X
X

Fact Check: এছপি নেতাৰ উপৰত লাঠিচাৰ্জৰ পুৰণি ভিডিঅ’ক ৱাকফ সংশোধন বিলৰ সৈতে যুক্ত কৰি ভাইৰেল

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে এছপি নেতাৰ উপৰত ইউপি আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ ভিডিঅ’টোক লৈ যি দাবী কৰা হৈ আছে সেয়া সঠিক নহয়। ভাইৰেল ভিডিঅ’টোৰ লগত ৱাকফ সংশোধন বিলৰ কোনো সম্বন্ধ নাই। ভাইৰেল ভিডিঅ’টো আচলতে 2020-ত লখনৌত হোৱা এটা বিক্ষোভ প্ৰদৰ্শনৰ হয়। 

নতুন দিল্লী (বিশ্বাস নিউজ)। ছ’চিয়েল মিডিয়াত ৰঙা টুপী পিন্ধা এগৰাকী ব্যক্তিক পিটি থকাৰ ভিডিঅ’ তীব্ৰ গতিত ভাইৰেল হৈ আছে। ভিডিঅ’টোক ৱাকফ সংশোধন বিলৰ সৈতে যুক্ত কৰি শ্বেয়াৰ কৰি এই দাবী কৰা হৈ আছে যে ৱাকফ সংশোধন বিলৰ বিৰোধিতা কৰি থকা সমাজবাদী পাৰ্টিৰ নেতাক মানুহে খেদি খেদি পিটিছে। 

বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল দাবীটো সঠিক হয়। ভাইৰেল ভিডিঅ’টোৰ লগত ৱাকফ সংশোধন বিলৰ কোনো সম্বন্ধ নাই। ভাইৰেল ভিডিঅ’টো আচলতে 2020 চনত লখনৌত হোৱা বিক্ষোভ প্ৰদৰ্শনৰ হয়।   

কি ভাইৰেল হৈ আছে ?

ফেচবুক ইউজাৰ ‘ৰাম জানে’ 2 এপ্ৰিল 2025 তাৰিখত ভাইৰেল ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখিছে, “ৰঙা টুপী গেঙৰ- ৰঙা, ৱাকফ ব’ৰ্ড বিল।”

পোষ্টৰ আৰ্কাইভ লিংক ইয়াত পঢ়ি চাব পাৰে।

অনুসন্ধান 

ভাইৰেল দাবীৰ সত্যতা জানিবলৈ আমি ভিডিঅ’টোৰ কেইখনমান কী-ফ্ৰেম উলিয়াইছিলোঁ আৰু সেইবোৰক গুগল ৰিভাৰ্ছ ইমেজৰ জৰিয়তে ছাৰ্চ কৰি চালোঁ। ভাইৰেল वीडियो-টোক আমি এলএনভি ইণ্ডিয়া নামৰ এটা ইউটিউব চেনেলত দেখা পালোঁ। সেই ভিডিঅ’টোক 9 ডিচেম্বৰ 2020-ত আপলোড কৰা হৈছিল। তাত থকা তথ্য অনুসৰি, ভাইৰেল ভিডিঅ’টো লখনৌত হোৱা এটা ঘটনাৰ হয়। 

অনুসন্ধান কৰি থাকোঁতে আমি প্ৰায় ভাইৰেল ভিডিঅ’টোৰ দৰেই আন এটা ভিডিঅ’ জ্ঞান প্ৰকাশ যাদৱ #ইণ্ডিয়া নামৰ এটা এক্স একাউণ্টত দেখা পালোঁ। তাত ভিডিঅ’টোক 7 ডিচেম্বৰ 2020-ত শ্বেয়াৰ কৰা হৈছিল। ভিডিঅ’টো শ্বেয়াৰ কৰি কেপচনত লিখা হৈছিল, “লখনৌত সমাজবাদী পাৰ্টিৰ অফিচৰ বাহিৰত দলীয় কৰ্মীসকলৰ উপৰত ইউপি আৰক্ষীৰ লাঠিচাৰ্জ… অখিলেশ যাদৱ আজিৰপৰা কনৌজৰ উদ্দেশত ট্ৰেক্টৰ যাত্ৰা আৰম্ভ কৰিব বিচাৰিছিলে।”

