Fact Check: সেনাৰ পুৰণী ট্ৰাক দুৰ্ঘটনা আৰু শ্বহীদৰ কফিনৰ পুৰণী ছবিৰ জৰিয়তে অসত্য বিয়পা হৈছে
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, কোলাজত ভাইৰাল হৈ থকা দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ ছবি 2024 চনৰ মে মাহৰ, শ্বহীদৰ কফিনৰ ছবিসমূহ 2013 চনৰ। পুৰণী ঘটনাসমূহৰ ছবি বিভ্ৰান্তিকৰ দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।
- By: Umam Noor
- Published: Oct 25, 2025 at 05:13 PM
- Updated: Oct 25, 2025 at 05:15 PM
নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত দুখন ছবিৰ এটা কোলাজ ভাইৰাল হৈ আছে। এই কোলাজৰ প্ৰথমখন ছবি এখনি সেনাৰ ট্ৰাক দুৰ্ঘটনাত পতিত হোৱা দেখা গৈছে।তাত আকৌ এই কোলাজৰ দ্বিতীয়টো ছবিত বহু শ্বহীদৰ পতাকাৰে মেৰিৱাই থকা কফিন দেখা পোৱা যায়। ছবিসমূহ শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, সেনাৰ গাড়িত জুই লগাৰ ফলত 6জন কৈ জৱান শ্বহীদ হোৱাৰ সাম্প্ৰতিক সময়ৰ ভিডিঅ’ পোহৰলৈ আহিছে।
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, কোলাজত ভাইৰাল হৈ থকা দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ ছবি 2024 চনৰ মে মাহৰ, শ্বহীদৰ কফিনৰ ছবিসমূহ 2013 চনৰ। পুৰণী ঘটনাসমূহৰ ছবি বিভ্ৰান্তিকৰ দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।
ভাইৰাল পোষ্টত কি আছে?
ফেচবুক ব্যৱহাৰকাৰী চুমিত ভাই -এ 16 অক্টোৱৰ তাৰিখে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, “গাড়িত জুই লগাৰ ফলত 6 জন জৱান শ্বহীদ হল। এয়া অত্যন্ত দুঃখজনক সংবাদ। সেনাৰ এখন গাড়িত জুই লাগিল, যাৰ ফলত 6 জনকৈ জৱান শ্বহীদ হৈ গল। দুৰ্ঘটনাৰ বাতৰি পোৱাৰ লগে লগে ৰেছকিউ দল ঘটনাস্থলীত উপস্থিত হল, যদিও জৱান সকলক বচাব পৰা নগল। দেশে নিজৰ বীৰ সৈনিক সকলক হেৰুৱালে। তেঁওলোকৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”
পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত
ভাইৰাল হৈ থকা এই কোলাজখনত দুখন ছবি আছে, সেই বাবে আমি আমাৰ তদন্ত দুটা ভাগত কৰাৰ সিদ্ধান্ত ললোঁ।
প্ৰথম ছবি
