
নতুন দিল্লী (বিশ্বাস টীম) কোৰোনা ভাইৰাচৰ বাঢ়ি আহা সংক্ৰামণক বাধা প্ৰদান কৰিবলৈ মানুহক ঘৰৰ ভিতৰত থাকিবলৈ চৰকাৰৰ অপীলৰ পাচত ছোচিয়েল মিডিয়াত এটা ভিডিও তীব্ৰগতিত ভাইৰেল হৈ আছে,য’ত মানুহক ঘৰত থাকিবলৈ চৰকাৰে আহ্বান কৰিছে যে চৰকাৰে আকাশৰ পৰী ঔষধ চতিয়াৰ যোজনা কৰি আছে, যিটোৰ প্ৰভাৱ সৰু শিশু আৰু বয়োজ্যেষ্ঠৰ ওপৰত পৰিব পাৰে| বিশ্বাস নিউজৰ তদন্তত এই দাবা মিঠ্যা বুলি ওলাল| কেন্দ্ৰ বা ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বতাহত কোনো ঔষধ চিটিকোৱা কোনো যোজনা বনোৱা নাই আৰু তেনে কৰাও নাই| এই দাবীৰ লগতে ভাইৰেল হৈ থকা ভিডিও সৈন্য সমাৰোহৰ সময়ত দেখুৱা অভ্যাসৰ নমুনাহে|
কি আছে ভাইৰেল পোষ্টত?
ফেচবুক ইউজাৰ ‘Ogg Olivia’ ই ভিডিওটো ছেয়াৰ কৰি লিখিছে, ‘ কালি সমগ্ৰ ভাৰতে ঔষধ চতিয়া হ’ব আৰু ইয়াৰ প্ৰভাৱ সৰু সৰু শিশু আৰু 50 বছৰৰ উৰ্ধৰ বয়সৰ ব্যক্তিৰ ওপৰত পৰিব পাৰে, সেইবাবে সকলো নিজৰ নিজৰ ঘৰৰ ভিতৰত থাকিব আৰু এই জাননী আনকো দিয়ক, (জয় হিন্দ) মিত্রসকল|
তদন্ত কৰাৰ সময়লৈকে এই ভিডিও প্ৰায় 700 ৰো অধিক ইউজাৰে ছেয়াৰ কৰিলেই ,আৰু 7000 ৰো অধিক লোকে দেখিছে| ছচিয়েল মিডিয়াৰ বেলেগ-বেলেগ প্লেটফৰ্মত এই ভিডিওক আৰু একে ধৰণৰ দাবীৰ সৈতে লোকে ছেয়াৰ কৰি আছে|
( ভাইৰেল ফেচবুক পোষ্টৰ আৰ্কাইভ লিংক)
তদন্ত
ভাইৰেল ভিডিওত এখন হেলিকপ্টাৰ দেখুৱাইছে, য’ত ৰচীত ওলমি আছে কিছুমান যোৱান দেখা গৈছে| InVidৰ সহায়ত ভিডিওৰ কী- ফ্ৰম্সক আমি ৰিভাৰ্চ ইমেজ কৰিলোঁ| ইয়াংডেক্স চাৰ্চত আমি এনেকৈ বহু ইউজাৰ্চৰ ভিডিও পালোঁ য’ত একেই ভিডিওৰ ব্যৱহাৰ কৰিছে|
ইউটিউব চেনেল INDIAN Aditya Reddy এ 4 ডিচেম্বৰ 2018 ত এই ভিডিওটো আপলোড কৰে। জাননী দিয়াৰ অনুসাৰে, এই ভিডিও 4 ডিচেম্বৰ 2018 ত বিশাখাপত্তনমত ভাৰতীয় নৌসেনা দিৱসৰ সময়ত হোৱা কাৰ্য্যক্ৰমৰ আছিল।
