
নতুন দিল্লী (বিশ্বাস নিউজ) । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ ব্যাপকভাৱে ভাইৰেল হৈ পৰা দেখা গৈছে, এই ভিডিঅ’টোত এটা অট্টালিকাৰ ৰেলিং ভাঙি যোৱাৰ পিছত একাংশ লোকে অট্টালিকাটোৰ তলত ভিৰ কৰা দেখা গৈছে। এই ভিডিঅ’টো পোষ্ট কৰি দাবী কৰা হৈছে যে এই ঘটনা অসমৰ।
বিশ্বাস নিউজৰ অনুসন্ধানত আমি লাভ কৰা তথ্য অনুসৰি এই দাবী ভুৱা। এই ভিডিঅ’টো অসমৰ নহয়, বৰঞ্চ বলিভিয়াৰহে। এই ঘটনা সংঘটিত হৈছিল বলিভিয়াৰ পাব্লিক ইউনিভাৰ্ছিটি আল অল্টোত।
কি এই ভাইৰেল পোষ্ট?
ভাইৰেল পোষ্টত একাংশ লোকে এটা অট্টালিকাৰ ওপৰৰ ৰেলিং ভাঙি যোৱাৰ পিছত অট্টালিকাটোৰ ওপৰৰ পৰা কিছুসংখ্যক লোক তললৈ সৰি পৰা দেখা গৈছে। এই ভিডিঅ’টো পোষ্ট কৰি দাবী কৰা হৈছে, “7 students died after falling from 4th floor in a crowded area in Guwahati…” ইয়াৰ অসমীয়া অনুবাদ হৈছে “গুৱাহাটীৰ এক যথেষ্ট জনসমাগম থকা ঠাইত ৭ গৰাকী ছাত্ৰ এটা অট্টালিকাৰ ৪ৰ্থ মহলাৰ পৰা পৰি মৃত্যু হৈছে।”
এই পোষ্ট টোৰ আৰ্কাইভ লিংকটো ইয়াত চাব পাৰিব।
অনুসন্ধান
অনুসন্ধান আৰম্ভ কৰিয়েই আমি এই ভিডিঅ’টো InVid টুলত দাখিল কৰো আৰু এই ভিডিঅ’টোৰ কী-ফ্ৰেমবোৰ উলিয়াই লওঁ। ইয়াৰ পিছত আমি গুগল ৰিভাৰ্ছ ইমেজত এই ফ্ৰেমবোৰ ছাৰ্ছ কৰো। এনেদৰে বিচাৰ কৰোতেই আমি independent.co.uk , thesun.co.uk তথা dailymail.co.uk কে ধৰি ভালেমান প্ৰতিষ্ঠিত ৱেবছাইটত এই ভিডিঅ’টোৰ উপস্থিতি লাভ কৰো। ভিডিঅ’টোৰ লগত থকা বিৱৰণী অনুসৰি এই ঘটনা বলিভিয়াৰ পাব্লিক ইউনিভাৰ্ছিটি আল-অল্টোৰ, য’ত বিগত ২ মাৰ্চ, ২০২১ তাৰিখে এটা অট্টালিকাৰ ৰেলিং ভাঙি তললৈ সৰি পৰাৰ ফলত ৭ গৰাকীকৈ ছাত্ৰৰ মৃত্যু হৈছিল।
এই বিষয়টোৰ সত্যতা প্ৰমাণ কৰিবৰ বাবে আমি আল-অল্টোৰ সৈতেও যোগাযোগ স্থাপন কৰো। বলিভিয়াৰ আল-অল্টো ইউনিভাৰ্ছিটিৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰাউল ৰড্ৰিগজে আমাক জনায়, “এই সমগ্ৰ ঘটনাটো এতিয়া তদন্তৰ আওঁতাত আছে, সেয়েহে আমি আপোনালোকক অধিক তথ্য যোগান ধৰিব নোৱাৰিম। কিন্তু এই কথা নিশ্চিতি দিব পাৰো যে এই ভিডিঅ’টো বলিভিয়াৰ আল-অল্টো ইউনিভাৰ্ছিটিৰ হয়।”
এতিয়া আমি কী-ৱৰ্ডৰ সহায়ত এই কতা বিচাৰিবলৈ ললো যে এনে ধৰণৰ কোনো ঘটনা শেহতীয়াকৈ অসমৰ কোনো স্থানত সংঘটিত হৈছে নেকি। আমি এইধৰণৰ কোনো প্ৰামাণিক তথ্য লাভ নকৰিলো, য’ত এনেধৰণৰ কোনো ঘটনাৰ উল্লেখ আছে।
উল্লেখ্য যে এই ভাইৰেল ফটো শ্বেয়াৰ কৰা ফে’চবুক ইউজাৰ ‘Monir uddin Ahmed’ ৰ ছ’চিয়েল মিডিয়া প্ৰ’ফাইল স্কেন কৰাত আমি জানিব পাৰো যে এই পেজটোত ২,৯৯১ টা ফ’ল’ৱাৰ্ছ আছে।
নিষ্কৰ্ষঃ উপসংহাৰ – এই ভাইৰেল দাবী সম্পূৰণৰূপে ভুৱা। এই ভিডিঅ’টো অসমৰ নহয়, বৰঞ্চ বলিভিয়াৰহে। এই ঘটনা সংঘটিত হৈছিল বলিভিয়াৰ পাব্লিক ইউনিভাৰ্ছিটি আল-অল্টোত।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.