ফেক্ট চেক: অসমৰ অভিনেত্ৰী বৰষা ৰানীয়ে কংগ্ৰেছত যোগ দিয়া নাই, এই দাবি ভুৱা
- By Vishvas News
- Updated: January 20, 2023

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত এখন পোষ্ট ভাইৰাল হৈ আছে, য’ত দাবি কৰা হৈছে যে, অসমৰ অভিনেত্ৰী বৰষা ৰানীয়ে কংগ্ৰেছত যোগ দিছে আৰু তেঁও 2024 ত গুৱাহাটীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব। বিশ্বাস নিউজৰ তদন্তত এই দাবি ভুৱা প্ৰমানিত হৈছে। অভিনেত্ৰী বৰষা ৰানীয়ে ফেচবুক লাইভৰ জৰিয়তে এই দাবি ভুৱা বলি জঁনাইছে।
ভাইৰাল পোষ্টত কি আছে
ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, ‘বৰযা ৰানী 2024 ত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব।’
পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক
তদন্ত
আমাৰ তদন্তত পুনপ্ৰথমতে আমি নিউজ বিছাৰিলো। এই তদন্ত কাৰ্যত আমি 17 জানুৱাৰী 2023 ত ইণ্ডিয়া টুডে নৰ্থ ইষ্টত প্ৰকাশিত হোৱা এখন সংবাদ পালো। তাত কোৱা হৈছিল যেসামাজিক মাধ্যমত বৰষা ৰানীৰ ৰাজনীতিত যোগ দিয়াৰ সংবাদ পোৱা গৈছে। এই সন্দৰ্ভত তেঁও জঁনায় যে তেঁও ৰাজনীতিত যোগ দিয়া নাই। সকলো সংবাদ ভুৱা

তদন্ত কাৰ্য আগবঢ়াহলৈ আমি বৰষা ৰানীৰ ভেৰিফাইড ফেচবুক পেজত গলো আৰু তাত আমি 17 জানুৱাৰী 2023 ত কৰা তেঁওৰ এখন ফেচবুক লাইভ পালো। ইয়াত তেঁওক এই সন্দৰ্ভত কৈ থকা পালো যে, ”ৰাজনীতিত যোগ দিয়াৰ মোৰ তেনে কোনো পৰিকল্পনা নাই। এয়া এটা ভুৱা সংবাদ। এয়া নিশ্চিত যে মই শেষলৈ ৰাইজক সমৰ্থন কৰিম আৰু মই ৰাইজৰ বাবে কাম কৰি যাম। মই দুঃখিত যে, এনে ধৰণৰ উৰা বাতৰি বিয়পাই দিয়া হৈছে।”

বিশ্বাস নিউজে নিশ্চিতিকৰণৰ বাবে অসমৰ কংগ্ৰেছ অধ্যক্ষ ভূপেন বৰাৰ লগত যোগাযোগ কৰিলে আৰু তেঁও আমাক জঁনালে যে “বৰষা ৰানী কংগ্ৰেছত যোগ দিয়া নাই আনকি দলৰ তৰফৰ পৰা এনে কোনো সিদ্ধান্ত লোৱা হোৱা নাই।”
ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক পেজ ‘The CrossCurrent’ ৰ চ’ছিয়েল ষ্কেণিঙত আমি গম পালো যে এই পেজটোক 204,830 মানুহে অনুসৰণ কৰে।
উপসংহাৰ: বিশ্বাস নিউজে নিজৰ তদন্তত এই তথ্য লাভ কৰিলে যে, অসমৰ অভিনেত্ৰী বৰষা ৰানীৰ কংগ্ৰেছত যোগ দিয়াৰ সংবাদ ভুৱা। অভিনেত্ৰী গৰাকীয়ে নিজেও ফেচবুক লাইভৰ জৰিয়তে এই সংবাদৰ খণ্ডন কৰিছে।
- Claim Review : বৰযা ৰানী 2024 ত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব
- Claimed By : The CrossCurrent
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com