Fact Check: ৰাহুল গান্ধীৰ পুৰণী সাক্ষাৎকাৰক এটাক বিভ্ৰান্তীকৰ দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে, মৌনতা অৱলম্বন কৰাৰ দাবি ভুৱা
লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ এটি ভিডিঅ সামাজিক মাধ্যমত ভাইৰাল হৈ আছে।
- By: Pallavi Mishra
- Published: Nov 19, 2025 at 08:09 PM
নতুন দিল্লী(বিশ্বাস নিউজ)। লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ এটি ভিডিঅ সামাজিক মাধ্যমত ভাইৰাল হৈ আছে। ভিডিঅটোত দাবি কৰা হৈছে যে, এক সাক্ষাৎকাৰ চলি থকা সময়ত ৰাহুল গান্ধীক কঠিন এটা প্ৰশ্ন সোধাৰ পিছত, তেঁও চুপ হৈ গল আৰু উত্তৰ দিব নোৱাৰিলে।
বিশ্বাস নিউজে ভাইৰাল পোষ্টৰ তদন্ত কৰিলে আৰু গম পালে যে, ভিডিঅটো এখন সম্পাদিত ভিডিঅ।
ভাইৰাল পোষ্টত কি আছে
থ্ৰেডছ ব্যৱহাৰকাৰী ‘manoj_tiruwa_198‘ এ 12 নভেম্বৰ 2025 তাৰিখে এই ক্লিপটো পোষ্ট কৰিলে আৰু কেপচনত লিখিলে যে, “এই স্বল্প বুদ্ধিমান ব্যক্তিজনে প্ৰধানমন্ত্ৰী হ’ব বিছাৰে”
পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত
এই পোষ্টটোৰ তদন্ত কৰাৰ বাবে আমি এই ভিডিঅটোৰ বহুত কিফ্ৰেম ওলালো আৰু সেইসমূহ গুগল লেঞ্চ টুলৰ জৰিয়তে বিছাৰিলোঁ। এই সম্পূৰ্ণ ভিডিঅখন আজতক-ৰ ইউটিউব চেনেলত 2014 চনৰ 13 এপ্ৰিল তাৰিখে আপলোড হোৱা দেখা পোৱা গল। ইয়াত লগত থকা বিৱৰণত লিখা আছিল যে, “এই আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ উপ-সভাপতি ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ 2014 চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰ, বিজেপি, তেঁওৰ প্ৰধানমন্ত্ৰী পদৰ আকাংক্ষা আৰু বহুত বিষয়ে স্পষ্টভাৱে কয়”
বিশ্বাস নিউজে আগতেও এই ভিডিঅটোৰ তদন্ত কৰিছিল। সেই সময়ত কৰা তদন্তৰ সৱিশেষ ইয়াত পঢ়িব পাৰিব।
সম্পূৰ্ণ সাক্ষাৎকাৰ চোৱাৰ পিছত আমি গম পালো যে, আমি জানিব পাৰিলোঁ যে, ভাইৰাল ভিডিঅটোৰ বিপৰীতে ৰাহুল গান্ধীয়ে পূৰ্বৰ বক্তব্যৰ বিষয়ে বিশদভাবে কবলৈ কোৱাৰ সময়ত মৌনতা অৱলম্বন কৰা নাছিল, বৰঞ্চ সম্পূৰ্ণ সঁহাৰি দিছিল। ভিডিঅটোৰ ক্লিপবোৰ লৈ পুনৰ একত্ৰিত কৰি এটা বিভ্ৰান্তিকৰ আখ্যান সৃষ্টি কৰা হৈছে যিটো এতিয়া প্ৰচাৰিত হৈছে।
গোটেই সাক্ষাৎকাৰ চোৱাৰ পিছত আমি আৱিষ্কাৰ কৰিলোঁ যে, ভাইৰাল ক্লিপটোত সোধা প্ৰশ্নটোৰ ওপৰত ৰাহুল গান্ধীয়ে মৌনতা অৱলম্বন কৰা নাছিল, বৰঞ্চ সম্পূৰ্ণ উত্তৰ দিছিল। গোটেই ভিডিঅটো চোৱাৰ লগে লগে আমি গম পালো যে, ভাইৰাল ক্লিপটোৱে প্ৰায় 28 মিনিটৰ সাক্ষাৎকাৰটোৰ কেইবাটাও মুহূৰ্ত একেলগে লগলগাই দিছে, যাতে ৰাহুল গান্ধীয়ে ভুল উত্তৰ দিয়াৰ দৰে দেখাব পৰা যায়। ভিডিঅটোত বিভিন্ন স্থানৰ পৰা ক্লিপ লৈ সোমাই দিয়া হৈছিল। “মই কৰিম আপুনি দেখিব, ফল যিয়েই নহওক কিয় আপুনি দেখিব এয়াই কব” শিতানটো 26.35 বজাত দেখা যায়। আনহাতে “মই লাগি আছো,” 12.23 বজাত দেখা যায়। “মই লাগি আছো, লাগি থাকিম আৰু মই ভাবো যে, যদি শেষত বিজয়ী হ’ব লগা হয়”, এই অংশটো 12.40 ৰ পৰা লোৱা হৈছে। ভিডিঅটোত “এইযে আপুনি জেকেট, জোতা পিন্ধিছে”, অংশটো 13.15 মিনিটত আছে, যত “এয়া সলাই পেলাব লাগিব। সাক্ষাৎকাৰ লঁওতা ব্যক্তি-কিদৰে…..…” অংশটো 12.51 মিনিটৰ পৰা লোৱা হৈছে। ভিডিঅটোৰ শেষৰ মুখভঙ্গি 12.58 মিনিটৰ পৰা লোৱা হৈছে।
অনুসন্ধান প্ৰক্ৰিয়া আগবঢ়াই নিঁওতে আমি জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰনৱ ঝা-ৰ লগত কথা পাতিলোঁ, যিজনে এই পোষ্টটো ভুৱা আৰু ক্লিপটো সম্পাদিত বুলি জনাইছে।
এই সম্পাদিত ভিডিঅটো এবাৰ আগতেও ভাইৰাল হৈছিল আৰু সেই সময়তও বিশ্বাস নিউজে ইয়াৰ তদন্ত কৰিছিল। সেই সময়ত কৰা তদন্তৰ সৱিশেষ ইয়াত পঢ়িব পাৰিব।
সম্পাদিত ভিডিঅটোক ভুৱা দাবিৰ সৈতে শ্বেয়াৰ কৰা থ্ৰেডছ ব্যৱহাৰকাৰীজনৰ manoj_tiruwa_198 অনুসৰণকাৰী আছে।
সামৰণি বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোৱা গল যে, ভিডিঅটো সম্পাদিত । ৰাহুল লগান্ধীৰ পুৰণী এখন ভিডিঅৰ বেলেগ বেলেগ অংশ সম্পাদিত কৰি ভুল তথ্য বিয়পা হৈছে।
- Claim Review : কঠিন প্ৰশ্ন সোধাৰ বাবে লোকসভাৰ বিৰোধী নেতা তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী মৌনতা অৱলম্বন কৰিলে।
- Claimed By : থ্ৰেডছ ব্যৱহাৰকাৰী manoj_tiruwa_198'
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











