
নতুন দিল্লী (বিশ্বাস টীম)| কোৰোনা ভাইৰাচ বঢ়ি থকা সময়তে চোছিয়েল মিডিয়াত ইয়াৰ উপচাৰৰ বিষয়ত বহু প্ৰকাৰৰ উৰাবাতৰি বিয়পাই আছে| ভাইৰেল হোৱা এটা পোষ্টত দাবী কৰিছে যে কোৰোনা ভাইৰাচ কোনো ব্যক্তিৰ ডিঙিত চাৰি দিনলৈ থাকে আৰু সেই সময়চোৱাত যদি ব্যক্তিজনে গৰম পানীত নিমখ বা ভিনেগাৰ দি সেৱন কৰে, তেতিয়া হ’লে তেওঁ এই ভাইৰাচৰ পৰা ৰক্ষা পাৰিব পাৰে|
বিশ্বাস নিউজৰ তদন্তত এইটো প্ৰমানিত হ’ল| ডাক্তৰৰ মতে গৰম পানীৰ সহায়ত জৰুৰ ডিঙি পৰিস্কাৰ হ’ব পাৰে, কিন্তু এইটো নিশ্চয়কৈ ক’ব পাৰি যে এইটো কোৰোনা ভাইৰাচৰ দ্বাৰা হোৱা সংক্ৰমণৰ চিকিৎসা নহয়|
কি আছে ভাইৰেল পোষ্টত?
ফেচবুক ইউজাৰ ‘Karnal News headlines’ এ ইন্ফ্ৰোগ্ৰাফিক্স ছেয়াৰ কৰি লিখিছে, কোৰোনা ভাইৰাচ হাঁওফাওঁ গৈ পোৱাৰ আগতে ডিঙিত 4দিন থাকে|সেই অৱস্থাত ব্যক্তিজনৰ ডিঙিত বিষ আৰু কফৰ সমস্যা হয়| যদি আপুনি খুব পানী খায়, আৰু গৰম পানীত নিমখ অথবা ভিনেগাৰ মিহলাই গাৰগোল কৰে তেতিয়া ভাইৰাচ খটম হৈ যায়| এই জাননী সকলোলৈ ওচৰলৈ পঠিয়াক, কাৰণ আপুনি এই জাননী দি কাৰোবাৰ প্ৰাণ বচাব পাৰে| জনহিতৰ বাবে জাৰী কৰা হৈছে|
ফেচবুকত ভাইৰেল হৈ পৰিছে এই ভ্ৰান্তিকাৰক পোষ্ট|
তদন্ত কৰি থকাৰ সময়ত এই পোষ্টটো 600 ৰো অধিক ইউজাৰে ছেয়াৰ কৰিলেই| কেইবাটাও অন্য ছচিয়েল মিডিয়া ইউজাৰে এই পোষ্টৰ লগত মিলা একেধৰণৰ দাবী কৰি পোষ্ট ছেয়াৰ কৰিছে|
( ভাইৰেল ফেচবুক পোষ্টৰ আৰ্কাইব লিংক তাত চাওঁক)
তদন্ত
ভাইৰেল পোষ্টত দাবী কৰা হৈছে যে কোৰোনা ভাইৰাচ ডিঙিত চাৰিদিনলৈ বাচি থাকে| এই বিষয়ে যেতিয়া আমি বিশ্ব স্বাস্থ্য সংগঠন (WHO)ৰ ৰিপোৰ্ট চালো, তেতিয়া গম পালোঁ যে এই ভাইৰাচ জী থকাৰ সময় সীমা 1-14 দিন হয়| অধিকাংশ ঘটনাত এই সময় পাঁচ দিনলৈ হয়|
WHOৰ ৰিপোৰ্টৰ অনুসাৰে নিমখ পানীৰে বাৰে বাৰে নাক চাফা কৰিলে এই ভাইৰাচৰ পৰা ৰক্ষা পোৱা দাবীটো ভুল| আনহাতে এনে কৰিলে চৰ্দী পানী লগাৰ পৰা সকাহ পাব পাৰে আৰু এই কথাও সীমিত ক্ষেত্রত| কিন্তু কোৰোনা ভাইৰাচক ঠিক কৰিব পাৰিব বুলি কোৱাটো ভুল|
প্ৰেছ ইন্ফোৰ্মিচন ব্ৰুৰোইও এই দাবী ভুল বুলি জনাই কয় যে, গৰম পানীত নিমখ বা ভিনেগাৰ মিলাই গাৰগোল কৰিলে কোৰোনা ভাইৰাচৰ সমক্ৰামন ঠিক নহয়| পীআইবিৰ মতে এই ফৰ্জী খবৰ, যিটো ছোচিয়েল মিডীয়াত আৰু ৱাপচপত বিয়পায় আছে|
চেন্টাৰ ফৰ ডিজিজ কন্টোল এণ্ড প্ৰিভেনচন ৰ মতে বৰ্তমান কোৰোনা ভাইৰাচৰ সিকিৎসাৰ বাবে কোনো ভেকচিন উপলব্ধ হোৱা নাই|
বিশ্বাস নিউজে এইটো লৈ আয়ুস মন্ত্রালয়ৰ ফাৰ্মকোভিজিলেন্স অফিচাৰ ডা০ বিমল এন ৰ লগত কথা পাতিলে| তেখেতে ক’লে, এই কোৰোনা ভাইৰাচৰ সংক্ৰামনৰ কোনো চিকিৎসা নাই|নিমখ দিয়া গৰম পানীৰে গাৰগোল কৰিলে চৰ্দীৰ পৰা সকাহ পোৱা এই কথাটোৰো অতি নগণ্য প্ৰমান আছে কিন্তু এইটোৰ মানে নহয় যে ইয়াৰে কোৰোনা ভাইৰাচৰ চিকিৎসা কৰিব পাৰি|
ভাইৰেল পোষ্ট ছেয়াৰ কৰোঁতা ফেচবুক পেজ Karnal News headlines ক প্ৰায় 17 হাজাৰ লোকে ফ’লো কৰে|
নিষ্কৰ্ষঃ গৰম পানীত নিমখ বা ভিনেগাৰ দি গাৰগোল কৰিলে কোৰোনা ভাইৰাচৰ সংক্ৰামনৰ পৰা মুক্তি পোৱা দাবীৰে সৈতে ভাইৰেল হোৱা পোষ্টটো ভ্ৰান্তিকাৰক|
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.