ফেক্ট চেক: ছিধু মুছ ৱালাৰ এবছৰ পুৰণি এখন ভিডিঅ’ তেঁওৰ শেষ সাক্ষাৎকাৰ বুলি দাবী কৰা হৈছে
বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত গম পালে যে এই দাবী অসত্য। মাৰ্চ 2021-ত মুছৱালায় চ’নাম বাজৱা-ক এই সাক্ষাৎকাৰ দিয়ে, যি মানুহে এতিয়া ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে।
- By Vishvas News
- Updated: June 17, 2022

বিশ্বাস নিউজ (নিউ দিল্লি) : প্ৰখ্যাত পাঞ্জাবি গায়ক ছিধু মুছ ৱালাক অলপতে মানচা জিলাত গুলিয়াই হত্যা কৰা হয়, তেতিয়াৰ পৰা সামাজিক মাধ্যমত তেঁওৰ বিষয়ে বিভিন্ন দাবী কৰা হৈ আছে। এতিয়া, মুছ ৱালাৰ 2 মিনিট 47 চেকেণ্ডৰ এটা ভিডিঅ’ তেঁওৰ শেষ সাক্ষাৎকাৰ বুলি দাবী কৰা হৈ আছে। ভিডিঅ’টোত, মুছ ৱালাক এজন মহিলা সঞ্চালকৰ লগত দেখা পোৱা গৈছে য’ত তেঁও, তেঁওৰ সংগ্ৰামৰ বিষয়ে কই আছে।বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত এই দাবী অসত্য বুলি গম পায়।মাৰ্চ 2021-ত মুছ ৱালায়, চ’নাম বাজৱা-ক এই সাক্ষাৎকাৰ দিয়ে, যি এতিয়া মানুহে অসত্য দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে।
দাবী :
ফেচবুক ব্যৱহাৰকাৰী পাইয়াম নিউজ (আৰ্কাইভ)এই ভিডিও শ্বেয়াৰ কৰিছে আৰু লিখিছে, “ ছিধু মুছৱালাৰ শেষ সাক্ষাৎকাৰ।”
তদন্ত :
ভাইৰাল ভিডিঅ’টোৰ সত্য জানিবলৈ, আমি ইউটিউবত বিভিন্ন কি-ৱাৰ্ডেৰে বিছাৰিলো। আমি আচল ভিডিঅ’টো জি পাঞ্জাবিৰ অফিছিয়েল ইউটিউব চেনেলত বিছাৰি পালো। এই ভিডিঅ’খন 28 জুন 2021-ত আপল’ড কৰা হৈছিল। কেপচন মতে, এই ভিডিঅ’টো দিল দিয়া গল্লা নামক টিভি সাক্ষাৎকাৰ শ্ৰেণিৰ এটা পৰ্ব। আচল ভিডিঅ’খনত, ভাইৰাল ভিডিঅ’ৰ অংশটো ভিডিঅ’টোৰ 1.55 আৰু 7.34 টাইমষ্টেম্পৰ মাজত দেখা পোৱা যায়।
আমাৰ তদন্তত, আমি জি5-ৰ ওৱেবচাইটত-ও মুছ ৱালাৰ এই ভিডিঅ’খন পাইছো। এই ভিডিঅ’খন 6th মাৰ্চ 2021-ত আপল’ড কৰা হৈছিল। অনুষ্ঠানৰ সঞ্চালিকা চ’নাম বাজৱায় এই সাক্ষাৎকাৰটো লয়।
ইয়াৰ পিছত, আমি ছিধু মুছ ৱালাৰ সাক্ষাৎকাৰৰ বিষয়ে বিভিন্ন কি-ৱাৰ্ডৰ জৰিয়তে গুগলত বিছৰা আৰম্ভৱ কঁৰিলো। বিশ্বাস নিউজে দুখন অলপতে লোৱা সাক্ষাৎকাৰ বিছাৰি পালে, যিবিলাক তেঁওৰ হত্যাকাণ্ডৰ কিছুদিন পূৰ্বে লোৱা হৈছিল।মে-ৰ 26 তাৰিখে ইউটিউব চেনেল অন এয়াৰ-ত তেঁও এখন সাক্ষাৎকাৰ দিছিল।
অমৰ উজালায়ও তেঁওৰ এখন টেলিফ’নিক সাক্ষাৎকাৰ লৈছিল, যাৰ ৰিপোৰ্ট 30 মে 2022 প্ৰকাশ পাইছিল।
অধিক তথ্যৰ বাবে, আমি, পাঞ্জাবি জাগৰণ ভটিণ্ডাৰ জিলা-ইনচাৰ্জ গুৰতেজ ছিধুৰ লগতও যোগাযোগ কৰিলো। তেঁও আমাক জঁনায় যে ভাইৰাল দাবীটো ভ্ৰমাত্মক। এয়া এটা পুৰণি ভিডিঅ’।
এই ছবিখন পাইয়াম নিউজ নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে, ভুল দাবীৰে শ্বেয়াৰ কৰিছিল।প্ৰ’ফাইল মতে, 221 জন ব্যক্তিয়ে এই পেজখন অনুসৰণ কৰে আৰু এয়া 17 জানুৱাৰি 2022-ৰ পৰা সক্ৰিয়।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত গম পালে যে এই দাবী অসত্য। মাৰ্চ 2021-ত মুছৱালায় চ’নাম বাজৱা-ক এই সাক্ষাৎকাৰ দিয়ে, যি মানুহে এতিয়া ভুল দাবীৰ সৈতে শ্বেয়াৰ কৰি আছে।
- Claim Review : Sidhu Moose wala last interview
- Claimed By : Paiyam News
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com