X
X

Fact Check : মৈথিলী ঠাকুৰৰ লণ্ডনৰ এই ভিডিঅ’টো, বিহাৰ বিধানসভা নিৰ্বাচনৰ আগৰ ভিডিঅ’

বিহাৰ নিৰ্বাচনত এনডিএ- 202 টা আসন পাই বিপুল আকাৰে জয়লাভ কৰিছে। তাত নতুন চৰকাৰৰ শপথ গ্ৰহণ অনুষ্ঠান 20 নভেম্ৱৰ তাৰিখে হোৱাটো নিশ্চিত কৰা হৈছে।

  • By: Umam Noor
  • Published: Nov 21, 2025 at 06:09 PM

নতুন দিল্লী (বিশ্বাস নিউজ) বিহাৰ নিৰ্বাচনত এনডিএ- 202 টা আসন পাই বিপুল আকাৰে জয়লাভ কৰিছে। তাত নতুন চৰকাৰৰ শপথ গ্ৰহণ অনুষ্ঠান 20 নভেম্ৱৰ তাৰিখে হোৱাটো নিশ্চিত কৰা হৈছে। ইয়াৰে মাজত সামাজিক মাধ্যমত এখন ভিডিঅ’ ভাইৰাল হৈ আছে, যত নৱ নিৰ্বাচিত বিজেপি বিধায়িকা মৈথিলী ঠাকুৰৰ লণ্ডনৰ পথত ভ্ৰমণ কৰি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবি কৰিছে যে, এই ভিডিঅ’টো বিহাৰ বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পিচৰ ভিডিঅ’। দাবি কৰা হৈছে যে, নিৰ্বাচনত জয়লাভ কৰাৰ পাছত মৈথিলী ঠাকুৰ লণ্ডনত আছে।  

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা দাবি ভুৱা। মৈথিলী ঠাকুৰৰ লণ্ডনৰ এই ভিডিঅ’ বিহাৰ বিধানসভা নিৰ্বাচনৰ আগৰ ভিডিঅ’। নিৰ্বাচনৰ দুই মাহ আগৰ ভিডিঅ’টোক ভুৱা দাবিৰ সৈতে প্ৰচাৰ কৰা হৈ আছে। 

 ভাইৰাল পোষ্টত কি আছে ?

ফেচবুক ব্যৱহাৰকাৰী ভূমি দত্তয় 18 নভেম্ৱৰ তাৰিখে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, “চাওক বিহাৰৰ বিকাশ লণ্ডনত হৈ আছে। “এতিয়া বিকাশ গ’ল তেল লবলৈ, মহোদয়া গলে লণ্ডন ফুৰিবলৈ। চৌকিদাৰতো বিদেশ বিদেশ ঘুৰিয়ে আছিলে, আকৌ এজন আহিল দেশৰ পইচা বেলেগ দেশত অপচয় কৰিবলৈ, আপোনালোকৰ কি মতামত বন্ধুসকল।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

আমাৰ তদন্তৰ আৰম্ভণীত পুনপ্ৰথমতে আমি গুগ’ল লেঞ্চৰ জৰিয়তে ভাইৰাল ভিডিঅ’ৰ কি-ফ্ৰেম বিচাৰিলোঁ।

এই প্ৰক্ৰিয়াত ভিডিঅ’খন মৈথিলী ঠাকুৰৰ ইনষ্টাগ্ৰাম একাউণ্টত 26 চেপ্টেম্ৱৰ 2025-ত আপলোড হোৱা পোৱা গ’ল।

এই ভিডিঅ’টো, মৈথিলী ঠাকুৰে  26 চেপ্টেম্ৱৰ 2025-ত নিজৰ ফেচবুক পেজতও লণ্ডনত 3য় দিন, নামক শীৰ্ষকৰ সৈতে আপলোড কৰিছে।  

তদন্ত আগবঢ়াই নিঁওতে আমি মৈথিলী ঠাকুৰৰ এক্স হেন্ডেল-ও স্কেন কৰিলোঁ। তাত তেঁওৰ সাম্প্ৰতিক সময়ে কৰা বহুত পোষ্ট পোৱা গ’ল, যত তেঁওক বিহাৰত দেখা গৈছে।

ভাইৰাল ভিডিঅ’ সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি আমাৰ সহকাৰী, দৈনিক জাগৰণ-ত নিৰ্বাচন বিষয়ক সংবাদ প্ৰস্তুতকাৰী জ্যেষ্ঠ সাংবাদিক ৰমন শুকলা-ৰ লগত যোগাযোগ কৰিলোঁ। তেঁও আমাক জঁনালে যে, নিৰ্বাচনৰ পিছত মৈথিলী ঠাকুৰ বিদেশ যোৱা নাই, বেছিৰভাগ সময় তেঁও বিহাৰতে আছিল। 

বিহাৰ বিধানসভা নিৰ্বাচন 2025-ত, 6 আৰু 11 নভেম্ৱৰত দুটা স্তৰত নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু নিৰ্বাচনৰ ফলাফল 14 নভেম্ৱৰত ঘোষণা কৰা হৈছিল। বিধানসভাৰ মুঠ 243 খন আসনত, নিৰ্বাচন আয়োগৰ হিচাপ মতে, এনডিএ 202খন আসন লাভ কৰে, যাৰ ভিতৰত বিজেপি 89 খন আসন আৰু জনতা দল-(ইউনাইটেড) 85 খন, আৰজেডি 25 খন, এলজেপি(আৰ) 19 খন, এআইএমআইএম-এ 5 খন, কংগ্ৰেছে ছয়খন, আৰু লোক মৰ্চা-য় 4 খন আসন লাভ কৰে।

জাগৰণৰ বাতৰি মতে, “বিহাৰত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া দ্ৰুত গতিত আগ বাঢ়িছে। বিধানসভা নিৰ্বাচনত এনডিএ-ৰ ঐতিহাসিক জনমত লাভ কৰাৰ পিচত , এতিয়া 20 নভেম্ৱৰ অনুষ্ঠিত হ’বলগীয়া শপথ গ্ৰহণ সমাৰোহৰ প্ৰস্তুতি শেষ পৰ্যায়ত আহি পৰিছে।”

এতিয়া সময় আছিল ভুৱা পোষ্ট শ্বেয়াৰ কৰা  ফেচবুক ব্যৱহাৰকাৰীৰ স্কেনিং কৰাৰ। ব্যৱহাৰকাৰী ভূমি দত্তৰ দহ হাজাৰ অনুসৰণকাৰী আছে। আমি গম পালো যে, ব্যৱহাৰকাৰীজন পাটনাৰ বাসিন্দা।

সামৰণী: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা দাবি ভুৱা। মৈথিলী ঠাকুৰৰ লণ্ডনৰ এই ভিডিঅ’ বিহাৰ বিধানসভা নিৰ্বাচনৰ আগৰ ভিডিঅ’। নিৰ্বাচনৰ দুই মাহ আগৰ ভিডিঅ’টোক ভুৱা দাবিৰ সৈতে প্ৰচাৰ কৰা হৈ আছে। 

  • Claim Review : নিৰ্বাচনত জয়লাভ কৰাৰ পিছত মৈথিলী ঠাকুৰ লণ্ডনত আছে। 
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী-ভূমি দত্ত
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later