Fact Check: SIR ৰ বাবে সীমান্ত অতিক্ৰম কৰা বাংলাদেশীসকলৰ দাবিৰ সৈতে ভাইৰাল ভিডিঅ’ বাংলাদেশৰ
সামাজিক মাধ্যমত ভাইৰাল হৈছে SIR-ৰ সৈতে সম্পৰ্ক থকা এটা ভিডিঅ' য'ত দেখা গৈছে যে নদী পাৰ হ'বলৈ লোকসকলক শাৰী পাতি ৰৈ আছে।
- By: Umam Noor
- Published: Nov 21, 2025 at 06:08 PM
নতুন দিল্লী(বিশ্বাস নিউজ)। সামাজিক মাধ্যমত ভাইৰাল হৈছে SIR-ৰ সৈতে সম্পৰ্ক থকা এটা ভিডিঅ’ য’ত দেখা গৈছে যে নদী পাৰ হ’বলৈ লোকসকলক শাৰী পাতি ৰৈ আছে। ভিডিঅ’টো শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, বাংলাদেশীসকল বাংলাদেশলৈ ঘুৰি অহাৰ কাৰণ হৈছে SIR আৰু এই ভিডিঅ’টো এই ঘটনাৰ ভিডিঅ’।
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল ভিডিঅ’ বাংলাদেশৰ হয়। বাংলাদেশৰ ভিডিঅ’টোক SIR-ৰ লগত যুক্ত কৰি প্ৰচাৰ কৰা হৈ আছে।
কি আছে ভাইৰাল পোষ্টত?
ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, “SIR-ৰ আতঙ্ক, বাংলাদেশীসকলে পলাই গৈ আছে বাংলাদেশলৈ! #আন্তৰাষ্ট্ৰীয়_হিন্দু_সেনা।’
পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক
তদন্ত
আমাৰ তদন্তৰ আৰম্ভণীত আমি ভাইৰাল ভিডিঅ’-ৰ এটা কি-ফ্ৰেম উলিয়াই গুগ’ল লেন্সৰ জৰিয়তে বিচাৰিলোঁ।অনুসন্ধান কৰি থাকোঁতে ভিডিঅ’টো বাংলাদেশৰ পৰা পৰিচালনা কৰা এখন ফেচবুক গ্ৰুপত ভাইৰাল ভিডিঅ’ এটা দৃশ্য আপলোড হোৱা দেখা পোৱা গ’ল। 31 ডিচেম্বৰ 2024-ৰ এই পোষ্টত ছবিখনক মহেশখালী ঘাটৰ বুলি উল্লেখ কৰা হৈছে।
এই ভিত্তিত কি-ৱাৰ্ডৰ সহায়ত আমি বাতৰি বিচাৰিলোঁ। অনুসন্ধানত itvbd ডট কম-ৰ পৰা গম পোৱা গ’ল যে, 2025-ৰ 11 নভেম্বৰৰ সংবাদ মতে, ঘটনাটো এখন ঘাটৰ য’ত নদী পাৰ হ’বলৈ প্ৰায় দুই লাখ মানুহ ভঙা পুৰণী ঘাটৰ ঠাইত, কাঠেৰে নিৰ্মিত অস্থায়ী ঘাট ব্যৱহাৰ কৰি আছে। এই ঘাটটো অত্যন্ত সংকটজনক। নাওত উঠাৰ সময়ত প্ৰায় পিছল খাই পড়ি দুৰ্ঘটনা সংঘটিত হৈ থাকে। জোৱাৰৰ সময়ত ঘাটটো অধিক সংকটজনক অৱস্থাত পতিত হয়। প্ৰশাসনে সঠিকভাবে চকু নিদিয়াৰ ফলত ট্ৰলাৰ চালকসকলে পৰিমানতকৈ অধিক যাত্ৰী বহাই লৈ নৈ পাৰ কৰায়। পৌৰসভা প্ৰশাসনে, নদীখনৰ ওপৰেৰে এখন ওলমি দলং নিৰ্মান কৰাৰ কথা ঘোষণা কৰিছে।
অনুসন্ধান প্ৰক্ৰিয়াত ইন্ডিপেন্ডেন্ট টিভিৰ ইউটিউব চেনেলতও এই স্থানৰ ভিডিঅ’ পোৱা গ’ল। তথ্য মতে, এয়া মংগলা ঘাট, য’ত বেয়া অৱস্থা হোৱা সত্তেও মানুহে নদী পাৰ কৰি আছে।
