ফেক্ট চেক: কংগ্ৰেছ সাংসদ জগৎ সিং নেগিৰ ভিডিঅ’ আকৌ ভুল দাবিৰ সৈতে ভাইৰাল
ভাইৰাল হোৱা দাবিটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমাণিত হ’ল। ভিডিঅ’ত দেখা পোৱা ব্যক্তিজন নেপালৰ সাংসদ নহয়, প্ৰকৃততে তেঁও হিমাচল প্ৰদেশৰ কংগ্ৰেছ সাংসদ।
- By Vishvas News
- Updated: September 7, 2022

নিউ দিল্লি (বিশ্বাস নিউজ): সামাজিক মাধ্যমত আকৌ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। এই 4:10 মিনিটৰ ভিডিঅ’টোত, এজন নেতায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেঁওৰ নীতিসমূহক সমালোচনা কৰা দেখা পোৱা গৈছে। এই ভিডিঅ’ শ্বেয়াৰ কৰি, সামাজিক মাধ্যম ব্যৱহাৰকাৰী সকলে দাবি কৰিছে যে নেপালৰ এজন সাংসদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নীতিসমূহক সমালোচনা কৰিছে।
বিশ্বাস নিউজৰ তদন্তত এয়া ওলাই পৰিছে যে ভিডিঅ’টোত দেখা পোৱা ব্যক্তিজন নেপালৰ সাংসদ নহয়, প্ৰকৃততে তেঁও হিমাচল প্ৰদেশৰ কিন্নৌৰৰ কংগ্ৰেছ সাংসদ জগৎ সিং নেগি। ভিডিঅ’খন ভুৱা দাবিৰ সৈতে প্ৰচাৰ কৰা হৈ আছে।
ভাইৰাল পোষ্টত কি আছে ?
ফেচবুক ব্যৱহাৰকাৰী “মন পাঞ্জাব দা” 21 আগষ্টত ভিডি”খন শ্বেয়াৰ কৰিছে। পোষ্টত আছিল যে, “প্ৰতিজন ভাৰতীয়ৰ শুনা উচিত যে নেপালৰ সংসদত এজন সাংসদে মোডী ডাঙৰিয়াৰ বিষয়ে কি ক’লে।”
পোষ্টটোৰ আৰ্কাইভ লিঙ্ক ইয়াত পাব পাৰি।
তদন্ত
তদন্ত আৰম্ভ কৰাৰ বাবে, আমি এই সম্বন্ধীয় কিৱাৰ্ডৰ সৈতে এই ভিডিঅ’ সন্দৰ্ভত বিছাৰিলো। আমি ভাইৰাল হোৱা ভিডিঅ’খন হিমাচল কংগ্ৰেছৰ প্ৰতিপন্ন কৰা ফেচবুক পেজত 21 মাৰ্চ 2021 ত পালো। ভিডিঅ’ৰ লগত থকা শিৰোনামত আছিল যে “দেশৰ আটাইতকৈ মহৎ আৰু সফল প্ৰধানমন্ত্ৰীৰ বিষয়ে শুনক কংগ্ৰেছ দলৰ পৰা নিৰ্বাচিত কিন্নৌৰৰ সাংসদ জগৎ সিং নেগিৰ পৰা।”
ইউটিউব চেনেল “এপেল নিউজ”-ও এই ভিডিঅ’ আপল’ড কৰিছে। 23 মাৰ্চ 2021 ত আপল’ড কৰা ভিডিঅ’ত থকা তথ্য অনুসৰি, এই ভিডিঅ’খন হিমাচল প্ৰদেশৰ আৰু ভিডিঅ’ত দেখা পোৱা নেতাজন জগৎ সিং নেগি। 17 মিনিট 45 চেকেণ্ডৰ এই ভিডিঅ’খনত, ভাইৰাল হোৱা অংশটো 3 মিনিট 33 চেকেণ্ডৰ পৰা 7 মিনিট 39 চেকেণ্ডলৈ শুনিব পাৰি।
ভাইৰাল ভিডিঅ’ৰ লগত জড়িত তথ্য আন বহুত নিউজ ওৱেবচাইটত পোৱা গৈছিল। ভিডিঅ’খন অতীতও বহুবাৰ একে দাবিৰ সৈতে সামাজিক মাধ্যমত ভাইৰাল হৈছে। বিশ্বাস নিউজৰ ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।
বিশ্বাস নিউজে, এই দাবিৰ তদন্ত সন্দৰ্ভত হিমাচল প্ৰদেশৰ দৈনিক জাগৰন ডিজিটালৰ দায়িত্বত থকা ৰাজেশ শৰ্মাৰ লগত যোগাযোগ কৰিলে। তেঁও আমাক জঁনালে যে এঁও কিন্নৌৰ সমষ্টিৰ কংগ্ৰেছ সাংসদ, জগৎ সিং নেগি। ভাইৰাল হোৱা দাবি অসত্য।
তদন্তৰ শেষত, আমি এই ভুল দাবিৰ সৈতে ভিডিঅ’ শ্বেয়াৰ হোৱা পেজটোৰ এটা সামাজিক স্কেনিং কৰিছিলো। তাৰ পৰা এই তথ্য উঠি আহিল যে 141 জন লোকে এই পেজখন অনুসৰণ কৰে। আৰু ফেচবুকত এই পেজখন 25 এপ্ৰিল 2022 ত প্ৰস্তুত কৰা হৈছিল।
নিষ্কৰ্ষঃ ভাইৰাল হোৱা দাবিটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমাণিত হ’ল। ভিডিঅ’ত দেখা পোৱা ব্যক্তিজন নেপালৰ সাংসদ নহয়, প্ৰকৃততে তেঁও হিমাচল প্ৰদেশৰ কংগ্ৰেছ সাংসদ।
- Claim Review : নেপালী সাংসদে নেপালৰ সংসদত প্ৰধানমন্ত্ৰী মোডীৰ সমালোচনা কৰিলে
- Claimed By : ফেচবুক পেজ মন পাঞ্জাব দা
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com