প্ৰাপ্ত তথ্যৰ ভিত্তিত আমি গুগলত সংশ্লিষ্ট কী-ব’ৰ্ডৰ সহায়ত ছাৰ্চ কৰিছিলোঁ। উক্ত দাবীৰ সৈতে যুক্ত এটা ৰিপ’ৰ্ট আমি নৱভাৰত টাইমছৰ অফিচিয়েল ৱেবছাইটত দেখা পালোঁ। সেই ৰিপ’ৰ্টখন 9 ডিচেম্বৰ 2020-ত শ্বেয়াৰ কৰা হৈছিল। ৰিপ’ৰ্ট অনুসৰি, অখিলেশ যাদৱে কৃষি আইনৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰদৰ্শন কৰাৰ কাৰণে কনৌজলৈ গৈ আছিল। পৰিস্থিতি গুৰুতৰ হোৱা দেখা পাই ইউপি আৰক্ষীয়ে মাজ বাটতে তেওঁক বাধা দি তেওঁক গ্ৰেপ্তাৰ কৰিছিল। এইটো কথা বিয়পি পৰাৰ লগে-লগে সমাজবাদী পাৰ্টিৰ কৰ্মীসকলে বিভিন্ন ঠাইত বিক্ষোভ প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰিছিলে। এনেকুৱা এখন বিক্ষোভ প্ৰদৰ্শনত অংশগ্ৰহণ কৰাৰ কাৰণে এছপি নেতা মহম্মদ ইয়ামিন খান আহিছিলে। সেই বিক্ষোভ প্ৰদৰ্শনৰ সময়ত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাৰ কাৰণে ইউপি আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছিল। সেই সময়ত ইয়ামিন খানে শৰীৰৰ বিভিন্ন ঠাইত আঘাত পাইছিলে।  

অন্যান্য নিউজ ৰিপ’ৰ্ট ইয়াত আৰু ইয়াত চাব পৰা যাব। 

অধিক তথ্যৰ বাবে আমি লখনৌৰ চিফ ৰিপ’ৰ্টাৰ ৰাজীৱ বাজপেয়ীৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে, ভাইৰেল ভিডিঅ’টো প্ৰায় চাৰি বছৰৰ পুৰণি হয় আৰু এয়া লখনৌত হোৱা এটা বিক্ষোভ প্ৰদৰ্শনৰ হয়।  

সদৌ শেষত আমি সেই ইউজাৰ জনৰ একাউণ্ট স্কেন কৰি চালোঁ যিজনে বিভ্ৰান্তিকৰ দাবীৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰিছিলে। তেতিয়া গম পালোঁ যে ইউজাৰ জন এটা ভাৱধাৰাৰ সৈতে যুক্ত পোষ্ট শ্বেয়াৰ কৰি থাকে। ইউজাৰ জনক 1.5 হাজাৰ মানুহে ফলো কৰি থাকে।

সিদ্ধান্ত: বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে এছপি নেতাৰ উপৰত ইউপি আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ ভিডিঅটোক লৈ যি দাবী কৰা হৈ আছে সেয়া সঠিক নহয়। ভাইৰেল ভিডিঅটোৰ লগত ৱাকফ সংশোধন বিলৰ কোনো সম্বন্ধ নাই। ভাইৰেল ভিডিঅটো আচলতে 2020-ত লখনৌত হোৱা এটা বিক্ষোভ প্ৰদৰ্শনৰ হয়। 

  • Claim Review : ৱাকফ সংশোধন বিলৰ বিৰোধিতা কৰি বিক্ষোভ প্ৰদৰ্শন কৰি থকা এছপি নেতাৰ উপৰত লাঠিচাৰ্জ কৰা হৈছে।
  • Claimed By : FB User ৰাম জানে
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later