৰ ঘটনাত 21 জন যাত্ৰী আৰু ফ্ৰণ্টিয়াৰ কোৰৰ চাৰি জন জৱানৰ মৃত্যু হৈছে। কিন্তু উদ্ধাৰ অভিযানৰ অন্তিম পৰ্যায়ত উগ্ৰপন্থীৰ হাতত আটক হৈ থকা কোনো ব্যক্তি ক্ষতিগ্ৰস্ত হোৱা নাই।” 

ভাইৰেল প’ষ্টৰ বিষয়ে নিশ্চিত হোৱাৰ কাৰণে আমি পাকিস্তানৰ সাংবাদিক আদিল আলীৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁৰ সৈতে ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক নিশ্চিত কৰিছে যে, ছবিখন শেহতীয়া ঘটনাৰ নহয়। এয়া আচলতে কেই বছৰমান পুৰণি আন এটা ঘটনাৰ ছবি হয়।

সদৌ শেষত আমি সেইজন ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰি চাইছিলোঁ, যিজনে ভুৱা প’ষ্ট শ্বেয়াৰ কৰিছিলে। তেতিয়া আমি গম পালোঁ যে, এইজন ইউজাৰক প্ৰায় চাৰি হাজাৰ মানুহে ফলো কৰি থাকে। ইউজাৰ জনৰ বায়’ অনুসৰি, তেওঁ গুজৰাতৰ নিবাসী হয়।

সিদ্ধান্ত: বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা কফিনৰ ছবি বালুচিস্তান ট্ৰেন হাইজেকৰ নহয়। ছবিখন 2011 চনত পাকিস্তানৰ মৰ্দাত আত্মঘাতী আক্ৰমণত মৃত্যু হোৱা সৈনিকসকলৰ শেষকৃত্যৰ হয়।  

  • Claim Review : এই ছবিখন শেহতীয়াকৈ হোৱা বালুচিস্তান ট্ৰেন হাইজেকৰ ঘটনাৰ হয়।
  • Claimed By : FB User- Munushyam Aditrawal
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later