X
X

Fact Check: নাগপুৰত ডিচেম্বৰত হোৱা বিক্ষোভ প্ৰদৰ্শনৰ ভিডিঅ’ শেহতীয়া সাম্প্ৰদায়িক হিংসাৰ পাছত বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভাইৰেল 

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে এই ভিডিঅ’ৰ সৈতে নাগপুৰত শেহতীয়াকৈ হৈ যোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ কোনো সম্বন্ধ নাই। এই ভিডিঅ’টো প্ৰায় পাঁচ মাহ আগৰ। যেতিয়া নাগপুৰত বাংলাদেশী সংখ্যালঘুৰ উপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল। 2024-ৰ ডিচেম্বৰৰ সেই ভিডিঅ’ক এতিয়া বিভ্ৰান্তিকৰ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।

  • By: Umam Noor
  • Published: Mar 22, 2025 at 03:11 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। মহাৰাষ্ট্ৰৰ নাগপুৰত সোমবাৰে ঔৰংগজেবৰ কবৰ আঁতৰাই দিয়াৰ দাবী লৈ হোৱা বিক্ষোভ প্ৰদৰ্শনৰ সময়ত মুছলমান সম্প্ৰদায়ৰ পবিত্ৰ গ্ৰন্থ জ্বলাই দিয়াৰ উৰা বাতৰি বিয়পি পৰিছিল। তাৰ পাছত দুটা সম্প্ৰদায়ৰ মাজত উত্তেজনা বৃদ্ধি পাই সংঘৰ্ষ হৈছিল। তাৰ ফলত চহৰৰ পৰিস্থিতি গুৰুতৰ হৈ পৰিছে। তাৰে মাজতে আকৌ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভাইৰেল হৈ থকা এই ভিডিঅ’ত বহু কেইজন মানুহ বিক্ষোভ প্ৰদৰ্শন কৰি থকা দেখা পোৱা গৈ আছে। সকলৰ হাতত গেৰুৱা পতাকা। এই ভিডিঅ’ক ইউজাৰে শেহতীয়াকৈ নাগপুৰত হৈ যোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত শ্বেয়াৰ কৰি দাবী কৰি আছে যে এয়া সেই ঘটনাৰে ভিডিঅ’ হয়।  

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে এই ভিডিঅ’ৰ সৈতে নাগপুৰত শেহতীয়াকৈ হৈ যোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ কোনো সম্বন্ধ নাই। এই ভিডিঅ’টো প্ৰায় পাঁচ মাহ আগৰ। যেতিয়া নাগপুৰত বাংলাদেশী সংখ্যালঘুৰ উপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল। 2024-ৰ ডিচেম্বৰৰ সেই ভিডিঅ’ক এতিয়া বিভ্ৰান্তিকৰ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।

ভাইৰেল পষ্টত কি আছে?

ফেচবুক পেজ ‘অজী হাঁ জী’ 20 মাৰ্চত ভাইৰেল প’ষ্ট শ্বেয়াৰ কৰি লিখিছে, “পাৱাৰ অৱ নাগপুৰ। এৰি নিদিবা।”

প’ষ্টৰ আৰ্কাইভ লিংক ইয়াত চাব পাৰে।

অনুসন্ধান

আমি অনুসন্ধান আৰম্ভ কৰি পোন প্ৰথমতে ভিডিঅ’টোক মনোযোগ সহকাৰে দেখিছিলোঁ। ভিডিঅ’ত এটা উৰণীয়া সেতু দেখা পোৱা গৈ আছে। তাত এটা বেনাৰ লগোৱা আছে। বেনাৰত লিখা আছে ‘সকল হিন্দু সমাজ’।

অনুসন্ধান কৰাৰ কাৰণে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম উলিয়াই লৈছিলোঁ আৰু সেইবোৰক গুগল লেঞ্চত দি ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ যে, ভিডিঅ’টো এজন ফেচবুক ইউজাৰে শ্বেয়াৰ কৰিছিল। তাতা ভিডিঅ’টোক 10 ডিচেম্বৰ 2024-ত আপলোড কৰা হৈছিল, আৰু তাত এয়া নাগপুৰৰে হয় বুলি কোৱা হৈছে।

