
নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে বিগত ২২ জানুৱাৰী ২০২১ তাৰিখে WHO এ কৈছে যে এগৰাকী সুস্থ আৰু স্বাস্থ্যৱান লোকে চিকিৎসালয়ৰ বাহিৰত মাস্ক পৰিধান কৰাটো জৰুৰী নহয়। এই পোষ্টটোৰ সৈতে ২৫ জানুৱাৰী ২০২১ তাৰিখে প্ৰকাশ পোৱা এটা ব্লগ পোষ্টৰ লিংকো শ্বেয়াৰ কৰি থকা হৈছে, য’ত শিৰোনামত লিখা হৈছে, ‘WHO এ এতিয়া কৈছে যে আপুনি আৰু মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই।’
বিশ্বাস নিউজৰ তৰফৰ পৰা কৰা অনুসন্ধানত এই ভাইৰেল বাৰ্তা ভুৱা বুলি জনা গ’ল। WHO ৰ মুখপাত্ৰই এই সন্দৰ্ভত কয় যে চিকিৎসালয়েই হওঁক অথবা হেল্থকেয়াৰৰ ভিতৰতেই হওঁক, মাস্ক পিন্ধাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা এতিয়াও স্পষ্ট আছে। এই নিৰ্দেশনা অনুসৰি জনসাধাৰণে মাস্ক পৰিধান কৰিব লাগে। বিশ্বাস নিউজে এনে কোনো প্ৰমাণ লাভ নকৰিলে যিয়ে এই কথা নিশ্চিত কৰিব পাৰে যে বিশ্ব স্বাস্থ্য সংস্থাই মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে।
Julia নামৰ এগৰাকী টুইটাৰ ইউজাৰে এটা পোষ্টত লিখিছে, ‘আপুনি জানেনে – WHO এ এতিয়া কৈছে যে আপুনি মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই।’ ইয়াৰ লগতে ব্লগ পোষ্টৰ লিংক এটাও শ্বেয়াৰ কৰা হৈছে, য’ত শিৰোনাম দিয়া হৈছে – ‘WHO এ এতিয়া কৈছে যে আপুনি মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই।’
এই টুইটৰ আৰ্কাইভ সংস্কৰণ আপুনি ইয়াত ক্লিক কৰি চাব পাৰিব। আমি দেখিবলৈ পাইছো যে এই পোষ্টটো ফে’চবুকতো ভাইৰেল হৈছে। ফে’চবুক পোষ্টৰ আৰ্কাইভ সংস্কৰণটো ইয়াত ক্লিক কৰি চাব পাৰিব।
বিশ্বাস নিউজে বিশ্ব স্বাস্থ্য সংস্থাৰ হেল্থ ইমাৰ্জেন্সিজ বিভাগৰ কাৰিকৰী বিষয়া SEARO ৰ সৈতে এই ভাইৰেল পোষ্ট সন্দৰ্ভত যোগাযোগ স্থাপন কৰিছিল। তেওঁ আমাক জানিবলৈ দিয়ে, ‘এই পোষ্ট সম্পূৰ্ণৰূপে ভুৱা। হেল্থ কেয়াৰ ছেটিংছৰ বাহিৰতেই থাকক অথবা ভিতৰতেই থাকক, মাস্ক সন্দৰ্ভত আমাৰ নিৰ্দেশনা স্পষ্ট আছে। জনসাধাৰণে মাস্ক পৰিধান কৰিব লাগে। আমি মাস্ক সন্দৰ্ভত বিশেষ নিৰ্দেশনা ও জাৰি কৰি থৈছোঁ।’
