Fact Check: প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সকলক 1999 টকাকৈ দিয়াৰ দাবী ভুৱা, ফিশ্বিং লিংক ভাইৰেল
বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে, ডিজিটেল প্ৰতাৰণাৰ উদ্দেশ্যত হে ভাইৰেল প’ষ্টটো কৰা হৈছে। সেইটোৰ লগত ফিশ্বিং লিংকো শ্বেয়াৰ কৰা হৈছে। উল্লেখ্য, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সূক্ষ্ম আৰু লঘু উদ্যমীসকলক ল’ন দিয়া হয়। কিন্তু তাৰ অধীনত সকলক 1999 টকাকৈ দিয়া হৈ আছে বুলি যি দাবী কৰা হৈছে সেয়া ভুৱা হয়।
- By: Sharad Prakash Asthana
- Published: Mar 6, 2025 at 04:16 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (PMMY)-ৰ নামত ছ’চিয়েল মিডিয়াত এটা প’ষ্ট ভাইৰেল হৈ আছে। সেইটোত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবি দেখুৱাই এয়া দাবী কৰা হৈ আছে যে, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (PMMY)-ৰ অধীনত সকলক 1999 টকাকৈ দিয়া হৈ আছে। সেই টকা পোৱাৰ কাৰণে প’ষ্টত থকা লিংক-ত ক্লিক কৰিব লাগিব বুলি কোৱা হৈছে।
বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে, ডিজিটেল প্ৰতাৰণাৰ উদ্দেশ্যত হে ভাইৰেল প’ষ্টটো কৰা হৈছে। সেইটোৰ লগত ফিশ্বিং লিংকো শ্বেয়াৰ কৰা হৈছে। উল্লেখ্য, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সূক্ষ্ম আৰু লঘু উদ্যমীসকলক ল’ন দিয়া হয়। কিন্তু তাৰ অধীনত সকলক 1999 টকাকৈ দিয়া হৈ আছে বুলি যি দাবী কৰা হৈছে সেয়া ভুৱা হয়।
ভাইৰেল প’ষ্ট
ফেচবুক ইউজাৰ Flippcaarrt’s Post 4 মাৰ্চত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবি থকা প’ষ্টাৰ শ্বেয়াৰ (আৰ্কাইভ লিংক) কৰি লিখিছে,
“স্কেন কৰক আৰু জিকি লওঁক 2000-লৈ কেশ্ব বেক”
প’ষ্টাৰত লিখা আছে, “প্ৰত্যেক ভাৰতীয় নাগৰিকক প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ পক্ষৰপৰা 1999 টকাকৈ বিতৰণ কৰা হৈ আছে সকলৰ একাউণ্টত।”

সেই প’ষ্টৰ তলত এটা লিংক দিয়া হৈছে, আৰু কোৱা হৈছে যে, টকা পোৱাৰ কাৰণে সেই লিংক-ত ক্লিক কৰিব লাগিব।
অনুসন্ধান
ভাইৰেল প’ষ্টত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ছবি দিয়া হৈছে, কিন্তু এই যোজনা কেন্দ্ৰীয় চৰকাৰৰ হয়। প’ষ্টৰ কেপশ্বনত স্ক্ৰেচ কৰিলে দুই হাজাৰ টকা জিকিব পৰা যাব বুলি কোৱা হৈছে আৰু প’ষ্টত এয়াও কোৱা হৈছে যে, উক্ত টকাখিনি নিজৰ একাউণ্টত পোৱাৰ কাৰণে লিংক-ত ক্লিক কৰিব লাগিব। লিংক-ৰ ইউআৰএল-ত এক্সৱাইজেড লিখা আছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ যোজনা হ’লে ইউআৰএল-টো ডট জিঅ’ভি ডট ইন বা এনআইচি ডট ইন-ৰপৰা হ’ল হেতেন। সেই কাৰণে প’ষ্টটোক আমাৰ সন্দিগ্ধ যেন লাগিছিল।

কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইট মাই স্কীমত থকা তথ্য অনুসৰি, অ-কৃষি ক্ষেত্ৰত উৎপাদন, বাণিজ্য বা সেৱাৰ ক্ষেত্ৰৰ লগত যুক্ত সূক্ষ্ম আৰু লঘু উদ্যমীসকলক 10 লাখ টকাকৈ ল’ন দিয়া হয়। য’ত কৃষি ক্ষেত্ৰৰ লগত কাৰ্যকলাপ যেনে কুকুৰা পালন, ডেয়াৰী, মৌমাখি পালন ইত্যাদিও অন্তৰ্ভুক্ত হৈ আছে। এই যোজনা অ-কৰ্পৰেট আৰু অ-কৃষি ক্ষেত্ৰৰ সূক্ষ্ম আৰু লঘু প্ৰতিষ্ঠানসমূক সদস্য ল’ন প্ৰতিষ্ঠানসমূহৰ দ্বাৰা আগবঢ়োৱা বিত্তীয় সহায়তা প্ৰদান কৰি থাকে।

