
নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত এখন ফটো ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ফটোখন হৈছে ক’ভিড-১৯ ভেকচিনেশ্যনৰ পিছত এখন চিকিৎসালয়ত সংঘটিত হোৱা হিংসাত্মক কাৰ্যৰ ফটো। বিশ্বাস নিউজৰ তৰফৰ কৰা অনুসন্ধানত এই ছবিৰ দাবী ভুৱা বুলি প্ৰতিপন্ন হৈছে। হাস্পতালত সংঘটিত এই হিংসাত্মক কাৰ্যৰ ভাইৰেল ছবিখন পুৰণি ছবি আৰু ক’ভিড-১৯ ভেকচিনেশ্যনৰ সৈতে ইয়াৰ কোনো সংগতি নাই।
কি ভাইৰেল হৈছে
ফে’চবুকত শ্বেয়াৰ হৈ থকা এই ছবিখন ব্ৰেকিং নিউজ ৰিপ’ৰ্টৰ স্ক্ৰীণশ্বট হিচাপে দেখুওৱা হৈছে। ছবিখনত আখৰেৰে লিখা হৈছে, “প্ৰথমে ক’ভিড ভেকচিন ৰোগীসকলে ইজনে সিজনক খাবলৈ ধৰিলে, ইয়াৰ পিছত হাস্পতালত লকডাউন।” এই পোষ্টটোৰ লগত দিয়া কেপশ্যনত লিখা হৈছে যে ২০২১ আৰু বেছি ভয়াবহ ৰূপত দেখা দিব।
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পৰা যাব।
অনুসন্ধান
বিশ্বাস নিউজে সৰ্বপ্ৰথমে এই ভাইৰেল ফটোখনত গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ টুল ব্যৱহাৰ কৰিছে। আমি এই একেখন ফটো ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত নিউয়ৰ্ক টাইমছত প্ৰকাশিত এটা ৰিপ’ৰ্টতো লাভ কৰিলো।
এই প্ৰতিবেচদনৰ এটা অংশত লিখা হৈছে, ‘টেম্পল ইউনিভাৰ্ছিটি হাস্পতালে বিগত বৰ্ষত গুলীয়াগুলীত আঘাতপ্ৰাপ্ত ৪৮১ গৰাকী লোকক চিকিৎসা প্ৰদান কৰিছে আৰু ইয়াৰে ৯৭ গৰাকীৰ মৃত্যু হৈছে। এয়া কেৱল এখন চহৰৰ এটা এলেকাত থকা এখন চিকিৎসালয়ৰ কথা। সমগ্ৰ দেশৰ তথ্য উল্লেখ কৰিলে আমি ক’ব লাগিব যে ২০১৭ চনত প্ৰায় ৪০,০০০ লোকৰ প্ৰাণ কাঢ়ি নিছে বন্দুকে। এনে এক ভয়াবহ ঘটনা প্ৰকাশ কৰিবৰ বাবে এই ছবিখনেই পৰ্যাপ্ত।’ এই ছবিখনৰ সৈতে দিয়া কেপশ্যনত উল্লেখ কৰা হৈছে যে প্ৰাণৰক্ষাৰ প্ৰয়াস বিফল নোহোৱাৰ পিছত টেম্পল ইউনিভাৰ্ছিটি হাস্পতালৰ জৰুৰীকালীন বিভাগৰ ট্ৰ’মা অংশ।’
উক্ত ভাইৰেল পোষ্টটোৰ এই ফটোখনত দাবী কৰাৰ লেখীয়াকৈ ফেব্ৰুৱাৰী ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত ক’ভিড বা ক’ভিড ভেকচিনৰ কোনো চৰ্চা হোৱা নাছিল।
আমি এছ ফটোখন প্ৰেংক ৱেবছাইটতো লাভ কৰিছো, য’ত লিখা কথাখিনিটো ক’ভিড ভেকচিনেশ্যনৰ কথা উল্লেখ কৰা হৈছে।
আমি এই ভাইৰেল হোৱা দাবীৰ কথাখিনি ইণ্টাৰনেটতো বিচাৰিছো, কিন্তু এনে কোনো প্ৰামাণিক খবৰ বা প্ৰতিবেদন আমি লাভ নকৰিলো, যিয়ে ক’ভিড ভেকচিনেশ্যনৰ সৈতে জড়িত এই দাবীৰ সত্যতা প্ৰমাণ কৰে।
আমি এই ভাইৰেল হোৱা দাবী সন্দৰ্ভত এপ’ল’ হাস্পতালৰ পাল্মোনোল’জিষ্ট ডাঃ নিখিলৰ সৈতে যোগাযোগ কৰিছিলো। তেওঁ কয়, “ক’ভিড ভেকচিনে এতিয়ালৈ এনে কোনো পাৰ্শ্বপ্ৰতিক্ৰিয়া দেখুওৱা নাই, যিটো পোষ্টত দাবী কৰা হৈছে। ভাইৰেল হোৱা পোষ্টটো ক’ভিড ভেকচিনেশ্যনৰ সৈতে জড়িত যেন লগা নাই।”
এই পোষ্টটো ফে’চবুকত Stiffler Mc-hunter Aggabao Balisi নামৰ এগৰাকী ইউজাৰে শ্বেয়াৰ কৰিছে। আমি এই ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰিছো। ফেক্ট-চেক কৰাৰ সময়লৈ এই প্ৰ’ফাইলৰ ফ’ল’ৱাৰ্ছৰ সংখ্যা আছিল ৪৩৪ টা।
নিষ্কৰ্ষঃ মুখনি – চিকিৎসালয়ত হিংসাত্মক কাৰ্যকলাপ হোৱা বুলি উল্লেখ কৰা এই ফটোখন পুৰণি ফটো আৰু ইয়াৰ সৈতে ক’ভিড ভেকচিনেশ্যনৰ কোনো সম্পৰ্ক নাই। গতিকে এই ভাইৰেল পোষ্ট ভুৱা।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.