Fact Check: চিআইডি-ত ‘দয়া’-ৰ চৰিত্ৰত অভিনয় কৰা শিল্পীৰ মৃত্যু হোৱা নাই, ভাইৰেল বাতৰি ভুৱা হয়
বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে দয়ানন্দ শেট্টিৰ মৃত্যু সম্বন্ধীয় বাতৰিটো ভুৱা হয়, তেওঁ সম্পূৰ্ণ সুস্থ সবল হৈ আছে। ভাইৰেল হৈ থকা কেইখনমান ছবি চিআইডি-ৰ এপিছোডৰ হয় আৰু এখন ছবি সেই সময়ৰ যেতিয়া তেওঁ হেয়াৰ ট্ৰাঞ্চপ্লেণ্ট কৰাৰ পাছত হস্পিটেলত ভৰ্তি হৈ আছিল।
- By Vishvas News
- Updated: April 28, 2023

নতুন দিল্লী (বিশ্বাস নিউজ)। চিআইডি-ত দয়াৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা দয়ানন্দ শেট্টিৰ লগত যুক্ত এটা পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। ইউজাৰে কেইখনমান ছবিৰে তৈয়াৰ কৰা এখন কোলাজ শ্বেয়াৰ কৰি দাবী কৰি আছে যে দয়ানন্দ শেট্টিৰ মৃত্যু হৈ গৈছে। বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হোৱা এই বাতৰি ভুৱা হয়। দয়ানন্দ শেট্টি সুস্থ সবল হৈ আছে। যিবোৰ ছবিক ভাইৰেল কৰা হৈ আছে সেইবোৰৰ কেইখনমান চিআইডি-ৰ এপিছোডৰ সময়ৰ হয় আৰু এখন ছবি সেই সময়ৰ হয় যেতিয়া তেওঁ হেয়াৰ ট্ৰাঞ্চপ্লেণ্টৰ পাছত হস্পিটেলত ভৰ্তি হৈ আছিল।
ভাইৰেল পোষ্টত কি আছে?
ফেচবুক ইউজাৰ ভাইৰেল হৈ থকা পোষ্টক শ্বেয়াৰ কৰি লিখিছে, ”চিআইডি-ত দয়াৰ চৰিত্ৰত অভিনয় কৰা দয়ানন্দ শেট্টিৰ মৃত্যু হৈছে, চিআইডি-ৰ শিল্পীসকলৰ উপৰত ভাগি পৰিছে দুখৰ পাহাড়।”
এই পোষ্টৰ আৰ্কাইভ ভাৰ্ছন ইয়াত চাব পাৰে।
তদন্ত
আমি নিজৰ তদন্ত আৰম্ভ কৰি পোন প্ৰথমতে নিউজ ছাৰ্চ কৰি চাইছোঁ লগতে দয়ানন্দ শেট্টিৰ স্বাস্থ্য সম্বন্ধীয় তথ্য পোৱাৰ বাবে চেষ্টা চলাইছিলোঁ। ছাৰ্চ কৰি আমি এনেকুৱা কোনো বাতৰি পোৱা নাই যি ভাইৰেল হোৱা দাবীক সত্য বুলি প্ৰমাণ কৰি আছে।
ভাইৰেল হোৱা কোলাজত কেইখনমান ছবি দেখা পোৱা গৈ আছে, প্ৰথমখন ছবি চালে স্পষ্ট ভাৱে বুজি পোৱা যায় যে এয়া চিআইডি-ৰ এপিছোডৰ ছবি হয়। আনহাতে আন এখন ছবিক আমি গুগল লেঞ্চৰ জৰিয়তে ছাৰ্চ কৰি থাকোঁতে টেলি চক্কৰ নামৰ এটা ৱেবছাইটত আমি সেই একেখন ছবিৰ সন্ধান পাইছোঁ। কিন্তু এই ছবিখনত ভাইৰেল হোৱা ছবিৰ দৰে কোনো মালা নাই। ইয়াৰ অৰ্থ ভাইৰেল হোৱা ছবিখনত এডিট কৰি মালা লগাই দিয়া হৈছে।
তৃতীয় ছবিখন আমি এটা নিউজ ৱেবছাইটত পাইছোঁ। তাত যি তথ্য দিয়া হৈছে, সেই অনুসৰি, এই ছবিখন অভিনেতা গৰাকীৰ হেয়াৰ ট্ৰাঞ্চপ্লেণ্টৰ সময়ত তেওঁ হস্পিটেলত ভৰ্তি হোৱাৰ সময়ৰ হয়।

কোলাজত থকা চতুৰ্থ ছবিখন আমি এটা নিউজ পোৰ্টেলত পাইছোঁ। এই ছবিখনত ছোনী টিভিৰ লোগো আছে। ইয়াৰ অৰ্থ এই ছবিখনো চিআইডি-ৰ কোনো এটা এপিছোডৰ হয়।
ভাইৰেল পোষ্টৰ বিষয়ে কথা কওঁতে এণ্টাৰটেইনমেণ্ট সাংবাদিক পৰাগ চাপেকৰে কৈছে যে দয়ানন্দ শেট্টি সম্পূৰ্ণ সুস্থ, ভাইৰেল বাতৰিটো কেৱল এটা উৰা বাতৰি হয়।
ভুৱা পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ইউজাৰৰ ছ’চিয়েল স্কেনিং কৰাৰ পাছত আমি গম পাইছোঁ যে এইজন ইউজাৰক 5.2 হেজাৰ মানুহে ফলো কৰি থাকে।
নিষ্কৰ্ষঃ বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে দয়ানন্দ শেট্টিৰ মৃত্যু সম্বন্ধীয় বাতৰিটো ভুৱা হয়, তেওঁ সম্পূৰ্ণ সুস্থ সবল হৈ আছে। ভাইৰেল হৈ থকা কেইখনমান ছবি চিআইডি-ৰ এপিছোডৰ হয় আৰু এখন ছবি সেই সময়ৰ যেতিয়া তেওঁ হেয়াৰ ট্ৰাঞ্চপ্লেণ্ট কৰাৰ পাছত হস্পিটেলত ভৰ্তি হৈ আছিল।
- Claim Review : CID में दया का किरदार निभाने वाले श्री दयानंद शेट्टी जी का हुआ निधन
- Claimed By : Pawan Singh Bisen
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com