Fact Check: CSK অনুৰাগীৰ প্লেকাৰ্ডৰ এডিটেড ছবিক ঔৰংগজেব বিতৰ্কৰ সৈতে যুক্ত কৰি ভাইৰেল কৰা হৈ আছে
বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা ছবিখন এডিটেড হয়। চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীয়ে খেল চলি থাকোঁতে ধোনী সম্বন্ধীয় কথা থকা প্লেকাৰ্ড ধৰি আছিল। আচল প্লেকাৰ্ডক এডিট কৰি তাত ঔৰংগজেব লিখা হৈছে।
- By: Umam Noor
- Published: Mar 28, 2025 at 05:44 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। মোগল শাসক ঔৰংগজেবক লৈ বিতৰ্ক চলি থকাৰ মাজতে এখন ছবি ভাইৰেল হৈ আছে। ভাইৰেল ছবিখনত এজন ব্যক্তিক দেখা পোৱা গৈ আছে যে তেওঁ আইপিএল খেলত প্লেকাৰ্ড হাতত লৈ থিয় হৈ আছে আৰু তেওঁ আইপিএল টিম চেন্নাই ছুপাৰ কিংছৰ টী-শ্বাৰ্ট পিন্ধি আছে। তেওঁৰ প্লেকাৰ্ডত ঔৰংগজেবক লৈ আপত্তিজনক শব্দ লিখা আছে বুলি অভিযোগ। ভাইৰেল ছবিখনক সঁচা বুলি ভাবি বেলেগ বেলেগ প্লেটফৰ্মতো শ্বেয়াৰ কৰা হৈ আছে।
বিশ্বাস নিউজে নিজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা ছবিখন এডিটেড হয়। চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীয়ে খেল চলি থাকোঁতে ধোনী সম্বন্ধীয় কথা থকা প্লেকাৰ্ড ধৰি আছিল। আচল প্লেকাৰ্ডখনক এডিট কৰি তাত ঔৰংগজেব লিখা হৈছে।
ভাইৰেল পোষ্টত কি আছে?
ফেচবুক পেজ ‘দি হিন্দু’ প্লেকাৰ্ডৰ ছবি শ্বেয়াৰ কৰি তাত লিখিছে, “ঔৰংগজেব @#$%আছিল আৰু তেওঁক ভাল পোৱা মানুহো @#$%আছে।”
পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।

অনুসন্ধান
আমি নিজৰ অনুসন্ধান আৰম্ভ পোন প্ৰথমতে গুগল লেঞ্চৰ জৰিয়তে ভাইৰেল ছবিখন ছাৰ্চ কৰিছিলোঁ। ছাৰ্চ কৰাৰ পাছত দেখা পালোঁ যে ছবিখন ফিল্ম ৰাইটাৰ ৰথনা কুমাৰৰ ইনষ্টাগ্ৰাম হেণ্ডলত আপলোডেড হৈ আছে।
24 মাৰ্চ, 2025 তাৰিখত আপলোড হোৱা ছবিখনত আমি দেখা পালোঁ, মাহী অৰ্থাৎ মহেন্দ্ৰ সিঙ ধোনীৰ উদ্দেশত লিখা আছে, ‘দি মেন, দি মিথ, দি মাহী’। এই ছবিখনক হে এডিট কৰি ভুৱা দাবীৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।
আচল আৰু এডিটেড ছবিৰ তলত থকা কলাজত ভুৱা পোষ্ট চাব পৰা যাব।
ভাইৰেল পোষ্টৰ বিষয়ে নিশ্চিত হোৱাৰ কাৰণে আমি নেটৱৰ্ক 18-ৰ স্পোৰ্টছ এডিটৰ বিনীত ৰামকৃষ্ণনৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু তেওঁৰ সৈতে ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰিছিলোঁ। তেওঁ আমাক নিশ্চিত কৰি জনাইছে যে, ভাইৰেল পোষ্টত থকাৰ দৰে কোনো প্লেকাৰ্ড তাত নাছিল।
সদৌ শেষত আমি ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজ ‘দি হিন্দু’-ৰ ছ’চিয়েল স্কেনিং কৰিছিলোঁ। তেতিয়া গম পালোঁ যে এই পেজক আঠ হাজাৰৰ অধিক মানুহে ফলো কৰি থাকে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজে অনুসন্ধান কৰাৰ পাছত গম পাইছে যে ভাইৰেল হৈ থকা ছবিখন এডিটেড হয়। চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীয়ে খেল চলি থাকোঁতে ধোনী সম্বন্ধীয় কথা থকা প্লেকাৰ্ড ধৰি আছিল। আচল প্লেকাৰ্ডক এডিট কৰি তাত ঔৰংগজেব লিখা হৈছে।
- Claim Review : তেওঁৰ প্লেকাৰ্ডত ঔৰংগজেবক লৈ আপত্তিজনক শব্দ লিখা আছে বুলি অভিযোগ। ভাইৰেল ছবিখনক সঁচা বুলি ভাবি বেলেগ বেলেগ প্লেটফৰ্মতো শ্বেয়াৰ কৰা হৈ আছে।
- Claimed By : FB Page- The Hindu
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











