
নতুন দিল্লী (বিশ্বাস নিউজ)| কেৱল কাশ্মীৰতে নহয়, বৰং হিন্দুস্থানৰ আন প্ৰদেশক লৈও পাকিস্তানৰ পৰা প্ৰপোগেণ্ডা চলাই থকা হৈছে| বিশ্বাস টীমৰ হাতত এটা ভিডিও পৰিল| যিটো পাকিস্থানৰ এক ইউজাৰে ছেয়াৰ কৰিছে| ভিডিওত ফৌজৰ জোৱানসকলক এজন পুলিছে পিটি থকা দেখা গৈছে| ইউজাৰে কেপচনৰ জড়িয়তে দাবী কৰিছে যে এই ঘটনা অসমৰ| বিশ্বাস টীমৰ অনুসন্ধানত ভিডিওটোৰ দাবী অসত্য বুলি প্ৰমাণিত হয়| ভিডিওটো অসমৰ নহয়, দিল্লীৰ ২০১৮ চনৰ ঘটনা|
ফেচবুক ইউজাৰ মিঞা আজমল ফাৰুক (Mian Ajmal Farooq) এ ৩ ডিচেম্বৰত ভিডিও ছেয়াৰ কৰিছিল| ভিডিওত কিছুমান আৰ্মীৰ জোৱানক এজন পুলিছে মৰিয়াই থকা চকুত পৰে| ভিডিওত মাজ ৰাস্তাত দিল্লী পুলিছৰ হেড কন্টাবলক সেনাৰ জোৱানক কেতিয়াবা লাঠী, কেতিয়াবা ৰায়ফলৰ বটৰে মাৰি থকা দৃষ্টিপাত হয়| ভিডিওৰ সৈতে কেপচনত লিখা আছে clashes between Indian Army & Assam police in India Occupied Assam. This is the beginning of the end of India, অসমীয়ালৈ অনুবাদ কৰিলে এনে হ’ব ” হিন্দুস্থানৰ অধিকৃত অসমত ভাৰতীয় ফৌজ আৰু অসম পুলিচৰ মাজত মাৰপিট| এইটো আৰম্ভনী ভাৰতৰ নাশ হোৱাৰ|”
ফেচবুকত দিয়া ভিডিওৰ ওপৰত বিশ্বাস টীমে ক্লীক কৰাত Younis Baloch নামৰ টুইটাৰ একাউন্ট গৈ পালেগৈ, য’ৰ পৰা এই ভিডিওটো ফৰ্জী হাৱালাৰে ভাইৰেল কৰা গৈছে|
আমি দেখিলো যে ভিডিওত নিউজ নেচন, News Nation লিখা আছে| আমি আমাৰ অনুসন্ধানৰ আৰম্ভনী নিউজ চাৰ্চৰে কৰিলো আৰু নিউজ নেচনৰ সেই ভিডিওটো পালো, যিটোৰে অসমৰ নামেৰে ভাইৰেল কৰা হৈছে| এই ভিডিও ২৬ ফেব্ৰুৱাৰী ২০১৮ চনত ছেয়াৰ কৰা গৈছিল| ইয়াৰ লিখন ” Clash between Army personnel and Police in Delhi’s Cantonment Area”.
এতিয়া আমি এই ঘটনাৰ খবৰটো দৈনিক জাগৰণ ত বিচাৰিবলৈ চেষ্টা কৰিলো আৰু আমাৰ হাতত পৰিল ২৭ ফেব্ৰুৱাৰী ২০১৮চনত আপডেট হোৱা খবৰটো| এই খবৰটোৰ হেডলাইন, ” Video Viral: সেনাৰ জোৱান আৰু দিল্লী পুলিচৰ সংঘৰ্ষ, এজনে আনজনৰ ওপৰত লাঠি চলালে : কেইবাজনো আহত”| খবৰৰ মত্, দিল্লীৰ কেন্ট এলেকাত এই পুলিচজন প্ৰতিবন্ধিত ক্ষেত্রত সোমাই গৈছিল আৰু সেনাৰ এজন অধিকাৰীৰ সৈতে অসভ্যালি কৰে| আনহাতে পুলিচজনে কৈছিল যে তেওঁ নিজৰ ৰুটীন ডিউটীত আছিল আৰু প্পতিবন্ধিত ক্ষেত্রৰ বাহিৰত আছিল| সম্পূৰ্ণ ঘটনাটো আপুনি ইয়াত পঢ়িব পাৰিব|
এতিয়া এইটো পৰিস্কাৰ হৈ পৰিল যে এই ঘটনা দিল্লী কেন্টৰ ২০১৮ চনৰ| কিন্ত তথাপিও আমি খবৰটোক নি:সন্দেশ কৰিবলৈ দৈনিক জাগৰণৰ দিল্লীৰ চিনিয়ৰ ৰিপোৰটাৰ (জেষ্ঠ সংবাদদাতা) স্বদেশ কুমাৰক যোগাযোগ কৰিলো আৰু তেওঁৰ লগত ভিডিওটো ছেয়াৰ কৰিলো| তেখেতে আমাক জনালে, ” এই ভডিওটো যোৱা বছৰৰ, আৰু ইয়াৰ লগত অসমৰ কোনো লেন- দেন নাই|”
এতিয়া এইবাৰ এই ভিডিওটোক ফৰ্জী হাৱলাৰে ভাইৰেল কৰা ইউজাৰ Mian Ajmal Farook ৰ চচিয়েল স্কেনিং কৰাৰ পাল| আমি গম পালো যে ইয়াৰ পাকিস্থানৰ সাহকোট ৰ লগত সম্পৰ্ক| তাৰ লগতে জম্মু আৰু কাশ্মীৰৰ ফৰ্জী ভিডিও ছেয়াৰো কৰে|
ফলাফল: বিশ্বাস টীমৰ অনুসন্ধাত অসমৰ নামেৰে ভাইৰেল হৈ থকা ভিডিওটো ফৰ্জী| ভাইৰেল ভিডিওটো ২০১৮ৰ দিল্লী কেন্টৰ, যেতিয়া দিল্লী পুলিচৰ এজন জোৱান আৰু আৰ্মীৰ মাজত মাৰপিট হৈছিল|
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.