ইন্ডিয়ান এক্সপ্ৰেছৰ 20 নভেম্বৰৰ ৰিপোৰ্ট মতে, “এচআইআৰৰ ঘোষণাৰ পিছত হাকিমপুৰ সীমান্তত ‘ৰিৱাৰ্ছ এক্সোডছ’ -ৰ দৰে অৱস্থা হৈ আছে। বিএচএফ বিষয়াসকলৰ মতে, নভেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা প্ৰায় প্ৰতিদিন 100-150 অবৈধ বাংলাদেশী বাৰত এৰি উভটি যোৱাৰ চেষ্টা কৰি আছে। এচআইআৰ- এনুসৰি বুথ-লেভেল কৰ্মচাৰীসকলে ঘৰে ঘৰে নথিপত্ৰ চাই আছে, যাৰ ফলত যিসলক ব্যক্তিৰ লগত ভাৰতীয় পৰিচয়পত্ৰ নাই নাইবা যাৰ পৰিচয়পত্ৰসমূহ সন্দেহজনক, তেঁওলোকে আটক হোৱাৰ ভয়ত আছে। বহু প্ৰৱাসীৰ বিশ্বাস যে, যদি তেঁওলোক বাংলাদেশলৈ উভতি যায়, তেন্তে তেঁওলোকৰ নথিপত্ৰ দেখুৱাই সহজে পুশবেক প্ৰক্ৰিয়াৰ মাধ্যমে উভতাই পঠাই দিয়া হ’ব।” ৰিপোৰ্টত এয়াও উল্লেখ কৰা হৈছে যে, বহুত মহিলা, বয়সস্থ ব্যক্তি আৰু শিশুক তেঁওলোকৰ বেগ লই সীমান্তত বহি থকা দেখা গৈছে।
নিৰ্বাচলন আয়োগে সাম্প্ৰতিক সময়ত এচআইআৰ-ৰ দ্বিতীয় স্তৰ আৰম্ভ কৰাৰ ঘোষণা কৰিছে। এক সাংবাদিক মেলত, প্ৰধান নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে কৈছে যে, এই স্তৰত 12 টা ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চল অন্তৰ্ভুক্ত হব। ইয়াত আছে, আন্দামান-নিকোবৰ, লক্ষদ্বীপ, ছত্তিশগড়, গোৱা, গিজৰাট, কেৰল, মধ্যপ্ৰদেশ, পুডুচেৰী, ৰাজস্থান, তামিলনাড়ু, উত্তৰপ্ৰদেশ আৰু পশ্চিমবঙ্গ। আয়োগৰ মতে, এই প্ৰক্ৰিয়াৰ উদ্দেশ্য হল, ভোটাৰ তালিকাত সঠিক ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰা আৰু ভুল নাইবা একাধিকবাৰ সন্নিবিষ্ট হোৱা নাম আঁতৰাই দিয়া।
ভাইৰাল ভিডিঅ’ সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি বাংলাদেশৰ সাংবাদিক সাজ্জাদ হুচেইন চৌধুৰিৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জঁনালে যে, এয়া বাংলাদেশৰ ভিডিঅ’। এয়া বাগেৰহাট জিলাৰ মঙ্গলা বন্দৰ হয়।
এতিয়া সময় আছিল ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীৰ সামাজিক স্কেনিং কৰাৰ। গম পৰোৱা গ’ল যে ব্যৱহাৰকাৰীজনক 43 হাজাৰ মানুহে অনুসৰণ কৰে।
সামৰণী: আমাৰ তদন্তত গম পোৱা গ’ল যে, ভাইৰাল ভিডিঅ’ ভাৰতৰ নহয়, এয়া বাংলাদেশৰ। এটিক এচআইআৰ-ৰ লগত যুক্ত কৰি শ্বেয়াৰ কৰা হৈ আছে।
- Claim Review : এছআইআৰ-ৰ ভয়ত পশ্চিম বঙ্গত থকা বাংলাদেশীসকল, বাংলাদেশত উভতি গই আছে আৰু এয়া েই ঘটনাৰ ভিডিঅ'।
- Claimed By : ফেচবুক ব্যৱহাৰকাৰী- Day Care Home -crech
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











