X

Fact Check: প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু ছোনিয়া গান্ধীৰ পুৰণি ভিডিঅ’ মিছা দাবীৰে ভাইৰেল

  • By Vishvas News
  • Updated: May 26, 2021

বিশ্বাস নিউজ (নতুন দিল্লী)  প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ আছে। ইউজাৰসকলে দাবী কৰিছে যে যেতিয়া মনমোহন সিঙ ইউপিএ চৰকাৰত প্ৰধানমন্ত্ৰী আছিল তেতিয়া তেওঁক সন্মান কৰা হোৱা নাছিল আৰু তেওঁক সদায়েই এলাগী কৰা হৈছিল। এই ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবী বিশ্বাস নিউজৰ নিজস্ব অনুসন্ধানত মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো ২০১৭ চনৰ আৰু ড০ মনমোহন সিং তেতিয়া প্ৰধানমন্ত্ৰী নাছিল। এই ভিডিঅ’টো তেতিয়াৰ শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেই যেতিয়া ভাৰত ভ্ৰমণৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছিল।

কি এই ভাইৰেল পোষ্ট?

ফে’চবুক ইউজাৰ Rajiv Kumar Sharma এ ২১ মে’ ২০২১ তাৰিখে Anurag Thakur – Pride Of Himachal নামৰ এটা ফে’চবুক গ্ৰুপত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল। ইয়াৰ লগতে তেওঁ লিখিছে, ‘অতি আক্ষেপজনক এই ভিডিঅ’, চাওকচোন তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিংক তেওঁ কেনেকৈ আঁতৰাই ৰাখিছে।”

এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে ভাইৰেল ভিডিঅ’টো InVID টুলত ৰাখিছিল আৰু ইয়াৰ কী-ফ্ৰেমবোৰ উলিয়াইছিল। কী-ফ্ৰেমৰ সৈতে গুগল ৰিভাৰ্চ ইমেজ চাৰ্চে আমাক একে ধৰণৰ বহুতো ফলাফল দিছিল। আমি INIS ত ভাইৰেল ভিডিঅ’ৰ কীফ্ৰেমৰ পৰা থাম্বনেইল বিচাৰি পাইছিলো  এটা বিশেষ ভিডিঅ’ৰ – নিউজ নামৰ এটা ইউটিউব চেনেলত আপলোড কৰা এই ভিডিঅ’ আপলোড কৰা হৈছিল। ভিডিঅ’টো ২৬ এপ্ৰিল, ২০১৭ তাৰিখে আপলোড কৰা হৈছিল। ইয়াত কোৱা হৈছে যে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেই চাৰিদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছে আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছে। এই ইউটিউব পোষ্টটোৰ ১২ ছেকেণ্ডৰ পৰা প্ৰস্তুত কৰা এই ভাইৰেল ভিডিঅ’টো তলত চাব পাৰিব।

https://youtu.be/mOMSRBZNEuM

বিশ্বাস নিউজে ইয়াৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত কৰি ভিডিঅ’টোৰ বিষয়ে ইণ্টাৰনেটত অধিক অনুসন্ধান চলাইছিল। আমি ২৬ এপ্ৰিল ২০১৭ ত সংবাদ সংস্থা ANI ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা এটা টুইট পাইছিলোঁ। টুইটটোত ৰনিল বিক্ৰমসিংহে, মনমোহন সিং আৰু ছোনিয়া গান্ধীৰ মাজত হোৱা বৈঠকৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ সৈতে সংলগ্ন ছবিখন ভাইৰেল ভিডিঅ’টোৰ সৈতে একেবাৰে সামঞ্জস্যপূৰ্ণ। এই টুইটটো ইয়াত তলত দেখা যাব।

 https://twitter.com/ANI/status/857138051465850881

বিশ্বাস নিউজে এই ভাইৰেল ভিডিঅ’টো কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদক বি পি সিঙৰ সৈতে শ্বেয়াৰ কৰিছিল। শ্ৰী সিঙে আমাক এইটো নিশ্চিত কৰিছিল যে ভিডিঅ’টো সেই সময়ৰ, যেতিয়া ড০ মনমোহন সিং প্ৰধানমন্ত্ৰী নাছিল। “কংগ্ৰেছে সদায় ড০ মনমোহন সিঙৰ দৰে নেতাসকলক উচ্চ সন্মান জনাই আহিছে। তেওঁ দুবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰী আছিল। ড০ মনমোহন সিঙকো বিশ্বৰ শীৰ্ষ নেতাসকলৰ ভিতৰত স্থান দিয়া হৈছে। ‘

বিশ্বাস নিউজে ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী Rajib Kumar Sharma ৰ প্ৰ’ফাইল স্কেন কৰিছিল।  অৱশ্যে ব্যৱহাৰকাৰীজনে তেওঁৰ তথ্য ৰাজহুৱা কৰা নাই।

নিষ্কৰ্ষঃ ভাইৰেল ভিডিঅ’টোৰ সৈতে থকা দাবীবোৰক লৈ বিশ্বাস নিউজে কৰা তদন্তত এয়া মিছা বুলি প্ৰমাণিত হৈছে। ভিডিঅ’টো ২০১৭ চনৰ আৰু ড০ মনমোহন সিং তেতিয়া প্ৰধানমন্ত্ৰী নাছিল। এই ভিডিঅ’টো তেতিয়াৰ, যেতিয়া শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমসিংহেই ভাৰত ভ্ৰমণৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আৰু ছোনিয়া গান্ধীক সাক্ষাৎ কৰিছিল।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

রিলেটেড আর্টিকলেস

Post saved! You can read it later