
নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা বিশেষ পোষ্ট ব্যাপক ৰূপত ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে, এই পোষ্টটোৰ জৰিয়তে দাবী কৰা হৈছে যে ৩১ মাৰ্চ, ২০২১ তাৰিখৰ পূৰ্বে নিজৰ পাৰ্মানেণ্ট একাউণ্ট নম্বৰ অৰ্থাৎ PAN যদিহে আধাৰৰ সৈতে লিংক নকৰে, তেন্তে তেনে পৰিস্থিতিত ১০,০০০ টকা জৰিমণা ভৰিবলগীয়া হ’ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ PAN নিস্ক্ৰিয় হৈ পৰিব।
বিশ্বাস নিউজে এই ভাইৰেল দাবী অনুসন্ধান কৰাৰ ফলত জানিব পাৰে যে এই দাবী সম্পূৰ্ণৰূপে ভুৱা আৰু বিভ্ৰান্তিকৰ। PAN ক আধাৰৰ সৈতে সংযোজন কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ আছিল যদিও শেহতীয়াকৈ জাৰি হোৱা নিৰ্দেশ অনুসৰি ৩০ জুন ২০২১ তাৰিখলৈ এই ম্যাদ বৃদ্ধি কৰা হৈছে, আৰু এয়া নকৰাৰ বাবদ জৰিমণা হিচাপে ১০০০ টকা ভৰিবলগীয়া হ’ব, ১০,০০০ টকা নহয়।
কি এই ভাইৰেল পোষ্ট?
টুইটাৰ ইউজাৰ Fukkard এ এই পোষ্ট শ্বেয়াৰ কৰিছে, এই পোষ্টত তেওঁ ইংৰাজী ভাষাত লিখিছে, যাৰ অসমীয়া অনুবাদ হৈছে – PAN ক আধাৰৰ সৈতে সংযোজিত কৰাৰ অন্তিম তাৰিখ হৈছে ৩১ মাৰ্চ। আপুনি যদিহে এই সংযুক্তকৰণ নকৰে তেন্তে আপোনাৰ PAN নিস্ক্ৰিয় হৈ পৰিব। ইয়াৰ উপৰিও আপুনি ১০,০০০ টকাৰ জৰিমণাও ভৰিবলগীয়া হ’ব পাৰে।
এই পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
এই পোষ্টটো ফে’চবুকতো শ্বেয়াৰ কৰা হৈছে।
অনুসন্ধান
বিশ্বাস নিউজে ভাইৰেল পোষ্টটোত কৰা দাবীবোৰ এটা এটাকৈ অনুসন্ধান কৰিবলৈ আৰম্ভ কৰে। আমি ইণ্টাৰনেটত PAN ক আধাৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ সন্দৰ্ভত বিচাৰ-খোচাৰ কৰিবলৈ লওঁ। আমি এনেধৰণৰ বহু মিডিয়া ৰিপ’ৰ্ট লাভ কৰো, য’ত PAN ক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২১ তাৰিখ বুলি উল্লেখ কৰা হৈছে। কিন্তু ৩১ মাৰ্চ তাৰিখৰ সন্ধিয়া কেন্দ্ৰ চৰকাৰে এই অন্তিম তাৰিখৰ ম্যাদ অহা ৩০ জুন, ২০২১ তাৰিখলৈ বৃদ্ধি কৰাৰ ঘোষণা কৰে। আয়কৰ বিভাগে টুইটযোগে এই সন্দৰ্ভত অৱগত কৰে।
ইয়াৰ পিছতে আমি এই কথাৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰো যে যদিহে PAN ক আধাৰৰ সৈতে সংযোজিত কৰা নহয় , তেন্তে এই PAN নিস্ক্ৰিয় হৈ পৰিব নেকি? আমি এই সন্দৰ্ভত ভালেমান মিডিয়া প্ৰতিবেদন লাভ কৰো, য’ত উল্লেখ আছে যে PAN ক আধাৰৰ সৈতে সংযোজিত নকৰাৰ পৰিস্থিতিত PAN নিস্ক্ৰিয় হৈ পৰিব, অৰ্থাৎ ইয়াৰ পিছত যিবোৰ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত PAN ৰ প্ৰয়োজন হয়, সেইবোৰ লেনদেন কৰিব নোৱাৰিব। উল্লেখ্য যে ইউজাৰসকলক বেংকৰ তৰফৰ পৰা বিভিন্নধৰণৰ মেছেজো প্ৰেৰণ কৰি থকা হৈছে, য’ত এই কথা স্পষ্টকৈ লিখা হৈছে।
