
নতুন দিল্লী (বিশ্বাস নিউজ): নতুন কৃষি বিলখন লৈ কেইবা অঞ্চলত কৃষকে বিৰোধ প্ৰদৰ্শন কৰি আছে। কিন্তু চোছিয়েল মিডিয়াত পুৰনি ফটোবোৰ এতিয়াৰ বুলি কৈ ভাইৰেল কৰি থকা হৈছে। এক এনেকোৱা পোষ্টত এখন ফটো আপলোড কৰি দাবী কৰিছে যে ফটোখন ৰাজস্থানত অলপতে হোৱা কৃষকৰ প্ৰদৰ্শন, য’ত হাজাৰ হাজাৰ মানুহে প্ৰদৰ্শন কৰিছে।
বিশ্বাস টীমে এই পোষ্টটোৰ অনুসন্ধান কৰিলে। আমি পালো যে ৩ বছৰৰ পুৰনি ফটোক বৰ্তমানৰ বুলি ভাইৰেল কৰি আছে। ফটোখন 2017 ত ৰাজস্থানৰ সীকৰত হোৱা কৃষকৰ এক পুৰনি প্ৰদৰ্শন। ভাইৰেল পোষ্টটো ভ্ৰম কাৰক বুলি প্ৰমান হ’ল ।
ফেচবুক ইউজাৰ পংকজ তামুলিয়ে ২৩ চেপ্তেম্বৰত এক প্ৰদৰ্শনৰ ফটো আপলোড কৰি লিখিছেঃ “কৃষি বিলৰ বিৰুদ্ধে ৰাজস্থানত কৃষকৰ প্ৰতিবাদ। এইয়া বাৰু বিদ্ৰোহৰ উকমুকনি নে বাৰু ?”
এই পোষ্টৰ ফেচবুক আৰু আৰ্কাইব্ড লিংক ইয়াত দেখা পাব।
আমি জানিব বিচাৰিছিলো এই ভাইৰেল হোৱা ফটোখন ক’ৰ আৰু কেতিয়াৰ। ফটোখন গুগুল ৰিভাৰ্ছ ইমেজত চাৰ্চ কৰাত আমি এটা ফেচবুকৰ পোষ্ট পালো, পোষ্ট টো 2017 ত আপলোড কৰা হৈছিল। ৩ চেপ্তম্বৰ 2017 ত Jat Hostel Pali নামৰ ফেচবুক পেজত পুনৰ আপলোড কৰা পোষ্টত এই ফটোখন ব্যৱহাৰ কৰা হৈছিল। এই পোষ্টটোৰ পৰা পৰিষ্কাৰ হ’ল যে ভাইৰেল হোৱা ফটোখন পুৰনা। এই পোষ্টৰ মতে ,এই ফটোখন
ৰাজস্থানৰ সীকৰত হোৱা কৃষকৰ প্ৰদৰ্শনৰ। এই ফটোখন তলত দেখা পাব।
অনুসন্ধানক আগবঢ়াই কীবৰ্ড চাৰ্চ কৰাত আমি The Logical Indian নামৰ ৱেবচাইটত এটা আৰ্টিকলত এই ফটোৰ আপলোড পোৱা গ’ল। এই আৰ্টিকল ১৩ চেপ্তেম্বৰ ২০১৭ ত আপলোড কৰা গৈছিল আৰু ইয়াৰ লগতে হেডলাইন লিখা গৈছিল : Farmer’s protest in Solar, Rajasthan turns into a people’s movement : Lakhs take to the street against gov
আৰ্টিকলৰ অনুসাৰে এই ফটোখন ৰাজস্থানৰ সীকৰত 2017 ত হোৱা কৃষকৰ প্ৰদৰ্শন। এই আৰ্টিকল ইয়াত ক্লিক কৰিলে পঢ়িবলৈ পাব।
এই প্ৰদৰ্শনৰ কিছু ঝলক পত্রিকাৰ ইউ টিউব চেনেলত আপলোড ভিডিওত দেখা গৈছিল। সেই ভিডিও ৪ চেপ্তেম্বৰ ২০১৭ ত আপলোড কৰা গৈছিল আৰু ইয়াৰ লগতে হেডলাইনত লিখা গৈছিলঃ Kisan rally in Sikar.
এতিয়া আমি এই ফটোৰ বিষয়ে আমাৰ সহযোগী দৈনিক জাগৰণৰ জয়পুৰ ইঞ্চাৰ্জ নৰেন্দ্ৰ শৰ্মাৰ সৈতে কথা পাতিলোঁ। নৰেন্দ্ৰই ফটোখন চায়েই ক’লে যে এই ফটোখন ৰাজস্থানৰ সীকৰৰ। নৰেন্দ্ৰই জনালে যে ফটোখন ২০১৭ চনত ৰাজস্থানৰ সীকৰত হোৱা কৃষকসকলৰ প্ৰদৰ্শনৰ।
এইখিনিতে জনাই থওঁ যে কিছুদিনৰ আগতেও এই প্ৰদৰ্শনৰ এখন ফটো হৰিয়াণাৰ হোৱা প্ৰদৰ্শনৰ নামেৰেও ভাইৰেল কৰা হৈছিল। সেইবাৰো বিশ্বাস টীমে অনুসন্ধান কৰিছিলে। সেই অনুসন্ধানৰ কথা তলত হিন্দীতে পঢ়িবলৈ পাব।
এতিয়া আহো ফটোখন ভাইৰেল কৰা ফেচবুক একাউন্ট পংকজ তামুলীৰ চোছিয়েল স্কেনিং কৰাৰ কথালৈ। এই ইউজাৰে সৰহভাগ অসমৰ লগত জড়িত খবৰ ছেয়াৰ কৰে।
নিষ্কৰ্ষঃ বিশ্বাস টীমে নিজাববীয়া অনুসন্ধানত ভাইৰেল হোৱা পোষ্টটো ভ্ৰমিত বুলি পালে। এই ফটো বৰ্তমানৰ নহয়, বৰং ৩ বছৰৰ পুৰনি। এই ফটোখন ৰাজস্থানৰ সীকৰত হোৱা কৃষকৰ প্ৰদৰ্শনৰ আৰু ইয়াৰ সৈতে কৃষি বিল লৈ বৰ্তমানে হৈ থকা প্ৰদৰ্শনৰ কোনো লেনা-দেনা নাই।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.