ফেক্ট চেক: ডিজিটালি প্ৰস্তুত কৰা টাইম মেগাজিনৰ পৃষ্ঠাত ভুল প্ৰসঙ্গৰ সৈতে ভাইৰাল হ’ল প্ৰধান মন্ত্ৰী মোদিৰ ছবি
বিশ্বাস নিউজে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিৰ টাইমচ মেগাজিনৰ কভাৰ বুলি দাবিৰ সৈতে ভাইৰাল হোৱা ছবিখন চেক কৰিলে আৰু গম পালে যে ছবি সন্দৰ্ভত কৰা দাবি ভুল। প্ৰকৃত ছবিখনত পুতিনৰ চেহেৰা আছিল আৰু এয়া সেই সময়ত মেগাজিনে প্ৰস্তুত কৰা নাছিলে, এয়া আচলতে পেট্ৰিক মালডাৰৰ নামৰ এজন গ্ৰাফিক ডিজাইনাৰে প্ৰস্তুত কৰিছিল।
- By Vishvas News
- Updated: July 9, 2022

বিশ্বাস নিউজ (নিউ দিল্লি): টাইম মেগাজিনৰ কভাৰ পৃষ্ঠাত এটা কথিত ছবি শ্বেয়াৰ কৰা হই আছে, এই দাবিৰ সৈতে যে টাইম মেগাজিনে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিক হিটলাৰৰ লগত তুলনা কৰিছে।বিশ্বাস নিউজে ভাইৰাল ছবিখন চেক কৰিলে আৰু বিছাৰি পালে যে, ফোটোখন এডিট কৰা হৈছে।প্ৰকৃত ছবিখনত পুতিনৰ চেহেৰা আছিল আৰু এয়া টাইম মেগাজিনৰ দ্বাৰা প্ৰস্তুত কৰা নহয়, প্ৰকৃততে এয়া গ্ৰাফিক ডিজাইনাৰ পেট্ৰিক মালডাৰৰ দ্বাৰা প্ৰস্তুত কৰা।
দাবি
ভাইৰাল হোৱা ছবিখন পূজা আচাৰ্যয়(আৰ্কাইভ সংষ্কৰণ) শ্বেয়াৰ কৰিছে। ছবিখনত হিন্দিত লিখা আছিল, “মোদি এনে এজন প্ৰধান মন্ত্ৰী, যাৰ কোনো দূৰদৃষ্টি নাই, কোনো জ্ঞান নাই আৰু দেশৰ দুখীয়া বৰ্গৰ উন্নতিৰ কোনো ইচ্ছাও নাই। তেঁও কেৱল ক্ষমতা লোভী!” #বাইবাইমোদি
তদন্ত:
ভাইৰাল ছবিখনৰ সত্য জানিবলৈ, আমি টাইম মেগাজিনৰ অফিচিয়েল ওৱেবচাইট চেক কৰিলো।ওৱেবচাইটত আমি ভাইৰাল ছবি সন্দৰ্ভত কোনো তথ্য নাপালো। তেতিয়া আমি টাইমৰ সামাজিক মাধ্যম একাউন্টসমূহ ষ্কেন কৰিবলৈ আৰম্ভ কৰিলো। তাতেও আমি ভাইৰাল হোৱা দাবি সন্দৰ্ভত কোনো তথ্য নাপালো।

আমি গুগল ৰিভাৰ্চ ইমেজৰ মাধ্যমে ভাইৰাল হোৱা ছবিখন বিছাৰিলো। আমি পেট্ৰিক মালডাৰ নামৰ এখন টুইটাৰ একাউন্টত ভাইৰাল হোৱা ছবিৰ অনুৰুপ এখন ছবি বিছাৰি পালো, য’ত হিটলাৰৰ মুছৰ সৈতে ভ্লাদিমিৰ পুতিনৰ এখন ছবি দেখা পোৱা যায়।প্ৰকৃত ছবিখনত প্ৰধান মন্ত্ৰী মোদিৰ ঠাইত পুতিনৰ ছবিহে লগোৱা হৈছিল।28 ফেব্ৰুৱাৰী 2022 ত পেট্ৰিক মালডাৰে নিজৰ শিল্পকৰ্ম শ্বেয়াৰ কৰে আৰু লিখে যে, “এয়া মোৰ এখন শিল্পকৰ্ম।ৰাছিয়ায় ইউক্ৰেইনত আক্ৰমণ কৰা দিনটোত মই এই ছবিখন প্ৰস্তুত কৰিছো। মই ৰাছিয়ায় ইউক্ৰেইন আক্ৰমণ কৰাৰ প্ৰতিবাদত এয়া তৈয়াৰ কৰিছো।”
আমি নিশ্চিত হোৱাৰ বাবে পেট্ৰিক মালডাৰৰ লগত যোগাযোগ কৰিছিলো।তেঁও আমাক কলে যে, ভাইৰাল হোৱা দাবি ভুল। প্ৰকৃত ছবিখনত পুতিনৰ চেহেৰা আছিল। এই ছবিখন টাইম মেগাজিনে প্ৰকাশ কৰা নাই। মই এই ছবিখন বঁনাইছো। মই এজন গ্ৰাফিক ডিজাইনাৰ। মই এই শিল্পকৰ্মখন টাইমৰ কভাৰ কৰাৰ উদ্দেশ্যত বনোৱা নাছিলো।মই এনে কিবা প্ৰস্তুত কৰিব বিছাৰিছিলো যি ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণৰ লগত সম্বন্ধীয় আৰু জনতাৰ মনৰ বাৰ্তা কঢ়িয়াব পাৰে। দুখন ছবিৰ মাজত থকা পাৰ্থক্য তলত স্পষ্ট চাব পাৰি।

তদন্তৰ শেষ পৰ্যায়ত বিশ্বাস নিউজে, ভাইৰাল পোষ্ট শ্বেয়াৰ কৰা প্ৰ’ফাইলখনৰ এটা বেকগ্ৰাউণ্ড চেক কৰিলে।তাত আমি পালো যে ব্যৱহাৰকাৰীৰ ফেচবুকত 23,432 অনুসৰণকাৰী আছে।পূজা আচাৰ্য মে 2016 ৰ পৰা ফেচবুকত সক্ৰিয় হৈ আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদিৰ টাইমচ মেগাজিনৰ কভাৰ বুলি দাবিৰ সৈতে ভাইৰাল হোৱা ছবিখন চেক কৰিলে আৰু গম পালে যে ছবি সন্দৰ্ভত কৰা দাবি ভুল। প্ৰকৃত ছবিখনত পুতিনৰ চেহেৰা আছিল আৰু এয়া সেই সময়ত মেগাজিনে প্ৰস্তুত কৰা নাছিলে, এয়া আচলতে পেট্ৰিক মালডাৰৰ নামৰ এজন গ্ৰাফিক ডিজাইনাৰে প্ৰস্তুত কৰিছিল।
- Claim Review : মোদি এনে এজন প্ৰধান মন্ত্ৰী যাৰ কোনো দূৰদৃষ্টি নাই, কোনো জ্ঞান নাই আৰু দেশৰ দুখীয়া বৰ্গৰ উন্নতিৰ কোনো ইচ্ছা নাই। তেঁওে কেৱলমাত্ৰ এজন ক্ষমতালোভী#ByeByeModi
- Claimed By : পূজা আচাৰ্য
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com