মাস্ক সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনাত উল্লেখ আছে যে ক’ভিড পৰিস্থিতিত জনসাধাৰণে মাস্ক পৰিধান কৰিহে ইজনে সিজনৰ কাষত থাকিব লাগে। ইয়াৰ লগতে, মাস্কৰ সঠিক ব্যৱহাৰ, তদাৰক আৰু পৰিস্কাৰ পৰিচ্ছন্নতা তথা নিষ্কাশনৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হৈছে, যাতে ইয়াৰ ব্যৱহাৰক সৰ্বাত্মক কাৰ্যকৰী কৰি তুলিব পাৰি।
বিশ্ব স্বাস্থ্য সংস্থাই কেতিয়াও কোনো স্থানতে কোৱা নাই যে জনসাধাৰণে চিকিৎসালয়ৰ বাহিৰত মাস্ক পৰিধান কৰাৰ প্ৰয়োজন নাই। বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবছাইটত কেৱল মাস্ক ব্যৱহাৰৰ বাবেই এক বিশেষ পৃষ্ঠা আছে। WHO অনুসৰি সংক্ৰমণ প্ৰতিৰোধ আৰু জীৱন ৰক্ষাৰ বাবে মাস্ক অতি গুৰুত্বপূৰ্ণ কাৰক। সকলোকে এক ব্যৱহাৰিক মনোভাৱেৰে কায়িক দূৰত্ব, জনসমাগমৰ পৰা আঁতৰত থকা, নিকট সম্পৰ্কৰ সময়ত, সঠিক ভেণ্টিলেশ্যন, হাত ভালকৈ পৰিস্কাৰ কৰা, হাঁচি মৰা বা কাঁহৰ সময়ত নাক মুখ ভালকৈ ঢাকি ৰখা আৰু অন্যান্য ভালেমান সাৱধানতাৰে মাস্ক পৰিধান কৰিব লাগে বুলি পৰামৰ্শ দি থৈছে বিশ্ব স্বাস্থ্য সংস্থাই। মাস্কে কোনো সুস্থ ব্যক্তিৰ দেহলৈ ৰোগ সংক্ৰমণ বা বিয়পি পৰাৰ ক্ষেত্ৰত প্ৰতিৰোধ গঢ়িব পাৰে।’
২২ জানুৱাৰী ২০২১ তাৰিখে এক সংবাদ মেলত WHO ৰ চিকিৎসক ডাঃ মাৰিয়া বেন কেৰখোৱেই কয়, “মাস্ক হৈছে ভাইৰাছ নিয়ন্ত্ৰণৰ এটা অংশ। ই ভাইৰাছ বিয়পি পৰাৰ ক্ষেত্ৰত প্ৰতিৰোধ গঢ়ি তোলা এক অংশহে মাত্ৰ। কিন্তু কেৱল মাস্ক পৰিধান কৰিলেই সম্পূৰ্ণৰূপে ভাইৰাছ প্ৰতিৰোধ বা নিয়ন্ত্ৰণ হ’ব বুলি ভাবিলে নহ’ব।” এই সংবাদমেলতে তেওঁ মাস্কৰ লগতে শাৰীৰিক ব্যৱধান ৰখা, হাত পৰিস্কাৰ কৰি ৰখাৰো পৰামৰ্শ দিয়ে।
বিশ্বাস নিউজে এই ভাইৰেল পোষ্ট টুইট কৰা Julia নামৰ লোকগৰাকীৰ প্ৰ’ফাইল স্কেন কৰি জানিব পাৰে যে বাতৰি লিখাৰ পৰলৈকে তেওঁৰ ৬৯ গৰাকী ফ’ল’ৱাৰ্ছ আছে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই ভাইৰেল পোষ্টটো ভুৱা বুলি জানিব পৰা গৈছে। WHO ৰ মুখপাত্ৰৰ মতে, চিকিৎসালয়েই হওঁক, হেল্থকেয়াৰৰ ভিতৰতেই হওঁক মাস্ক পিন্ধাৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা এতিয়াও স্পষ্ট আছে। এই নিৰ্দেশনা অনুসৰি জনসাধাৰণে মাস্ক পৰিধান কৰিব লাগে। বিশ্বাস নিউজে এনে কোনো প্ৰমাণ লাভ নকৰিলে যিয়ে এই কথা নিশ্চিত কৰিব পাৰে যে বিশ্ব স্বাস্থ্য সংস্থাই মাস্ক পিন্ধাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.