
নতুন দিল্লী (বিশ্বাস নিউজ)। চছিয়েল মিডিয়াত আজিকালি এটা ভিডিও ভাইৰেল হৈ আছে| তাত এক মৃত কন্যাশিশুক দেখুৱা হৈছে| এই পোষ্টটো ছেয়াৰ কৰি দাবী কৰিছে যে আলীগড়ত সেই কন্যাশিশুটিক বলাৎকাৰৰ পাচত তাইক হত্যা কৰা গৈছে|
বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী ভুল বুলি পোৱা গ’ল| যি কন্যা শিশুৰ ভিডিও ছেয়াৰ কৰি লেখা গৈছে “উত্তৰ প্ৰদেশৰ আলিগড়ত তিনি বছৰীয়া কণমানিক ধৰ্ষণ| ধিক্কাৰ জনাবলৈ ভাষা নাই| ৰাম ৰাজ্যৰ নমুনা এয়া| ধৰ্ষণকাৰীক চিনাক্ত কৰি অতি সোনকালে ফাঁচী দিয়াৰ দাবী জনালোঁ|”
এই পোষ্টৰ আৰ্কাইড ভাৰচন য’ত ক্লিক কৰিলে দেখা যাব|
আমি অনুসন্ধানৰ বাবে এই ভিডিও টোক invid টুলত দিলো আৰু কীফ্ৰেম্সক গুগুল ইমেজ টুলত কীৱৰ্ডৰ সৈতে চাৰ্চ কৰিলোঁ| আমি আলীগড় পুলিচৰ এক টুইটাৰ পালো, য’ত এক ইউজাৰে দ্বাৰা আপলোড কৰা এই ভিডিওৰ উত্তৰত পুলিচৰ অফিচিয়েল একাউন্ট দ্বাৰা স্পষ্ট কৰা গৈছিল যে ভিডিওত তিনিবছৰীয়া কন্যাশিশুটিৰ এটা দুৰ্ঘটনাৰ কাৰণে মৃত্যু হৈছিল| পোষ্টত লেখা আছিল, ” অনুগ্ৰহ কৰি সত্যতা নজনাকৈ ভ্ৰমিত টুইট নকৰে যেন| সত্যতা জানক …প্ৰকৰণত কন্যা শিশুটিৰ মৃত্যু এক পথদূৰ্ঘটনাত আহত হোৱাৰ ফলত হৈছিল, ইয়াৰ সম্বন্ধে অকৰাবাদ থানাত অভিযোগ পঞ্জীকৃত হৈছে, আৱশ্যক বিধি কাৰ্যবাহী কৰা হৈ আছে| দুষ্কৰ্মৰ দৰে কোনো ঘটনা কোনো ঘটা নাছিল| “
এই ঘটনাত আলীগড় পুলিচে 8 নবেম্বৰতো অক টুইট কৰিছিল, য’ত অছপী ক্ৰাইমে ভিডিওৰ জড়িয়তে জনাইছিল যে, ‘ থানা অকৰাবাদ ক্ষেত্রান্তৰ্গত ০৩ বছৰীয়া কন্যাশিশুৰ পথদূৰ্ঘটনাত মৃত্যুৰ সম্বন্ধত চছিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টটো ভ্ৰমক/ নিৰাধাৰ / তথ্যহীন হয়|’
ইয়াৰ ওপৰিও, আলীগড় পুলিচৰ এক টুইটত মৃতক শিশুটিৰ মাকৰ দ্বাৰা দিয়া ভিডিও বয়ানো দেখা পাব পাৰে| ভিডিওত শিশুটিৰ মাকে কোৱা শুনিবলৈ পোৱা যাব যে তেওঁৰ জীয়েকৰ দূৰ্ঘটনাৰ কাৰণে মৃত্যু হৈছিল|
এই বিষয়ে আৰু অলপ জানিবলৈ আমি আলীগড় এচপী-ক্ৰাইম অৰবিন্দ কুমাৰৰ লগত যোগাযোগ কৰিলোঁ| তেখেতে আমাক জনায়,” এই বিষয়ত স্পষ্টীকৰণ আগতেই জাৰী কৰা হৈছিল| শিশুটিৰ মৃত্যু পথ দূৰ্ঘটনাত হৈছিল| তেওঁৰ লগত দূষ্কৰ্ম হোৱাৰ দাবী মিছা|”
ভাইৰেল ভিডিওক মিছা দাবীৰে ছেয়াৰ কৰোঁতা ইউজাৰ ‘Omor Faruk Ahmed’s ৰ প্ৰোফাইলৰ অনুসাৰে, তেওঁ অসমৰ গোৱালপাৰাৰ বাসিন্দা|
নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত এই দাবী মিছা বুলি ওলাল| যিজনী শিশুৰ ভিডিও চছিয়েল মিডিয়াত ছেয়াৰ কৰা হৈ আছে, তেওঁৰ মৃত্যু এক পথ দূৰ্ঘটনাত হৈছিল| তেওঁৰ ৰেপ হোৱা কথা একেবাৰে মিছা|
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.