X
X

Fact Check : গায়ক জুবিন গাৰ্গৰ শেষ ভিডিঅ’ বুলি দাবি কৰি ভাইৰাল হোৱা ক্লিপটো পুৰণী হয়

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা দাবি ভুৱা। এই ভিডিঅ’টোৰ কন্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ লগত কোনো সম্পৰ্ক নাই। স্কুবা ডাইভিঙৰ এই ভিডিঅ’টো গাৰ্গৰ মৃত্যুৰ বহুত আগৰ পৰা সামাজিক মাধ্যমত আছিল।

  • By: Umam Noor
  • Published: Sep 26, 2025 at 11:36 AM

নতুন দিল্লী(বিশ্বাস নিউজ)। অসমৰ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ 19 চেপ্টেম্বৰ 2025-তাৰিখে ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰে। সংবাদ মতে, তেঁও স্কুবা ডাইভিং কৰিবলৈ গৈছিলে, ইয়াৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱাৰ ফলত তেঁওৰ মৃত্যু হয়। ইফালে সামাজিক মাধ্যমত পানীৰ তলৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। ভিডিঅ’-ত দুইজন ব্যক্তিক পানীৰ তলত স্কুবা ডাইভিং কৰা অৱস্থাত দেখা পোৱা গৈছে। দুজনে ডাইভিং চ্যুট আৰু অক্সিজেন চিলিণ্ডাৰ সৈতে সাগৰৰ গভীৰত সাঁতুৰি আছিল।

তাত  আকৌ ভিডিঅ’-ত দেখা পোৱা যায় যে, এজন ব্যক্তিয়ে আনজনক কোনো এটা দিশত টানি লই যোৱাৰ চেষ্টা কৰি আছে। ভিডিঅ’টোক শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰি আছে যে, এই ভিডিঅ’টো জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত আৰু এয়া তেঁওৰ শেষ ভিডিঅ’।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা দাবি ভুৱা। এই ভিডিঅ’টোৰ কন্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ লগত কোনো সম্পৰ্ক নাই। স্কুবা ডাইভিঙৰ এই ভিডিঅ’টো গাৰ্গৰ মৃত্যুৰ বহুত আগৰ পৰা সামাজিক মাধ্যমত আছিল।

ভাইৰাল পোষ্টত কি আছে ?

ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্টখন শ্বেয়াৰ কৰি লিখিছে যে, , “Singapore. Health System a Zubeen Daক বচাব নোৱাৰিলে  !! এইখিনি পৰিস্থিতিত hospitalত admit কৰাৰ পিছতো Zubeen da ক সুস্থ কৰিব নোৱাৰিলে!!! অসমৰ Doctor হলে নিচ্ছয় বচাব পাৰিলে হয় #ZubeenGarg ”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণীত আমি পোন প্ৰথমতে গুগ’ল লেঞ্চৰ জৰিয়তে ভাইৰাল ভিডিঅ’টোৰ কিফ্ৰেম ওলালো আৰু অনুসন্ধান কৰিলো। অনুসন্ধানত ভিডিঅ’টো ফ্লেছ টিউব নামৰ এখন ইউটিউব চেনেলচ 31 জুলাই 2025 তাৰিখত আপল’ড হোৱা পোৱা গ’ল।

https://www.youtube.com/shorts/U77C6sm4T8E?feature=share

অনুসন্ধানত এই ভিডিঅ’টো এখন ফেচবুক পেজত 16 আগষ্ট 2025 তাৰিখে আপল’ড হোৱা পোৱা গ’ল।

টাইম টুলৰ জৰিয়তে আমি বেলেগ বেলেগ কীৱাৰ্ড ব্যৱহাৰ কৰি এই ভিডিঅ’টোৰ অনুসন্ধান আৰম্ভ কৰিলোঁ। আমি এই ভিডিঅ’টো Stop the Sun নামৰ এখন ইনস্টাগ্ৰাম একাউন্টত পালো, যত এইটো 14 মে 2025 তাৰিখে আপল’ড কৰা হৈছিল। তাত প্ৰদত্ত তথ্য অনুসৰি, ভিডিঅ’-ত দেখা  পোৱা ব্যক্তিজন 78 মিটাৰ গভীৰত  ডুব দিবলৈ গৈছিল। এই সময়ত তেঁওৰ গতি লেহেম আছিল আৰু ওপৰত উঠি থকা অৱস্থাত ব্যক্তিজন অলপ সময়ৰ বাবে অজ্ঞানও হৈছিল। পোষ্টত এয়াও লিখা আছিল যে, তেঁওৰ ডাইভৰ প্ৰশিক্ষণ চলি আছিল আৰু তেঁও জানি বুজি ফিঞ্চ( ভৰিত পিন্ধা ডাইভিং আহিলা) অবিহনে অভ্যাস কৰি আছিল। তাতে এই ডাইভ আকৌ বিপদজনক নহয়, সুৰক্ষিত হয়।

