X

ফেক্ট চেক: বলিউড অভিনেতা বিক্ৰম গ’খলে-ৰ অৱস্থা সংকটজনক, মৃত্যু সম্বন্ধীয় উৰা বাতৰিত বিশ্বাস নকৰিব

বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত বিছাৰি পালে যে বিক্ৰম গ’খলেৰ মৃত্যুৰ সংবাদ ভুৱা। বিক্ৰম গোখলে-ৰ স্ত্ৰী, কন্যায় আৰু দীনানাথ মঙ্গেশকৰ চিকিৎসালয়ৰ পিআৰঅ মৃত্যুৰ ভুৱা সংবাদ খণ্ডন কৰিছে।

  • By Vishvas News
  • Updated: November 25, 2022

নতুন দিল্লি(বিশ্বাস নিউজ). বলিউড অভিনেতা বিক্ৰম গ’খলে একাধিক অঙ্গ বিকল হোৱাৰ বাবে চিকিৎসালয়ত ভৰ্তি হৈছে, য’ত তেঁওৰ চিকিৎসা চলি আছে। কিন্তু ইতিমধ্যে সামাজিক মাধ্যমত তেঁওৰ মৃত্যুৰ সংবাদ ভাইৰাল হৈ আছে, যাৰ বাবে কিছুমান বলিউড অভিনেতায় শোকবাৰ্তা পঠিয়াই টুইট কৰিছে।

বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত বিছাৰি পালে যে বিক্ৰম গ’খলেৰ মৃত্যুৰ সংবাদ ভুৱা। বিক্ৰম গোখলে-ৰ স্ত্ৰী, কন্যায় আৰু দীনানাথ মঙ্গেশকৰ চিকিৎসালয়ৰ পিআৰঅ মৃত্যুৰ ভুৱা সংবাদ খণ্ডন কৰিছে।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক পেজ ‘Pratibimba Live’ এ ভাইৰাল হোৱা পোষ্ট শ্বেয়াৰ কৰি লিখিলে যে, ‘বলিউডৰ জ্যেষ্ঠ অভিনেতা বিক্ৰম গোখলৰ মৃত্যু।’

পোষ্টটোৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক।

তদন্ত

হিন্দুস্তান টাইমচৰ 23 নভেম্বৰৰ সংবাদ অনুসৰি, ‘হিন্দী আৰু মাৰাঠী চলচিত্ৰত বিপুলভাবে অভিনয় কৰা জ্যেষ্ঠ অভিনেতা বিক্ৰম গ’খলে-ক এই সপ্তাহৰ আৰম্ভণিত পুনেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰাপ্ত সংবাদ মতে, তেঁওৰ অৱস্থা সংকটজনক।”

24 নভেম্বৰ ANI দ্বাৰা কৰা এখন টুইটত পোৱা গ’ল যে, দীনানাথ মঙ্গেশকৰ চিকিৎসালয়ৰ পিআৰঅ’ শিৰীষ ইয়াদগীকৰে এই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে যে, ‘আজি ৰাতিপোৱা 10 টা বজাত বিক্ৰম গ’খলেৰ পৰিয়াল আৰু চিকিৎসকসকলৰ লগত সাক্ষাৎ হ’ল। অভিনেতা গৰাকী জিয়াই আছে যদিও তেঁওৰ অৱস্থা সংকটজনক আৰু তেঁও ভেণ্টিলেটাৰ চাপ’ৰ্টত আছে। তেঁওৰ প্ৰয়াত হোৱাৰ সংবাদ ভুল।’

হিন্দুস্তান টাইমচৰ, 24 নভেম্বৰৰ সংবাদ মতে, জ্যেষ্ঠ অভিনেতা বিক্ৰম গোখলে-ৰ স্ত্ৰী বৃষালীয়ে তেঁওৰ স্বামীৰ মৃত্যুৰ ভুৱা সংবাদ খণ্ডন কৰিছে। এটা নতুন তথ্য অনুসৰি, বৃষালীয়ে কয় যে বুধবাৰ দুপুৰীয়াৰ পৰা বিক্ৰম ‘ক’মাত গল গৈ’ আৰু বৰ্তমান তেঁও ভেণ্টিলেটাৰৰ সহায় লৈ আছে। বৃষালীয়ে আৰু কয় যে, বিক্ৰমৰ ‘মাল্টি অৰ্গান ফেইলিঅৰ'(একাধিক অঙ্গ বিকল) হৈছে। বিক্ৰম 5 নভেম্বৰৰ পৰা পুনে-ৰ দীনানাথ মঙ্গেশকৰ চিকিৎসালয়ত ভৰ্তি হৈ আছে।

দৈনিক জাগৰনৰ, 24 নভেম্বৰৰ সংবাদ মতে, জ্যেষ্ঠ অভিনেতাৰ কন্যায় তেঁওৰ পিতাৰ ভুৱা মৃত্যু সংবাদ খণ্ডন কৰিলে, যি বুধবাৰ বিয়লিৰ পৰা বিয়পাব আৰম্ভ হৈছিল। নিজ পিতাৰ স্বাস্থ্য সন্দৰ্ভত আপডেট দি তেঁওৰ কন্যায় এএনআই-ক জঁনায় যে, অভিনেতাজন বৰ্তমান “লাইফ চাপ’ৰ্ট” ত আছে আৰু এতিয়াও “তেঁওৰ অৱস্থা সংকটজনক হৈ আছে” ।

25 নভেম্বৰ 9:50 ত-বিশ্বাস নিউজৰ লগত দীনানাথ মঙ্গেশকৰ চিকিৎসালয়ৰ পিআৰঅ’ শিৰীষ ইয়াদগীকৰৰ কথোপকথনত তেঁও জঁনায় যে, ‘বিক্ৰম গ’খলেৰ অৱস্থা সংকটজনক আৰু তেঁও ইণ্টেনচিভ কেয়াৰ ইউনিটত(আইচিইউ) ভেণ্টিলেটৰ চাপ’ৰ্টত আছে।’

“স্পষ্টীকৰণ- এই ফেক্ট চেকখন বিক্ৰম গ’খলেৰ মৃত্যুৰ আগত, 25 নভেম্বৰত কৰা হৈছিল।   26 নভেম্বৰ 2 বাজি 37 মিনিটত পিটিআই-এ কৰা এখন টুইট অনুসৰি বিক্ৰম গ’খলেৰ মৃত্যু হৈছে।”

ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজৰ ছ’ছিয়াল ষ্কেনিঙত আমি এই তথ্য লাভ কৰিলো যে, এই পেজটোক 308,630 মানুহে অনুসৰণ কৰে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত বিছাৰি পালে যে বিক্ৰম গ’খলেৰ মৃত্যুৰ সংবাদ ভুৱা। বিক্ৰম গোখলে-ৰ স্ত্ৰী, কন্যায় আৰু দীনানাথ মঙ্গেশকৰ চিকিৎসালয়ৰ পিআৰঅ মৃত্যুৰ ভুৱা সংবাদ খণ্ডন কৰিছে।

  • Claim Review : বলিউডৰ জ্যেষ্ঠ অভিনেতা বিক্ৰম গোখলৰ মৃত্যু
  • Claimed By : Pratibimba Live
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later