অন্য এক ইউটিউব চেনেল madhu telugu ammaye তো এই ভিডিও 4 ডিচেম্বৰ 2018 ত আপলোড কৰা গৈছিল। জনোৱা মতে এই ভিডিওটো 4 ডিচেম্বৰত বিশাখাপত্তনমত আৰ কে বীচত হোৱা নৌসেনা দিৱস সমাৰোহৰ। এই ভিডিওৰ লগত ইউজাৰে নিজৰ ফেচবুক প্ৰফাইলৰো লিংক ছেয়াৰ কৰিছে। লিংকত ক্লিক কৰাত আমি মাধুৰী ৰাওৰ ফেচবুক প্ৰোফাইল পালোঁ, তাত তেওঁ নিজৰ পূৰা নাম মাধুৰী শ্ৰীনিৱাস বুলি জনাইছে আৰু তেওঁ বিশাখাপত্তনমত থাকে।
বিশ্বাস নিউজে এইটো লৈ ভাৰতীয় নৌসেনাৰ সৈতে যোগাযোগ কৰে। ভাৰতীয় নৌসেনাৰ প্ৰবক্তা আৰু কামাণ্ডাৰ বিবেক মাধৱালে ক’লে যে ভাইৰেল ভিডিওটোৰ কোৰোনাৰ প্ৰতিৰোধৰ বাবে বতাহত ঔষধ চতিওৱাৰ কথাৰ দাবীৰ কোনো সম্পৰ্ক নাই। তেখেতে জনালে ,’ ভাৰত চৰকাৰে নৌসেনাক কোৰোনাক বাধা দিবলৈ বতাহত কোনো প্ৰকাৰৰ ঔষধ চতিয়াবলৈ দায়িত্ব দিয়া নাই।ভাইৰেল হৈ থকা দাবী নিৰাধাৰ হয়।’ তেখেতে ক’লে যে ভিডিওটো দেখিও অনুমান কৰিব পাৰি যে ই কোনো ধৰনৰ ঔষধ বতাহত চতিয়া নাই।
WHO ৰ মতে কোৰোনা ভাইৰাচ এক সংক্ৰামক, এজনৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। এতিয়া লৈকে এই ভাইৰাচৰ বতাহৰ জড়িয়তে বিয়পাৰ কথা প্ৰমান হোৱা নাই। WHO ৰ ৱেবচাইটত এই ভাইৰাচৰ বিয়পা, সংক্ৰামণ আৰু ৰক্ষা পোৱাৰ সৈতে জড়িত জানিবলগীয়া চাব পাৰি।
বিশ্বাস নিউজে এই কথাত ভাৰতীয় বায়ু সেনাৰ সৈতেও যোগাযোগ কৰে। ভাৰতীয় বায়ু সেনাৰ প্ৰবক্তা আৰু উইং কামাণ্ডাৰ ইন্দ্ৰনীল নন্দীয়ে বিশ্বাস নিউজক জনায় যে ‘ চৰকাৰৰ ফালৰ পৰা আমাক কোনো প্ৰকাৰৰো ঔষধ বতাহত চিটিকাবলৈ কোৱা নাই।
পীআইবী ৰ জড়িয়ে কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰাও এই ভাইৰেল মেচেজৰ খণ্ডন কৰা গৈছে।
ভাইৰেল ভিডিও ছেয়াৰ কৰা ফেচবুক ইউজাৰ Oggy Olivia ই নিজৰ প্ৰোফাইলত নিজেই ভূটানত থাকে বুলি জনাইছে। তেওঁক 157 লোকে ফলো কৰে।
নিষ্কৰ্ষঃ কোৰোনা ভাইৰাচৰ প্ৰতিৰোধৰ বাবে বতাহত ঔষধ চতিওৱা বুলি দাবীৰ সৈতে ভাইৰেল হৈ থকা ভিডিও ভুল। কেন্দ্ৰ চৰকাৰে এই ভাইৰাচৰ প্ৰতিৰোধৰ বাবে মানুহক ঘৰৰ ভিতৰত থাকিবলৈ উপদেশ দিছে।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.