এই ছবিখনত সেনাৰ ট্ৰাক এখনক পথত দুৰ্ঘটনাত পতিত হোৱা অৱস্থাত দেখা গৈছে। আমাৰ তদন্তৰ আৰম্ভণীত পুনপ্ৰথমতে আমি ভাইৰাল ছবিখনক গুগল লেঞ্চৰ জৰিয়তে বিচাৰিলোঁ। অনুসন্ধান কৰি থাকোঁতে এই ছবিখন এনডিটিভি-ৰ ৱেবচাইটত 2024 চনৰ 13 মে তাৰিখে প্ৰকাশিত হোৱা এখন প্ৰতিবেদনত পোৱা গল। প্ৰদত্ত তথ্য মতে মধ্যপ্ৰদেশৰ ৰাজগড় জিলাত এখন সেনাৰ ট্ৰাক আৰু দুখন অইন বাহনৰ সংঘৰ্ষত দুজন ব্যক্তিৰ মৃত্যু হয় আৰু 15 জন আহত হয়। আৰক্ষীৰ মতে, কুৰাৱাৰ আৰক্ষী চকীৰ অন্তৰ্গত পীলুখেড়িৰ ওচৰত ৰাষ্ট্ৰীয় ঘাইপথ-46-ত এই দুৰ্ঘটনা সংঘটিত হয়।

এই সন্দৰ্ভত সংবাদ বিচাৰি থাকোঁতে, দ্য প্ৰিণ্টৰ ৱেবচাইটত 2024 চনৰ 13 মে-ৰ বাতৰি পোৱা গল। বাতৰিত, আৰক্ষী চকী প্ৰধান মেহতাব চিং ঠাকুৰৰ তৰফৰ পৰা সদৰী কৰা হয় যে, প্ৰাথমিক তথ্য অনুসৰী, সেনাৰ ট্ৰাকৰ এখন চকা ফটাৰ বাবে, ট্ৰাকখন, এখন ব্যক্তিগত বাস আৰু এখন এএচইউবি-ৰ লগত সংঘৰ্ষত লিপ্ত হয়। বাসৰ চাফাইকৰ্মী ওম কৰী আৰু(23) আৰু যাত্ৰী হৰিওম শিৱহৰে(26)-ৰ থিতাতে মৃত্যু হয়, যত নেকি অইন 15 জন আহত হয়। যত দুজন সেনাকৰ্মীও আছে।
নইদুনিয়াৰ ৱেবচাইটও এই সন্দৰ্ভত সংবাদ পোৱা গল। 2024 চনৰ 13 মে-ৰ বাতৰি মতে, “সোমবাৰ পোৱা প্ৰায় 9.30 বজাত সেনাৰ ট্ৰাক, বাস আৰু এখন গাড়িৰ সংঘৰ্ষত তিনজন ব্যক্তিৰ মৃত্যু হয়। এই ঘটনাত প্ৰায় 10 জন আহত হয়। তথ্য মতে, সেনাৰ ট্ৰাক, ক্ৰেটা গাড়ি আৰু কমলা বাসৰ ভোপালৰ ব্যৱৰা ঘাইপথত কুৰাৱৰ আৰক্ষী চকীৰ পীলুখেড়ীৰ সমীপত মুখামুখি সংঘৰ্ষ হয়। ঘটনা ৰাতিপুৱা 9.30 বজাৰ।”
দ্বিতীয় ছবি
দ্বিতীয় ছবিত পতাকাত মেৰিয়াই থকা কিছুমান কফিন দেখা যায়। ছবিৰ তদন্তৰ বাবে আমি পুন প্ৰথমতে এই ছবিখনক ক্ৰপ কৰি গুগল লেঞ্চৰ জৰিয়তে বিচাৰিলোঁ। অনুসন্ধান কৰোঁতে আমি ভয়েছ অৱ আমেৰিকাৰ ৱেবচাইটত প্ৰকাশিত এখন প্ৰতিবেদনত ছবিখন পালো। 8 আগষ্ট 2013-ৰ এই বাতৰি মতে, এই ছবিখন কাশ্মীৰত শ্বহীদ হোৱা পাঁচজন ভাৰতীয় সৈনিকৰ হয়।

ইণ্ডিয়ান এক্সপ্ৰেছৰ 7 আগষ্টৰ সংবাদ মতে, সীমান্তৰ এটি মাৰাত্মক সংঘৰ্ষত ভাৰতীয় সেনাৰ জৱান শ্বহীদ হৈ গল। চৰকাৰে জঁনাইছে যে, এই সংঘৰ্ষ মঙ্গলবাৰ পোৱা নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত, “পাকিস্তানি সেনাৰ পোচাক পৰিধান কৰা মানুহ আৰু প্ৰায় 20 জন অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ এটি দল” দ্বাৰা সংঘটিত কৰা হৈছে।
