Fact Check: মালয়েছিয়াত হেজাৰ-হেজাৰ মানুহ ধৰ্মান্তৰকৰণৰ দ্বাৰা হিন্দু হৈছে বুলি উঠা দাবী ভিত্তীহীন হয়
বিশ্বাস নিউজে নিজৰ তদন্তত গম পাইছে যে মালয়েছিয়াত ইমান ডাঙৰ মাত্ৰাত চীনৰ মানুহে হিন্দু ধৰ্মক আঁকোৱালি লোৱা নাই। আমাৰ লগত কথা পাতি মালয়েছিয়াৰ সাংবাদিকসকলেও ভাইৰেল হোৱা এই দাবীক খণ্ডন কৰি ইয়াক ভিত্তীহীন বুলি কৈছে।
- By Vishvas News
- Updated: March 2, 2023

নতুন দিল্লী (বিশ্বাস নিউজ) ছ’চিয়েল মিডিয়াত উপস্থিত ইউজাৰে দাবী কৰি আছে যে মালয়েছিয়াত চীনৰ 6500 নাগৰিকে ধৰ্মান্তৰকৰণৰ দ্বাৰা হিন্দু ধৰ্মক আঁকোৱালি লৈছে। বেলেগ-বেলেগ প্লেটফৰ্মত এই পোষ্টক ভাইৰেল কৰা হৈ আছে। বিশ্বাস নিউজে নিজে তদন্ত কৰি গম পাইছে যে এই দাবী ভুৱা হয়। মালয়েছিয়াত ইমান ডাঙৰ মাত্ৰাত ধৰ্মান্তৰণৰ কোনো ঘটনা সংঘটিত হোৱা নাই। মালয়েছিয়াৰ সাংবাদিকসকলেও আমাৰ সৈতে কথা পতাৰ সময়ত ভাইৰেল হোৱা এই দাবীক খণ্ডন কৰি কৈছে যে এয়া ভিত্তীহীন হয়।
ভাইৰেল পোষ্টত কি আছে?
ফেচবুক ইউজাৰে ভাইৰেল পোষ্টক শ্বেয়াৰ কৰি লিখিছে, ‘मलेशिया मे दो दिन पहले 2500 और आज फ़िर 4000 चीनी नागरिकों ने हिंदु धर्म अपनाया दुनिया सत्य की ओर, जय् श्री राम सत्य सनातन धर्म की जय।
(অৰ্থাৎ, মালয়েছিয়াত দুই দিন আগতে 2500 আৰু আজি আকৌ 4000 চীনৰ নাগৰিকে হিন্দু ধৰ্মক আঁকোৱালি লৈছে পৃথিৱীখন সত্যৰ দিশে গৈ আছে, জয় শ্ৰী ৰাম সত্য সনাতন ধৰ্মৰ জয়।)
ভাইৰেল পোষ্টক যথাযথ ৰূপত লিখা হৈছে, আৰ্কাইভ ভাৰ্ছন ইয়াত চাই লওঁক।
তদন্ত
আমি নিজৰ অনুসন্ধান আৰম্ভ কৰাৰ পূৰ্বে সদৌ প্ৰথমতে নিউজ ছাৰ্চ কৰি চাইছোঁ। আমি এনেকুৱা কোনো বাতৰিৰ সন্ধান পোৱা নাই। এনেকুৱা কোনো ঘটনা সঁচাকৈ সংঘটিত হ’লে মালয়েছিয়াৰ যি কোনো এখন নিউজ ৱেবছাইটত ইয়াৰ বাতৰি থাকিলে হেঁতেন। আনকি দেশ আৰু বিদেশৰ বাতৰিৰ শিৰোনামত ইয়াৰ অস্তিত্ব থাকিলে হেঁতেন, কিন্তু আমি এনেকুৱা কোনো বাতৰিৰ সন্ধান পোৱা নাই।
এই বিষয়ে নিশ্চিত হোৱাৰ বাবে আমি মালয়েছিয়াৰ ইনভেষ্টিগেটিভ সাংবাদিক মাহী ৰামকৃষ্ণনৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে যে এই দাবী মিছা হয়, মালয়েছিয়াত বসবাস কৰি থকা চীনৰ নাগৰিকসকলে এনেকৈ ধৰ্মান্তৰিত হোৱাৰ ঘটনা সংঘটিত হোৱা নাই।
মালয়েছিয়াৰ পৰিসংখ্যা বিভাগৰ ৱেবছাইটত 2020-ত হোৱা লোকপিয়ল অনুসৰি, 63.5 শতাংশ মানুহ ইছলাম ধৰ্মৰ হয়, 18.7 শতাংশ বৌদ্ধ ধৰ্মৰ মানুহ হয়, 9.1 শতাংশ মানুহ খ্ৰীষ্টান ধৰ্মৰ, আৰু 6.1 শতাংশ মানুহ হিন্দু ধৰ্মাৱলম্বী হয়।

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত গম পাইছোঁ যে এইজন ইউজাৰ মোৰাদাবাদৰ হয় আৰু 250 মানুহে এইজন ইউজাৰক ফলো কৰে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে নিজৰ তদন্তত গম পাইছে যে মালয়েছিয়াত ইমান ডাঙৰ মাত্ৰাত চীনৰ মানুহে হিন্দু ধৰ্মক আঁকোৱালি লোৱা নাই। আমাৰ লগত কথা পাতি মালয়েছিয়াৰ সাংবাদিকসকলেও ভাইৰেল হোৱা এই দাবীক খণ্ডন কৰি ইয়াক ভিত্তীহীন বুলি কৈছে।
- Claim Review : আছে যে মালয়েছিয়াত চীনৰ 6500 নাগৰিকে ধৰ্মান্তৰকৰণৰ দ্বাৰা হিন্দু ধৰ্মক আঁকোৱালি লৈছে।
- Claimed By : Yashveer Yadav (Yash)
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com