আমাৰ নিজস্ব অনুসন্ধান অব্যাহত ৰাখি আমি এতিয়া এই কথাৰ সত্যতা জানিবলৈ চেষ্টা কৰিছো যে PAN ক আধাৰৰ সৈতে লিংক কৰিব নোৱাৰাৰ ফলতশ্ৰুতিত কিমান জৰিমণা ভৰিব লাগিব। ভাইৰেল পোষ্টটোত দাবী কৰা হৈছে যে এনে পৰিস্থিতিত ১০,০০০ টকা জৰিমণা ভৰিব লাগিব, যিটো সম্পূৰ্ণৰূপে সঁচা নহয়। মিডিয়া প্ৰতিবেদন অনুসৰি বিগত ২৩ মাৰ্চত লোকসভাত বিত্তীয় অধ্যাদেশ ২০২১ গৃহীত হৈছে, সেই অনুসৰি আয়কৰ আইন ১৯৬১ ত ধাৰা 234H ৰ সংযোজন ঘটোৱা হৈছে। এই অনুসৰি, যদিহে কোনো ব্যক্তিয়ে নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত PAN ক আধাৰৰ সৈতে সংযোজিত নকৰে তেন্তে তেওঁ সৰ্বাধিক ১০০০ টকা জৰিমণা ভৰিবলগীয়া হ’ব পাৰে। প্ৰথমে এই নতুন আইন ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ ম্যাদ বৃদ্ধি কৰাৰ ফলত সদ্যহতে এই নিয়ম প্ৰযোজ্য নহ’ব।
আপোনালোকক জনাও যে আপোনাৰ PAN ৰ সৈতে যদিহে আধাৰ লিংক কৰা নাই বা সংযোজিত কৰা নাই তেন্তে আপুনি বেংকত একাউণ্ট খুলিব নোৱাৰিব আৰু বেংকৰ পৰা ৫০,০০০ টকাতকৈ অধিক ধনৰ লেনদেন কৰিবও নোৱাৰিব। এই দুয়োটা কামৰ বাবেই PAN অতিকৈ জৰুৰী।
অৱশ্যে আয়কৰ আইন ১৯৬১ ৰ ধাৰা 272B অনুসৰি যদিহে কোনো লোকে ধাৰা 139A ৰ নিয়ম অনুসৰি বিভান্ন ব্যৱস্থাবোৰ পালন কৰাত ব্যৰ্থ হয়, তেন্তে এছেছিং বিষয়াই জৰিমণাৰ ৰূপত ১০,০০০ টকা ভৰাৰ নিৰ্দেশ দিব পাৰে। অৱশ্যে ধাৰা 139A PAN ক আধাৰৰ সৈতে সংযোজন কৰাৰ সৈতে কোনো সম্পৰ্ক নাই। এই ধাৰাই আমাক কয় যে PAN কি হয় আৰু কোনে PAN লগত ৰখাৰ প্ৰয়োজনীয়তা আছে। নতুন নিয়ম অনুসৰি PAN ৰ বাবে আবেদন কৰিবলৈ বা ITR জমা কৰিবৰ বাবে আধাৰ নম্বৰ গ্ৰহণ কৰাটো অনিবাৰ্য।
অধিক তথ্য জানিবৰ বাবে আমি চাৰ্টাৰ্ড একাউণ্টেণ্ট আখাস গাৰ্গৰ সৈতে যোগাযোগ কৰো। তেওঁ আমাক জনায় যে ভাইৰেল পোষ্টটোত পেনাল্টি বা জৰিমণাৰ পৰিমাণটো ভুলকৈ উল্লেখ কৰিছে। প্ৰকৃততে PAN ক আধাৰৰ সৈতে সংযোজন নঘটোৱাৰ ফলত সৰ্বাধিক ১০০০ টকা জৰিমণা হ’ব পাৰে।
এইবাৰ আমি টুইটাৰত এই পোষ্ট শ্বেয়াৰ কৰা ইউজাৰ Fukkard ৰ প্ৰ’ফাইলটো স্কেন কৰো। ইউজাৰগৰাকীৰ প্ৰ’ফাইল স্কেন কৰোতে আমি জানিবলৈ পাও যে ইউজাৰগৰাকী তেলেংগানাৰ হায়দৰাবাদৰ নিবাসী।
আপডেট – ভাৰত চৰকাৰৰ PAN ক আধাৰৰ সৈতে সংযোজিত কৰিবৰ বাবে অন্তিম তাৰিখ ৩০ জুন ২০২১ তাৰিখলৈ বৃদ্ধি কৰাৰ পিছত বাতৰিত জৰুৰীকালীনভাৱে সালসলনি কৰা হৈছে।
নিষ্কৰ্ষঃ উপসংহাৰ – PAN ক আধাৰৰ সৈতে লিংক কৰা বা সংযোজিত কৰাৰ অন্তিম তাৰিখ ৩১ মাৰ্চৰ পৰা ৩০ জুন ২০২১ তাৰিখলৈ বৃদ্ধি কৰা হৈছে, ভাৰত চৰকাৰৰ আয়কৰ বিভাগে দিয়া নিৰ্দেশ
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.