Fact Check : কাশ্মীৰৰ পৰা দুবাই লৈ জুইৰ নামত এআই দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ’ ভাইৰাল
সাসামজিক মাধ্যমত বিভিন্ন দাবিৰ সৈতে চাৰিটা ভিডিঅ' ভাইৰাল হৈ আছে। এই সকলো ভিডিঅ'সমূহত ওখ অট্টালিকাত জুই লগা দেখা পোৱা গৈছে, তাত আকৌ কিছুমান ভিডিঅ'ত জুই নিৰ্বাপক দলৰ সদস্যসকলক জুই নমোৱাও দেখা গৈছে।
- By: Umam Noor
- Published: Feb 13, 2025 at 06:16 PM
নতুন দিল্লী(বিশ্বাস নিউজ)। সাসামজিক মাধ্যমত বিভিন্ন দাবিৰ সৈতে চাৰিটা ভিডিঅ’ ভাইৰাল হৈ আছে। এই সকলো ভিডিঅ’সমূহত ওখ অট্টালিকাত জুই লগা দেখা পোৱা গৈছে, তাত আকৌ কিছুমান ভিডিঅ’ত জুই নিৰ্বাপক দলৰ সদস্যসকলক জুই নমোৱাও দেখা গৈছে। ভাইৰাল হৈ থকা এই সকলো ভিডিঅ’ক লৈ বিভিন্ন দাবি কৰা হৈ আছে। প্ৰথম পোষ্টৰ দাবি হ’ল, জুই লগা ভৱনৰ ভিডিঅ’ কাশ্মীৰৰ হয়, আকৌ দ্বিতীয় ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ ভৱনত জুই লগা বুলি দাবি কৰা হৈছে।
ভাইৰাল হৈ থকা তৃতীয় পোষ্ট শ্বেয়াৰ কৰি এয়া কোৱা হৈছে যে, 4 ফেব্ৰুৱাৰি 2025 তাৰিখে মুকেশ আম্বানিৰ জিঅ কোম্পানীত জুই লাগিছিল আৰু এই ভিডিঅ’ সেই ঘটনাৰ। আকৌ চতুৰ্থ পোষ্টত হাবিৰ মাজত জ্বলি থকা ভৱনসমূহৰ ভিডিঅ’ শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, দুবাইত জুই লাগিছে, যাৰ ফলত কোটি কোটি মানুহৰ প্ৰাণহানি হৈ গ’ল।
বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোৱা গ’ল যে, ভাইৰাল হৈ থকা চাৰিখন ভিডিঅ’ ভুৱা আৰু ভিত্তিহীন।
এই সকলো ভিডিঅ’ এআই(AI) অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। এআই দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ’ৰ দ্বাৰা মিছা প্ৰচাৰ চলোৱা হৈছে।
কি আছে ভাইৰাল পোষ্টত?
ইনষ্টাগ্ৰাম পেজ‘official_rajkumar_ji_78’ (আৰ্কাইভ লিঙ্ক) এ প্ৰথমখন ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, “কাশ্মীৰৰ ভয়ঙ্কৰ অগ্নিকাণ্ডত লক্ষাধিক মানুহ নিহত হ’ল।”
দ্বিতীয় পোষ্টত (আৰ্কাইভ লিঙ্ক)প্ৰধানমন্ত্ৰী মোদীৰ ছবি লগোৱা আছিল আৰু ভিডিঅ’ত লিখা আছিল যে, “প্ৰধানমন্ত্ৰী মোদীৰ ভৱনত জুই লগাৰ ফলত লক্ষাধিক মানুহ নিহত হ’ল।”
তৃতীয় পোষ্টত (আৰ্কাইভ লিঙ্ক) মুকেশ আম্বানিৰ ছবিৰ সৈতে লিখা আছে যে, ”মুকেশ আম্বানিৰ জিঅ কোম্পানীত ভয়ঙ্কৰ অগ্নিকাণ্ডত হাজাৰ হাজাৰ মানুহ নিহত হ’ল 4 /2 / 2025”
চতুৰ্থ পোষ্টত (আৰ্কাইভ লিঙ্ক) লিখা আছে যে, “3/ 2/ 2025, দুবাইত ভয়ঙ্কৰ অগ্নিকাণ্ডত কোটি কোটি মানুহ নিহত হ’ল।”

তদন্ত
আমি ভাইৰাল হোৱা চাৰিওখন পোষ্ট বেলেগে বেলেগে তদন্ত কৰাৰ সিদ্ধান্ত ল’লো।
প্ৰথম পোষ্ট
প্ৰথমখন ভিডিঅ’ শ্বেয়াৰ কৰি দাবি কৰা হৈছে যে, ভিডিঅ’খন কাশ্মীৰৰ, যত লক্ষাধিক মানুহৰ প্ৰাণ গ’ল। তদন্তৰ আৰম্ভণীত পোনপ্ৰথমতে আমি খবৰ বিছাৰিলো, কিন্তু সম্পূৰ্ণ কাশ্মীৰত ইমান ডাঙৰ জুই লগা কাণ্ড সন্দৰ্ভত কোনো তথ্য নাপালো, যদি এনে কোনো তথ্য সঁচা হলে হেঁতেন তেন্তে বিশ্বাসযোগ্য সংবাদৰ ৱেবচাইটত প্ৰতিবেদন পোৱা গ’ল হেঁতেন।
ভিডিঅ’খন কৃত্ৰিম বুদ্ধিমত্তাৰে প্ৰস্তুত কৰা যেন লাগিলে। এআই-ৰ দ্বাৰা প্ৰস্তুত কৰা মাল্টিমিডিয়াৰ তথ্য অনুসন্ধান কৰা সঁজুলিৰ জৰিয়তে ছবিখন অনুসন্ধান কৰা হ’ল। আমি ভিডিঅ’খন হাইব মডাৰেশ্বন টুলত আপলোড কৰিলোঁ। তাত প্ৰথনখন ছবি 97 শতাংশ এআই ৰ দ্বাৰা নিৰ্মিত বুলি সম্ভাৱনা প্ৰকাশ কৰিলে।