সংবাদ মতে, “ছিংগাপুৰত 19 চেপ্টেম্বৰ তাৰিখে  স্কুবা ডাইভিং কৰি থাকোতে, এটা দুৰ্ঘটনাত, জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তেঁও চতুৰ্থ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভালত অংশ লবলৈ ছিংগাপুৰ গৈছিল, যিটো 20 চেপ্টেম্বৰ অনুষ্ঠিত হ’বলগীয়া আছিল।” সংবাদত, টাইমছ অফ ইণ্ডিয়াৰ তৰফৰ পৰা কোৱা হৈছিল যে, জুবিন গাৰ্গৰ পত্নী গৰিমা চইকীয়ায় কৈছে যে, কণ্ঠশিল্পীজন অন্য সাত-আঁঠ জন ব্যক্তিৰ লগত এটি ইয়াছত ছিংগাপুৰৰ এখন দ্বীপত গৈছিল। তেঁও জনাইঁছে যে ড্ৰামাৰ শেখৰ আৰু সিদ্ধাৰ্থও দলটোত উপস্থিত আছিল। দলটোৰ সকলো সদস্যই লাইফ জেকেট পিন্ধি আছিল। যদিও যেতিয়া তেঁওৰ স্বামী দ্বিতীয়বাৰৰ বাবে সাঁতুৰিব গৈছিল, তেঁও মৃগীৰোগৰ চিজাৰে আক্ৰান্ত হৈছিল।” 

তাত আকৌ 22 চেপ্টেম্বৰৰ দৈনিক জাগৰণৰ সংবাদ মতে, ”এটা সংবাদমেলক সম্বোন্ধন কৰা অৱস্থাত অসমৰ মূখ্যমন্ত্ৰীয়ে কয় যে, গায়কজনৰ দ্বিতীয়টো মৰনোত্তৰ পৰীক্ষা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত(জিএমচিএইচ)-ত কৰা হ’ব, তাত এইমছ গুৱাহাটীৰ এটা দলও উপস্থিত থাকিব। শৰ্মা ডাঙৰিয়াই আৰু কয় যে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ পোৱা 7:30টা বজাত জিএমচিএইচ-লৈ অনা হ’ব আৰু প্ৰক্ৰিয়াটোত এক নাইবা দুই ঘন্টা সময় লগাৰ সম্ভাৱনা আছে।”

ভাইৰাল ভিডিঅ’ সন্দৰ্ভত নিশ্চিত হ’বলৈ আমি ইনস্টাগ্ৰাম একাউন্ট ‘ষ্টপ দি ছান’-ৰ লগত ইনস্টাগ্ৰামৰ জৰিয়তে যোগাযোগ কৰিলো। তেঁও আমাক জঁনালে যে, “এই ভিডিঅ’খনত তেঁও এজন প্ৰশিক্ষকৰ ভূমিকাত আছে, আৰু ইয়াৰ কোনো মৃত্যুৰ লগত একো সম্পৰ্ক নাই”

এতিয়া সময় আছিল ভুৱা পোষ্ট শ্বেয়াৰ কৰা ইনস্টাগ্ৰাম ব্যৱহাৰকাৰী আজাদৰ সামাজিক স্কেনিং কৰাৰ। আমি গম পালো যে, ব্যৱহাৰকাৰীজনক 871 জন মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হোৱা দাবি ভুৱা। এই ভিডিঅ’টোৰ কন্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ লগত কোনো সম্পৰ্ক নাই। স্কুবা ডাইভিঙৰ এই ভিডিঅ’টো গাৰ্গৰ মৃত্যুৰ বহুত আগৰ পৰা সামাজিক মাধ্যমত আছিল।

  • Claim Review : এই ভিডিঅ' জুবিন গাৰ্গৰ মৃত্যুৰ লগত সম্পৰ্কিত আৰু এইটো তেঁওৰ শেষ ভিডিঅ'।
  • Claimed By : Instagram user- Dilip Sharma
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later