X

Fact Check: প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ ২০০৯ চনৰ ছবি এতিয়া পুনৰ ভাইৰেল

বিশ্বাস নিউজৰ অনুসন্ধানত, প্ৰিয়ংকা গান্ধী ভদ্ৰা সম্পৰ্কীয় ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ২০০৯ চনৰ তেওঁৰ এখন পুৰণি ছবি এতিয়া উত্তৰ প্ৰদেশ নিৰ্বাচন ২০২২ ৰ পৰিপ্ৰেক্ষিতত ভাইৰেল হৈ আছে।

  • By Vishvas News
  • Updated: February 7, 2022

নতুন দিল্লী (বিশ্বাস নিউজ)। উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ পূৰ্ণ গতিত চলি আছে। এই সকলোবোৰৰ মাজতে ছ’চিয়েল মিডিয়াত ভুৱা ছবি, ভিডিঅ’ আৰু বাতৰিৰ বন্যাও নিৰ্বিঘ্নে চলি আছে। এতিয়া, কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভদ্ৰাৰ এখন পুৰণি ছবি প্ৰচাৰ কৰা হৈছে আৰু অপপ্ৰচাৰ বিয়পাই দিয়া হৈছে।

এই ছবিখনত, প্ৰিয়ংকা গান্ধীক ৰঙা শাৰী পিন্ধি মন্দিৰৰ ঘণ্টা বজোৱা দেখা গৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে প্ৰিয়ংকা গান্ধীয়ে আইতাকৰ শাৰী পিন্ধি নিৰ্বাচনী প্ৰচাৰত প্ৰৱেশ কৰিছে। বিশ্বাস নিউজে ভাইৰেল ফটোখন পৰীক্ষা কৰিছিল।

এইটো জানিব পৰা গৈছিল যে ২০০৯ চনৰ এই আলোকচিত্ৰখন উত্তৰ প্ৰদেশ ৰ্বাচনত ভুল বাখ্যাৰে ভাইৰেল কৰা হৈছে। অনুসন্ধানত প্ৰকাশ পাইছিল যে প্ৰিয়ংকা গান্ধী ২০০৯ চনত ৰাহুল গান্ধীৰ এক নিৰ্বাচনী প্ৰচাৰ অভিযানৰ বাবে আমেঠিলৈ গৈছিল। ছবিখন তেতিয়াৰে।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰী আজেশ হেগড়ে ৫ জানুৱাৰীত এখন ছবি আপলোড কৰিছিল আৰু লিখিছিল: ‘UP चुनाव का बिगुल बज चुका है, दादी की साड़ी भी अलमारी से निकल चुकी है। लेकिन मिलेगा वहीं जो सामने लटक रहा है।’ (উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ৰণডংকা বাজি উঠিছে, আইতাৰ শাৰীও আলমাৰীৰ পৰা ওলাই আহিছে। কিন্তু পাব সেইটোৱেই, যিটো সমূখত ওলমি আছে।)

ফেচবুক পোষ্টটোৰ সমল ইয়াত লিখা হৈছে। ইয়াৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাব পাৰিব। ছ’চিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মত আন বহুতো ব্যৱহাৰকাৰীয়ে একে আৰু একে ধৰণৰ দাবীৰ সৈতে এই ছবিখন শ্বেয়াৰ কৰিছে। সেয়া ইয়াতইয়াত চাব পাৰিব।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত, প্ৰিয়ংকা গান্ধী ভদ্ৰা সম্পৰ্কীয় ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ২০০৯ চনৰ তেওঁৰ এখন পুৰণি ছবি এতিয়া উত্তৰ প্ৰদেশ নিৰ্বাচন ২০২২ ৰ পৰিপ্ৰেক্ষিতত ভাইৰেল হৈ আছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later