বেগেল এখন টুল এআই ইমেজ ডিক্টেটৰ-ৰ মাধ্যমে ভিডিঅ’ৰ এখন ফ্ৰেম বিছাৰিলোঁ। এই টুলত ছবিখন 94.59 শতাংশ এআই দ্বাৰা প্ৰস্তুত কৰা বুলি কোৱা হ’ল।

দ্বিতীয় পোষ্ট
দ্বিতায় পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ ভৱনত জুই লগাৰ দাবি কৰা হৈছে। সংবাদ বিছৰাৰ পিছত এই সন্দৰ্ভত কোনো তথ্য পোৱা নগ’ল। ভাইৰাল ভিডিঅ’খন হাইব মডাৰেশ্বনত আপলোড কৰাৰ পিছত ইয়াৰ 75.9 শতাংশ এআই দ্বাৰা প্ৰস্তুত হোৱাৰ সম্ভাৱনাৰ কথা গম পোৱা গ’ল।

আকৌ এআই ইমেজ ডিক্টেটৰ-ৰ ভিডিঅ’-ৰ স্ক্ৰীনশ্বট বিছৰা হ’ল। টুলে ছবিখনক 96.01 শতাংশ এআই দ্বাৰা প্ৰস্তুত হোৱা বুলি জনালে।

তৃতীয় পোষ্ট
তৃতীয় পোষ্টখন শ্বেয়াৰ কৰি কোৱা হৈছে যে, 4 ফেব্ৰুৱাৰি 2025 তাৰিখে মুকেশ আম্বানিৰ জিঅ কোম্বানীত ভয়ঙ্কৰ অগ্নিকাণ্ড সংঘটিত হৈছে আৰু এয়া সেই ভিডিঅ’। সংবাদ বিছাৰোঁতে আমি তেনে কোনো তথ্য নাপালো। ভিডিঅ’ৰ স্ক্ৰীনশ্বট hivemoderation.com টুলৰ মাধ্যমে বিছৰা হ’ল। টুলে ছবিখনক 98.04 শতাংশ এআই দ্বাৰা প্ৰস্তুত হোৱা বুলি জনালে।

এআই ইমেজ ডিক্টেটৰ-ত ভিডিঅ’ আপলোড কৰাৰ পিছত গম পোৱা গ’ল যে, এয়া 90.85শতাংশ এআই দ্বাৰা প্ৰস্তুত হোৱা ভিডিঅ’।

চতুৰ্থ পোষ্ট
চতুৰ্থ পোষ্টত হাবিৰ মাজত জুই লগা ভৱনৰ ছবি পোষ্ট কৰি ব্যৱহাৰকাৰীয়ে দাবি কৰিছে যে, দুবাইত জুই লাগিছে, যাৰ কৱলত পড়ি কোটি কোটি মানুহ নিহত হৈছে। সংবাদ বিছাৰোঁতে আমি এই সন্দৰ্ভত তেনে কোনো তথ্য নাপালো। যদি এনে কোনো তথ্য সঁচা হলেহেঁতেন তেন্তে আন্তৰাষ্ট্ৰীয় মিডিয়াত এই সন্দৰ্ভত সংবাদ থাকিলেহেঁতেন।
ভাইৰাল ভিডিঅ’খনক হাইব মডাৰেশ্বন-ত আপলোড কৰাৰ পিছত ইয়াৰ 96.5 শতাংশ এআই-ৰ দ্বাৰা প্ৰস্তুত হোৱাৰ সম্ভাৱনা ওলালে।

আকৌ এআই ইমেজ ডিক্টেটৰ-ৰ ভিডিঅ’-ৰ স্ক্ৰীনশ্বট বিছৰা হ’ল। টুলে ছবিখনক 90.56 শতাংশ এআই দ্বাৰা প্ৰস্তুত হোৱা বুলি জনালে।

ভাইৰাল ছবিখনক এআই বিশেষজ্ঞ আজাহাৰ মাচৱে-ক পঠোৱা হ’ল। তেঁও এই চাৰিখন ভিডিঅ’ এআই দ্বাৰা প্ৰস্তুত হোৱাৰ কথা নিশ্চিত কৰি জঁনাই যে, “এই ভিডিঅ’ আচল নহয় আৰু এই সকলো ভিডিঅ’ক এআই-ৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।
এতিয়া পাল পৰিছিল এই সকলো পোষ্ট শ্বেয়াৰ কৰা ইনষ্টাগ্ৰাম হেণ্ডেল ‘official_rajkumar_ji_78’-ৰ সামাজিক স্কেনিং কৰাৰ। আমি গম পালো যে, ব্যৱহাৰকাৰীক 2454 মানুহে অনুসৰণ কৰে।
সামৰণি:বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোৱা গ’ল যে, ভাইৰাল হৈ থকা চাৰিখন ভিডিঅ’ ভুৱা আৰু ভিত্তিহীন।এই সকলো ভিডিঅ’ এআই(AI) অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে প্ৰস্তুত কৰা হৈছে। এআই দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ’ৰ দ্বাৰা মিছা প্ৰচাৰ চলোৱা হৈছে।
- Claim Review : জ্বলি থকা ভৱনৰ এই ভিডিঅ' কাশ্মীৰৰ।
- Claimed By : Instagram User- official_rajkumar_ji_78
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











