Fact Check: মিঠুন চক্ৰৱৰ্তীৰ মৃত্যু হোৱা নাই, আকৌ ভাইৰেল হৈছে FAKE নিউজ
ছ’চিয়েল মিডিয়াত প্ৰায়েই চেলিব্ৰিটিসকলৰ মৃত্যুৰ উৰা বাতৰি ভাইৰেল হৈ থাকে। বিভিন্ন সময়ত বলিউড আৰু হলিউডৰ বিখ্যাত তাৰকাসকলৰ মৃত্যুৰ মিছা বাতৰি প্ৰচাৰ কৰা হৈছে, পাছলৈ সেইবোৰ ভুল বুলি প্ৰমাণিত হৈছে।
- By: Umam Noor
- Published: Mar 13, 2025 at 04:02 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত প্ৰায়েই চেলিব্ৰিটিসকলৰ মৃত্যুৰ উৰা বাতৰি ভাইৰেল হৈ থাকে। বিভিন্ন সময়ত বলিউড আৰু হলিউডৰ বিখ্যাত তাৰকাসকলৰ মৃত্যুৰ মিছা বাতৰি প্ৰচাৰ কৰা হৈছে, পাছলৈ সেইবোৰ ভুল বুলি প্ৰমাণিত হৈছে। শেহতীয়াকৈ আকৌ বলিউডৰ আগশাৰীৰ অভিনেতা মিঠুন চক্ৰৱৰ্তীক লৈ এটা বাতৰি তীব্ৰ গতিত ভাইৰেল হৈ আছে। এই বাতৰিত দাবী কৰা হৈছে যে, মিঠুন চক্ৰৱৰ্তীৰ মৃত্যু হৈছে। এই উৰা বাতৰিক সঁচা বুলি ভাবি বহু কেইজন ছ’চিয়েল মিডিয়া ইউজাৰে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আৰম্ভ কৰিছে লগতে মিঠুনৰ স্মৃতিত প’ষ্টাৰ শ্বেয়াৰ কৰি আছে।
বিশ্বাস নিউজে ভাইৰেল হৈ থকা এই দাবীক লৈ অনুসন্ধান চলাইছে আৰু গম পাইছে যে এয়া সম্পূৰ্ণ ৰূপত ভুল আৰু ভিত্তিহীন কথা হয়। মিঠুন চক্ৰৱৰ্তীৰ মৃত্যুৰ এই বাতৰি কেৱল এটা উৰা বাতৰিৰ বাহিৰে আন একো নহয়। অভিনেতা জন সম্পূৰ্ণ ৰূপত সুস্থ আৰু তেওঁৰ মৃত্যুৰ বাতৰি মিছা হয়।
ভাইৰেল প’ষ্টত কি আছে?
ফেচবুক পেজ ‘পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ’ 9 মাৰ্চত মেছেজ এটাত লিখিছে, “মিঠুন চক্ৰৱৰ্তীৰ মৃত্যু হৈছে, যিসকলে তেওঁৰ মৃত্যুত শোকাতুৰ হৈছে তেওঁলোকে অৱশ্যেই উপস্থিতি জনাওঁক।”
প’ষ্ট-ৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাওঁক।

অনুসন্ধান
আমি নিজৰ অনুসন্ধান আৰম্ভ কৰি পোন প্ৰথমতে নিউজ ছাৰ্চ কৰিছিলোঁ। এনেকুৱা কোনো বাতৰিত সত্যতা থাকিলে সেই সম্বন্ধে তথ্য আমাৰ হাতত আহিবই। কিন্তু, নিউজ ছাৰ্চ কৰাৰ পাছতো আমি কোনো এখন বিশ্বাসযোগ্য নিউজ ৱেবছাইটতো সেই সম্বন্ধীয় বাতৰি বিচাৰি নাপালোঁ।
অনুসন্ধানক আগুৱাই লৈ আমি মিঠুন চক্ৰৱৰ্তীৰ অফিচিয়েল ছ’চিয়েল মিডিয়া একাউণ্টসমূহক-ক চালিজাৰি চাবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া দেখা পালোঁ যে, 2021-ৰ পাছত তেওঁ নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডলত সক্ৰিয় হৈ থকা নাই।
অনুসন্ধানক আগুৱাই লৈ গৈ আমি মিঠুন চক্ৰৱৰ্তীৰ পুত্ৰ মহাক্ষয় চক্ৰৱৰ্তীৰ ইনষ্টাগ্ৰাম হেণ্ডল চেক কৰি চালোঁ আৰু তেওঁৰ প্ৰফাইলতো ভাইৰেল প’ষ্টৰ সৈতে সম্বন্ধ থকা কোনো তথ্য আমি নাপালোঁ।
বিশ্বাস নিউজে ভাইৰেল প’ষ্টৰ বিষয়ে নিশ্চিত হোৱাৰ কাৰণে মুম্বাইত দৈনিক জাগৰণৰ জ্যেষ্ঠ সাংবাদিক স্মিতা শ্ৰীবাস্তৱৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ বলিউডৰ বাতৰি কৰি থাকে। তেওঁ আমাক নিশ্চিত ভাৱে জনাইছে যে, মিঠুন চক্ৰৱৰ্তীৰ মৃত্যু তো হোৱাই নাই, এয়া ভুল বাতৰি হয়।
এয়া প্ৰথম বাৰ নহয় যে অভিনেতা মিঠুন চক্ৰৱৰ্তীক লৈ ভুৱা বাতৰিৰ প্ৰচাৰ হৈছে। যোৱা বছৰ ফেব্ৰুৱাৰীত তেওঁ হস্পিটেলত ভৰ্তি হোৱাৰ পাছতো তেওঁৰ অনুৰাগী ভক্তসকলৰ মাজত তেওঁৰ মৃত্যুৰ উৰা বাতৰি বিয়পি পৰিছিল। সেয়াও বিশ্বাস নিউজে ফেক্ট চেক কৰি চাইছে। আমাৰ সেই আৰ্টিকল ইয়াত পঢ়ি চাব পাৰে।
সদৌ শেষত আমি ভুৱা প’ষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজ ‘পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ’-ৰ ছ’চিয়েল স্কেনিং কৰিছোঁ। তেতিয়া গম পালোঁ যে এই পেজৰ এক লাখৰ অধিক মেম্বাৰ আছে।
সিদ্ধান্ত: বিশ্বাস নিউজে ভাইৰেল হৈ থকা এই দাবীক লৈ অনুসন্ধান চলোৱাৰ পাছত গম পাইছে যে এয়া সম্পূৰ্ণ ৰূপত ভুল আৰু ভিত্তিহীন কথা হয়। মিঠুন চক্ৰৱৰ্তীৰ মৃত্যু সম্বন্ধীয় বাতৰিটো এটা উৰা বাতৰিৰ বাহিৰে আন একো নহয়। অভিনেতা জন সম্পূৰ্ণ ৰূপত সুস্থ আৰু তেওঁৰ মৃত্যুৰ বাতৰি মিছা হয়।
- Claim Review : মিঠুন চক্ৰৱৰ্তীৰ মৃত্যু হৈছে।
- Claimed By : FB Page- পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠ
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











