X

Fact Check : যোগী আদিত্যনাথে টি-চাৰ্ট পিন্ধি যোগাভ্যাস কৰা ভাইৰেল ছবি তিনি বছৰ পুৰণি

উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত যোগী আদিত্যনাথ সম্পৰ্কীয় পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ২০১৮ ৰ ছবিখন কিছুমান মানুহে ভাইৰেল কৰি তুলিছে। যোগী আদিত্যনাথে টী-চাৰ্ট পিন্ধি ২০১৮ চনতে লক্ষ্ণৌত যোগ প্ৰদৰ্শন কৰিছিল

  • By Vishvas News
  • Updated: June 27, 2021

বিশ্বাস নিউজ (নতুন দিল্লী) || উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন পুৰণি ফটো শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইয়াত, তেওঁক এটা টি-চাৰ্ট পিন্ধি যোগ কৰি থকা দেখা গৈছে। ব্যৱহাৰকাৰীসকলে ইয়াক ভাইৰেল কৰি তুলিছে আৰু ছবিখনক ২০২১ চনৰ যোগ দিৱস হিচাপে উল্লেখ কৰিছে। বিশ্বাস নিউজৰ অনুসন্ধানত এটা ভাইৰেল পোষ্টৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এতিয়া ২০১৮ ৰ ছবিখন ভাইৰেল কৰি তুলিছে।

কি এই ভাইৰেল পোষ্ট?
ফেচবুক ব্যৱহাৰকাৰী নিৰ্ভয়কান্ত মিশ্ৰই ২১ জুনত যোগী আদিত্যনাথৰ এখন ফটো পোষ্ট কৰি দাবী কৰিছিল: ‘হিন্দু হৃদয় সম্ৰাট যোগী আদিত্যনাথজীৰ আজিৰ যোগ দৰ্শন। এয়া প্ৰথমবাৰৰ বাবে যোগীজীক টি-চাৰ্টত দেখা গৈছে।’

আন ব্যৱহাৰকাৰীসকলেও এই ছবিখন ভাইৰেল কৰি তুলিছে। ফে’চবুক পোষ্টৰ আৰ্কাইভ কৰা সংস্কৰণটো ইয়াত চাওক।

অনুসন্ধান

বিশ্বাস নিউজে প্ৰথমে গুগল ৰিভাৰ্চ ইমেজ টুলৰ জৰিয়তে ভাইৰেল ছবিখন বিচাৰিছিল। প্ৰাৰম্ভিক অনুসন্ধানত, আমি যোগী আদিত্যনাথৰ টি-চাৰ্ট পিন্ধা আৰু আজ টক ৱেবছাইটত যোগ প্ৰদৰ্শন কৰা এখন ভাইৰেল ছবি পাইছিলোঁ। ২১ জুন, ২০১৮ৰ এটা বাতৰিত প্ৰকাশ পাইছিল যে যোগী আদিত্যনাথে টী-চাৰ্ট পিন্ধি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে লক্ষ্ণৌৰ ৰাজভৱনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে যোগাভ্যাস কৰিছিল। সম্পূৰ্ণ বাতৰি ইয়াত পঢ়ক।

আমাৰ এই অনুসন্ধানটো আগবঢ়াই, বিশ্বাস নিউজে InVID ৰ টুইটাৰ সন্ধান সঁজুলি ব্যৱহাৰ কৰিছিল। ইয়াৰ জৰিয়তে, আমি ২০১৮ চনত ANI UP আৰু যোগী আদিত্যনাথৰ পৰা টুইট দেখিবলৈ পাইছিলোঁ। দুয়োটা টুইটতে আপুনি যোগী আদিত্যনাথক টি-চাৰ্ট পিন্ধা দেখিবলৈ পাব।

যোগী আদিত্যনাথৰ হেণ্ডেলৰ পৰা ২১ জুন, ২০১৮ তাৰিখে এটা টুইট কৰা হৈছিল। ছবিখনৰ পৃষ্ঠভূমি আৰু টী-চাৰ্টটো এই কথাৰ পৰা অনুমান কৰিব পাৰি যে ভাইৰেল ছবিখন সেই একেটা অনুষ্ঠানৰে।

অনুসন্ধানৰ সময়ত, আমি উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ টুইটাৰ হেণ্ডেলত চাৰিখন ছবি পাইছিলোঁ। ইয়াতো, যোগী আদিত্যনাথক টি-চাৰ্টত দেখা গৈছে। টুইটটো ২১ জুন, ২০১৮ ত টুইট কৰা হৈছিল।

তদন্তটো আগুৱাই লৈ গৈ বিশ্বাস নিউজে উত্তৰ প্ৰদেশ বিজেপিৰ মুখপাত্ৰ ৰাকেশ ত্ৰিপাঠীৰ সৈতে যোগাযোগ কৰে। বিশ্বাস নিউজক তেওঁ কয়, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এই ভাইৰেল ছবিখন ২০১৮ চনৰে।

শেষত বিশ্বাস নিউজে যোগী আদিত্যনাথৰ পুৰণি ছবিখন ভাইৰেল কৰা ফেচবুক ব্যৱহাৰকাৰী নিৰ্ভয়কান্ত মিশ্ৰৰ প্ৰ’ফাইলৰ ছঁ’চিয়েল স্কেনিং কৰাত গম পাইছিলো যে ব্যৱহাৰকাৰীজনে বৰ্তমান বিৰাট নগৰত বাস কৰে। তেওঁৰ ৩০০০ ৰো অধিক ফেচবুক বন্ধু আছে।

নিষ্কৰ্ষঃ উপসংহাৰ: বিশ্বাস নিউজৰ অনুসন্ধানত যোগী আদিত্যনাথ সম্পৰ্কীয় পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰমাণিত হৈছে। ২০১৮ ৰ ছবিখন কিছুমান মানুহে ভাইৰেল কৰি তুলিছে। যোগী আদিত্যনাথে টী-চাৰ্ট পিন্ধি ২০১৮ চনতে লক্ষ্ণৌত যোগ প্ৰদৰ্শন কৰিছিল

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later