29 অক্টোবৰ 2024-ত প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ (পিআইবি)-ৰ দ্বাৰা জাৰী হোৱা প্ৰেছ জাননী অনুসৰি, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 8 এপ্ৰিল 2015-ত এই যোজনাৰ সূচনা কৰিছিলে। 23 জুলাই 2024-ত ঋণৰ সীমা বৃদ্ধি কৰি 20 লাখ টকা কৰাৰ কথা ঘোষণা কৰা হৈছিল। সেইটোত নতুন শ্ৰেণী তৰুণ প্লাছ যোগ কৰা হৈছিল। যিসকলে আগতে তৰুণ শ্ৰেণীৰ অধীনত ঋণ লৈছে আৰু সেয়া পৰিশোধ কৰি দিছে, তেওঁলোকে ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। এই যোজনাৰ আন তিনিটা শ্ৰেণী হ’ল শিশু, কিশোৰ আৰু তৰুণ। এই শ্ৰেণীসমূহৰ অধীনত ক্ৰমে 50 হাজাৰ, 50 হাজাৰৰপৰা পাঁচ লাখ আৰু পাঁচ লাখৰপৰা 10 লাখলৈ ল’ন পোৱা যায়।

কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পিএমএমৱাই-ৰ অধীনত প্ৰতিষ্ঠাপিত বিত্তীয় প্ৰতিষ্ঠান মাইক্ৰ’ ইউনিটছ ডেভেলপমেণ্ট এণ্ড ৰিফাইনেঞ্চ এজেঞ্চি (মুদ্ৰা) লিমিটেডৰ ৱেবছাইট-ত থকা তথ্য অনুসৰি, যি কোনো বেংক, এনবিএফচি, এমএফআই ইত্যাদিৰ নিকটৱৰ্তী শাখা কাৰ্যালয়ৰপৰা মুদ্ৰা ল’ন ল’ব পৰা যাব। হিতাধিকাৰীসকলে www.udyamimitra.in-তো মুদ্ৰা ল’নৰ বাবে অনলাইন আৱেদন কৰিব পাৰিব। ইয়াত এই তথ্যও দিয়া হৈছে যে, মুদ্ৰা ল’ন দিয়াৰ কাৰণে কোনো এজেণ্টক নিযুক্ত কৰা হোৱা নাই। সকলক 1999 টকাকৈ দিয়াৰ কোনো তথ্য আমি এই ৱেবছাইটত পোৱা নাই।

কী-ৱৰ্ড দি গুগলত ছাৰ্চ কৰিও আমি এনেকুৱা কোনো মিডিয়া ৰিপ’ৰ্টো পোৱা নাই।
এই বিষয়ত প্ৰাক্তন আইপিএছ তথা চাইবাৰ এক্সপাৰ্ট ত্ৰিবেণী সিঙে কৈছে যে কেন্দ্ৰীয় চৰকাৰৰ কোনো যোজনাৰ অধীনত এই ধৰণৰ কোনো ঘোষণা দিয়া হ’লে সেইটো কথা মিডিয়াত অতি অৱশ্যেই খবৰ কৰা হ’ব। আনুষ্ঠানিক ৱেবছাইটতো সেই তথ্য সদৰী কৰা হ’ব। ভাইৰেল লিংকটো কোনো আনুষ্ঠানিক ৱেবছাইট বা চৰকাৰী ৱেবছাইটৰ নহয়। চাইবাৰ অপৰাধীসকলে প্ৰায়েই লোভ দেখুৱাই এই ধৰণৰ ফিশ্বিং লিংক শ্বেয়াৰ কৰি থাকে। সেইবোৰত ক্লিক কৰিব নালাগে।
এনেকৈ ফ্ৰি ৰিচাৰ্জ বা লটাৰিৰ নামতো বহুত প’ষ্ট ভাইৰেল হৈ থাকে। সেইবোৰৰ জৰিয়তে চাইবাৰ অপৰাধীসকলে মানুহৰ বিত্তীয় ক্ষতি কৰি থাকে। সেইবোৰৰ বিষয়ে সকীয়নী থকা আমাৰ ৰিপ’ৰ্টসমূহক ইয়াত পঢ়ি চাব পাৰে।
ফিশ্বিং লিংক শ্বেয়াৰ কৰা ইউজাৰ-ৰ 81 ফলোৱাৰ্ছ আছে।
সিদ্ধান্ত: প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সকলক 1999 টকাকৈ দিয়াৰ দাবী মিছা। প’ষ্টৰ সৈতে ফিশ্বিং লিংক শ্বেয়াৰ কৰা হৈ আছে।
- Claim Review : প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত সকলক 1999 টকাকৈ দিয়া হৈ আছে।
- Claimed By : FB User- Flippcaarrt's Post
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











