
নতুন দিল্লী (বিশ্বাস টীম)| চচিয়েল মিডিয়াত এক ভিডিও ভাইৰেল হৈ আছে|তাত এজন মানুহে যুৱতী এগৰাকীক বৰ বেয়াকৈ পিটি থকা দেখা পাব পাৰে|ইয়ুজাৰৰ দাবী যে এই ভিডিওটো কাশ্মীৰৰ|কাশ্মীৰত জী- ভনী বোৰক পিটিছে|
বিশ্বাস টীমে যেতিয়া এই ভিডিওটো পৰিক্ষণ কৰিলে, তেতিয়া গম পালে যে এই ভিডিওটো কাশ্মীৰৰ নহয় বৰং অসমৰ হে|ভিডিওত দেখা যায় যে ছোৱালীজনীক তাইৰ বাপেকে বৰকৈ পিটিছে|ছোৱালীজনীৰ বাপেক বৰ্তমান জেলত আছে|তেওঁ নিজৰ ছোৱালী জনীক এই কাৰণেই মাৰিছিল যে, কিয়নো তেওঁ বিচাৰিছিল যে তেওঁৰ জীয়েকে অনৈতিক কাম কৰক|
চচিয়েল মিডিয়াৰ টুইটাৰ প্লেটফৰ্মত “Syed Ali Geelani ( @if—tr) নামত এক ইউজাৰে এই পোষ্ট ছেয়াৰ কৰে|এই পোষ্টত এটা ভিডিও ও ছেয়াৰ কৰা গৈছিল|ভিডিওটোত এজন মানুহে নিৰ্দয়ভাৱে এজনী ছোৱালীক পিটি থকা দেখা গৈছে|এই ভিডিওৰ লগত বৰ্ণনা ঊৰ্দুত লিখা আছিল|“دیکھلوںامتمسلمہہماریکشمیریبہنبیٹیوںکیعزتیںبھیابدرندوںکےہاتھمیںہیںپلیزریٹویٹ #Kashmir”
পোষ্টটোত লিখা বিবৰণৰ অসমীয়া অনুবাদ : চাই লোৱা মুচলমানসকলে, আমাৰ কাশ্মীৰী -জী-ভনীবোৰৰ সন্মান দৰিন্দ সকলৰ হাতত|কৃপাকৰি ৰিত্বিত কৰক #Kashmir
বিশ্বাস টীমে নিজে অনুসন্ধান আৰম্ভ কৰিবলৈ প্ৰথমতে ভাইৰেল হোৱা ভিডিও টোক inVIDটুলত আপলোড কৰে আৰু ইয়াৰ কেইবাটাও কীফ্ৰেমচ উলিয়ালে|এই কীফ্ৰেমচ যেতিয়া আমি গুগুলত ৰিভাৰ্চ ইমেজত চাৰ্চ কৰিলো তেতিয়া আমাৰ সমুখত এই ভিডিওটোৰ সত্যতা দেখা গ’ল|আমি চাৰ্চৰ ফলাফল আজটকৰ বাতৰিত পালো|এই খবৰত এই ভিডিও টোৰ ব্যৱহাৰ কৰা গৈছিল|এই বাতৰিৰ লগত হেডিং দিয়া গৈছিল: অসম: ব্যশ্যাবৃত্তিৰ বাবে অমান্তি হোৱাত বাপেকে জীয়েকক নিৰ্মমভাৱে পিটিছে|
এই বাতৰিৰ অনুসাৰে, অসমত এজন পিতৃয়ে তেওঁৰ নিজৰ জীয়েকক ব্যশ্যাবৃত্তিৰ পোতনিত পেলাবলৈ চেষ্ঠা কৰিছে|যেতিয়া জীয়েকে পিতাকৰ বিৰোধ কৰে তেতিয়া তাইক নিৰ্মমভাৱে পিটে|এই বাতৰি ৩ আগষ্ট ২০১৯ তাৰিখে আপলোড কৰা গৈছিল|
ইয়াৰ ওপৰিও আমি NorthEast Now ও পালোঁ|এই বাতৰিতো এই ভিডিওটোৰ স্ক্ৰীনচটৰ ব্যৱহাৰ কৰা গৈছিল|এই বাতৰিৰ হেডলাইন আছিল : Nagaon man tortures daughter for refusing prostitution, arrested. নগাৱৰ মানুহ এজনে বৃশ্যাবৃত্তিৰ কাৰণে জীয়েকে অমান্তি হোৱাত কষ্ট দিয়াত জেললৈ গ’ল|) এই বাতৰিতো এই ঘটনাটোত জনোৱা গৈছিল|
আমি আমাৰ নিজা YouTubeত ETVTelannganaৰ বাতৰি ও পালো|এই বাতৰিতো এই ভিডিওৰ ব্যৱহাৰ কৰা গৈছিল|এই বাতৰিৰ হেডলাইন আছিল : Man thrashes Daughter for Denying Prostitution l Assam. এই বাতৰি ২ আগষ্ট ২০১৯ ত আপলোড কৰা গৈছিল|
এই কথাৰ অধিক খা খবৰ প্ৰাপ্ত কৰিবলৈ আমি অসমৰ নগাঁও জিলাৰ চামূগুৰী পুলিচ থানাৰ চাব ইন্সপেক্টৰ উপেন শৰ্মাৰ লগত কথা পাতিলোঁ|তেখেতে আমাক জনালে যে, ” এই ঘটনাটো মাওবাৰী গাঁওৰ, য’ত এজন বাপেকে নিজৰ জীয়েকক এই কাৰণে পিটিলে যে, জীয়েকে বাপেকৰ কথাত মান্তি হোৱা নাছিল|বাপেকে বিচাৰিছিল জীয়েকে অনৈতিক কাম কৰক|জীয়েক অমান্তি হোৱাত তেওঁ নিজৰ জীয়েকক মাৰিলে|তেওঁৰ বাপেকক গেপ্টাৰ কৰি জেললৈ পঠোৱা হ’ল|”
অন্তত বিশ্বাস টীমে ভাইৰেল কৰা ইউজাৰ “Syed Ali Geelani” (@if — tr)ৰ টুইটাৰ একাউন্টৰ চচিয়েল স্কেনিং কৰাৰ সিদ্ধান্ত ল’লো|আমি গম পালো যে ইউজাৰ এক সমুদায় বিশেষৰ লগত জড়িত হৈ খবৰবোৰ পোষ্ট কৰে|
নিষ্কৰ্ষ : বিশ্বাস টীমে নিজা পৰীক্ষণৰত পালে যে ছোৱালীজনীক নিৰ্ম্মমভাৱে পিটা ভিডিওটো কাশ্মীৰৰ নহয় বৰং অসমৰ|ভিডিওত দেখা ছোৱালীজনীক তাইৰ পিটা মানুহজন তাইৰ বাপেক|ছোৱালীজনীৰ বাপেক বৰ্তমান জেলত|নিজৰ জীয়েকক এই কাৰণে পিটিছিল কাৰণ তেওঁ বিচাৰিছিল জীয়েকে অনৈতিত কাম কৰক আৰো জীয়েক সেই কথাত ৰাজী নাছিল|
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.