এই কথাৰ ভিত্তিত আমি নিজৰ অনুসন্ধান আগবঢ়ালোঁ আৰু ‘নাগপুৰ সংঘৰ্ষ 10 ডিচেম্বৰ’ কী-ৱৰ্ড দি নিউজ ছাৰ্চ কৰিলোঁ। ছাৰ্চ কৰি থাকোঁতে দেখা পালোঁ, টাইমছ অৱ ইণ্ডিয়াৰ ৱেবছাইটত 7 ডিচেম্বৰত এটা বাতৰি ওলাইছিল। সেইটো বাতৰি-ত থকা তথ্য অনুসৰি, “বাংলাদেশী সংখ্যালঘুসকলৰ বিৰুদ্ধে হোৱা অত্যাচাৰৰ বিৰুদ্ধে হিন্দু সকল সমাজৰ পক্ষৰপৰা 10 ডিচেম্বৰ তাৰিখে নাগপুৰত বিক্ষোভ প্ৰদৰ্শনৰ আয়োজন কৰা হৈছিল।” 

এবিপি মাঝা-ৰ ইউটিউব চেনেলত আমি দেখা পালোঁ যে সেই বিক্ষোভ প্ৰদৰ্শনৰ ভিডিঅ’ লাইভ দেখুওৱা হৈছিল 10 ডিচেম্বৰ 2024-ত। সেইটো ভিডিঅ’ত কোৱা হৈছে যে, এই বিক্ষোভ প্ৰদৰ্শনৰ আয়োজক আছিল হিন্দু সকল সমাজ। বাংলাদেশত হিন্দুসকলৰ উপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত দিয়াৰ উদ্দেশ্যৰে বিক্ষোভ প্ৰদৰ্শন কৰা হৈছিল বুলি কোৱা গৈছে সেই ভিডিঅ’টোত।    

ভাইৰেল প’ষ্ট আৰু এবিপি মাঝা-ৰ ইউটিউব চেনেলত পোৱা একে ধৰণৰ ফ্ৰেমক তলত দিয়া কোলাজত চাব পৰা যাব।

ছাৰ্চ কৰি থাকোঁতে আমি দেখা পালোঁ, উক্ত বিক্ষোভ প্ৰদৰ্শনৰ লাইভ ভিডিঅ’ 10 ডিচেম্বৰত ‘ৰাষ্ট্ৰ বাণ নিউজ’ নামৰ ইউটিউব চেনেলতো আপলোড কৰা হৈছিল।

ভাইৰেল ভিডিঅ’ক লৈ নিশ্চিত হোৱাৰ কাৰণে আমি সাংবাদিক সুৰভি শিৱপুৰকৰৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ নাগপুৰৰ বাতৰি কৰে। তেওঁৰ সৈতে আমি ভাইৰেল ভিডিঅ’টো শ্বেয়াৰো কৰিছিলোঁ। তেওঁ আমি নিশ্চিত কৰি জনাইছে, “নাগপুৰত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ পাছত এনেকুৱা কোনো ধৰণৰ বিক্ষোভ প্ৰদৰ্শন হোৱা নাই।”

দৈনিক জাগৰণত 18 মাৰ্চৰ বাতৰি অনুসৰি, “মহাৰাষ্ট্ৰৰ নাগপুৰত সোমবাৰে হিংসাত্মক সংঘৰ্ষ দেখিবলৈ পোৱা গৈছিল। ঔৰংজেবৰ কবৰক লৈ চলি থকা বিতৰ্কক লৈ দুটা সম্প্ৰদায়ৰ মাজত হিংসা ইমানে বাঢ়ি গৈছিল যে ঘৰ আৰু গাড়ীত জুই লগাই দিয়াৰ ঘটনাও সংঘটিত হৈছে। নাগপুৰৰ মহালত আৰম্ভ হোৱা হিংসা হংসপুৰীলৈ বিয়পিছিল।” এই ঘটনা সম্বন্ধীয় সম্পূৰ্ণ বাতৰি ইয়াত পঢ়ি চাব পাৰে।

ইয়াৰ পাছত বিভ্ৰান্তিকৰ প’ষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজ ‘অজী হাঁ জী’-ৰ ছ’চিয়েল স্কেনিং কৰাৰ পৰ্যায়। স্কেনিং কৰাৰ পাছত দেখা পালোঁ, এই পেজক 16 হাজাৰ মানুহে ফলো কৰি থাকে।

সিদ্ধান্ত: বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে শেহতীয়াকৈ নাগপুৰত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ কোনও সন্বন্ধ নাই। এই ভিডিঅ’টো প্ৰায় পাঁচ মাহ আগৰ হয়। বাংলাদেশত সংখ্যালঘুসকলৰ উপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শনৰ ভিডিঅ’ হয় এয়া। 2024-ৰ ডিচেম্বৰৰ সেই ভিডিঅ’টোক এতিয়া বিভ্ৰান্তিকৰ দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে। 

  • Claim Review : নাগপুৰত সাম্প্ৰদায়িত সংঘৰ্ষ হোৱাৰ পাছত বিক্ষোভ প্ৰদৰ্শন।
  • Claimed By : ফেচবুক পেজ- অজী হাঁ জী
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later