সংবাদ বিচাৰি থাকোঁতে এনডিটিভি-ৰ ৱেবচাইটত 8 আগষ্ট 2013 চনৰ এই ঘটনা সন্দৰ্ভত একেখন ভাইৰাল ছবিৰ সৈতে প্ৰতিবেদন পোৱা গল। প্ৰদত্ত তথ্য মতে, সেই সময়ৰ প্ৰতিৰক্ষা মন্ত্ৰী এ.কে. এণ্টনী-এ পাকিস্তানি সেনাৰ ওপৰত পাঁচ জন ভাৰতীয় সৈনিকৰ হত্যাৰ অভিযোগ কৰি কয় যে, এই ঘটনা পাকিস্তানি সেনাৰ “বিশেষ সৈন্যৰ” দ্বাৰা সংঘটিত কৰা হৈছিল। এণ্টনীয়ে জোৰ দি কয় যে, “আমি সকলোৱে জানোঁ যে, নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানি সেনাৰ প্ৰত্যক্ষ অংশিদাৰী অবিহনে একোৱে নহয়।”
ফোটো এজেঞ্ছি আলামীৰ ৱেবচাইটতও এইখন ছবি আপলোড হোৱা পোৱা গল। প্ৰদত্ত তথ্য মতে, “7 আগষ্ট 2013-ৰ নতুন দিল্লীৰ অৱস্থিত পালম বিমান বন্দৰত এখন শ্ৰদ্ধাঞ্জলী সমাৰোহত ভাৰতীয় সৈনিকসকলে নিজৰ শ্বহীদ সঙ্গী সকলক শেষ বিদায় জঁনায়। ভাৰতীয় সেনাৰ মতে, মঙ্গলবাৰ কাশ্মীৰৰ বিতৰ্কিত অংশত ছিজফায়াৰ লাইনৰ ওচৰত পাকিস্তানি সৈনিকৰ দ্বাৰা এটি টহলদাৰী দলৰ ওপৰত গুলিবৰ্ষণ কৰাৰ বাবে পাঁচজন জৱান শ্বহীদ হৈ গল তথা এজন আহত হয়।

পৰৱৰ্তী অনুসন্ধান প্ৰক্ৰিয়াত আমি হিন্দী আৰু ইংৰাজী কিৱাৰ্ড ব্যৱহাৰ কৰি সংবাদ বিচাৰিলোঁ, কিন্তু সেনাৰ গাড়িত জুই লগা আৰু জুই লগাৰ বাবে শ্বহীদ হোৱা সেনা জৱানৰ কোনো সাম্প্ৰতিক কালৰ সংবাদ বিচাৰি নাপালোঁ।
ভাইৰাল ভিডিঅ’ সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি আমাৰ সহযোগী, দৈনিক জাগৰণত ৰাষ্ট্ৰীয় সংবাদ আৰু ডিফেঞ্চৰ সংবাদ কাভাৰ কৰা জ্যেষ্ঠ সংবাদদাতা জেপি ৰঞ্জনৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, দুৰ্ঘটনাত পতিত হোৱা এই ট্ৰাকৰ ছবি পুৰণী হয়, সাম্প্ৰতিক সময়ে এনে কোনো ঘটনা পোহৰলৈ অহা নাই।
এতিয়া সময় আছিল বিভ্ৰান্তিকৰ পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ চ’চিয়েল স্কেনিং কৰাৰ। গম পোৱা গল যে চুমিত ভাই-ক দু লাখৰও অধিক মানুহে অনুসৰণ কৰে। আকৌ, ব্যৱহাৰকাৰীৰ নিজস্ব তথ্য মতে, তেঁও শাহজাহানপুৰৰ বাসিন্দা।
সামৰণী: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, কোলাজত ভাইৰাল হৈ থকা দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ ছবি 2024 চনৰ মে মাহৰ, শ্বহীদৰ কফিনৰ ছবিসমূহ 2013 চনৰ। পুৰণী ঘটনাসমূহৰ ছবি বিভ্ৰান্তিকৰ দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।
- Claim Review : সেনাৰ গাড়িত জুই লগাৰ ফলত 6 জন জৱানৰ শ্বহীদ হোৱাৰ সাম্প্ৰতিক সময়ৰ ঘটনা পোহৰলৈ আহিছে।
- Claimed By : ফেচবুক ব্যৱহাৰকাৰী- চুমিত ভাই
- Fact Check : Misleading
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











