Fact Check: মুছলমান ছোৱালীসকলক ধৰ্মান্তৰিত কৰাৰ বাবে আৰএছএছ-ৰ আহ্বান থকা ভাইৰেল চিঠিখন মিছা আৰু বিভ্ৰান্তিকৰ হয়
- By Vishvas News
- Updated: April 19, 2023

নতুন দিল্লী (বিশ্বাস নিউজ): ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)-ৰ নামত এখন চিঠি ছ’চিয়েল মিডিয়াত ক্ৰমে অধিক মাত্ৰাত ভাইৰেল হৈ আছে। এই চিঠিখনত এই অভিযোগ উত্থাপন কৰা হৈছে যে, মুছলমান ছোৱালীসকলক ধৰ্মান্তৰিত কৰি হিন্দু কৰাৰ কাৰণে সংঘৰ ফালৰপৰা হিন্দু যুৱাসকলক প্ৰশিক্ষণ দি থকা হৈছে।
বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে ভাইৰেল হোৱা এই চিঠিখন মিছা হয়। আৰএছএছ-ৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰাৰ উদ্দেশ্যত এই চিঠিখন তৈয়াৰ কৰা হৈছে। আৰএছএছ-এও ভাইৰেল হোৱা এই চিঠিখনক মিছা বুলি কৈছে আৰু তাত থকা আটাইবোৰ দাবীক তেওঁলোকে অস্বীকাৰ কৰিছে।
দাবী:
8 এপ্ৰিল, 2023-ত ভাইৰেল চিঠিখনৰ এখন ছবি শ্বেয়াৰ কৰি টুইটাৰ ইউজাৰ শ্বাহৱাজ আঞ্জুম কেপচনত লিখিছে, “মুছলমানসকলৰ বিৰুদ্ধে আৰএছএছ-ৰ ঘৃণ্য খেল। কলেজ, কোচিং, ইউনিভাৰ্ছিটি, অফিচ, ছ’চিয়েল মিডিয়াত হিন্দু ল’ৰাবোৰে মুছলমান ছোৱালীবোৰক প্ৰেমৰ ফান্দত পেলাই ছোৱালীবোৰৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি আছে, এনেকৈ ছোৱালীয়ে গৰ্ভৱতী হৈ পৰাৰ ফলত সিহঁতে নিজৰ পৰিয়ালক এৰি পলাই গৈ আছে। এনে ছোৱালীক প্ৰেমৰ ফান্দত পেলোৱা ল’ৰাক আৰএছএছ-এ 5 লাখ টকা দি সংসাৰ পাতিবলৈ সহায়তা কৰি আছে। সন্মানীয় মুছলমান ছোৱালীসকলক মুকলি ভাৱে এনেকৈ ফান্দত পেলাবলৈ এনেকৈ ষড়যন্ত্ৰ কৰি থকা হৈছে। সম্পূৰ্ণ বিষয়টো পঢ়ি চাওঁক। এই ষড়যন্ত্ৰৰপৰা আমাৰ ভনী আৰু জীয়ৰীসকলক লগতে অন্যান্য সকলো মুছলমানক ৰক্ষা কৰিবলৈ। এই লজ্জাজনক পোষ্টক ৰিটুইট আৰু শ্বেয়াৰ কৰক। এই ষড়যন্ত্ৰক নষ্ট কৰিব লাগিব।”
এই পোষ্টৰ আৰ্কাইভ লিংক ইয়াত চাওঁক।
তদন্ত:
ভাইৰেল চিঠিখনৰ সত্যতা জানিবলৈ আমি বিভিন্ন কীৱৰ্ড দি গুগলত ছাৰ্চ কৰি চাইছোঁ। কিন্তু এই ভাইৰেল চিঠিৰ লগত যুক্ত বিশ্বস্ত কোনো বাতৰি আমি পোৱা নাই।
তদন্তক আগুৱাই লৈ গৈ আমি সংঘৰ ৱেবছাইট আৰু আনুষ্ঠানিক ছ’চিয়েল মিডিয়া একাউণ্ট পৰীক্ষা কৰি চাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু ভাইৰেল হোৱা দাৱীৰ সৈতে যুক্ত কোনো পোষ্ট আমি পোৱা নাই।
এই দাবীৰ সৈতে যুক্ত এটা টুইট আমি VSK ইণ্ডিয়াৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টত পাইছোঁ। VSK টুইটবোৰ ভাৰত সংঘৰ লগত যুক্ত হয়। 10 এপ্ৰিল, 2023-ত VSK ভাৰতে ভাইৰেল চিঠিখনৰ এখন ছবি শ্বেয়াৰ কৰি সেইখনক মিছা বুলি কৈছে। তাৰ কেপচনত লিখা আছে, “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বদনাম কৰাৰ কাৰণে দুষ্কৃতিকাৰীসকলৰ দ্বাৰা আন এখন ব্যৰ্থ প্ৰয়াস। ছ’চিয়েল মিডিয়াত বিভিন্ন উপায়ত সংঘৰ লেটাৰহেডত সৰসংঘচালকজীৰ নামত মিছা চিঠি ভাইৰেল হৈ আছে।”
আমি আৰএছএছ-ৰ অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল অম্বেডকৰৰ আনুষ্ঠানিক টুইটাৰ একাউণ্টত সেই দাবীৰ লগত যুক্ত এখন টুইট পাইছোঁ। 11 মাৰ্চ, 2023-ত ভাইৰেল চিঠিৰ ছবি শ্বেয়াৰ কৰি কেপচনত তেওঁ লিখিছে, “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নামত ছ’চিয়েল মিডিয়াত প্ৰচাৰ হৈ থকা এই লিফলেটখন সম্পূৰ্ণ মিছা হয়।”
আমাৰ অনুসন্ধানক আগুৱাই লৈ গৈ আমি সংঘৰ আনুষ্ঠানিক চিঠিবোৰৰ সৈতে ভাইৰেল চিঠিখনক তুলনা কৰি চাইছোঁ। তেতিয়া আমি দেখা পালোঁ যে ভাইৰেল চিঠিত থকা লোগো আচল লোগোৰ তুলনাত অলপ বেলেগ হয়। আৰু এটা মন কৰিবলগীয়া কথা, আচল লোগোৰ তলত আৰএছএছ-ৰ এটা টেগলাইন আছে। সেইটো হ’ল, সংঘে শক্তি: কলিযুগে। এইটো ভাইৰেল চিঠিত নাই। লগতে, আএছএছ-এ জাৰী কৰা চিঠিবোৰত চিঠি জাৰী কৰা ব্যক্তিৰ চহী থাকে। কিন্তু ভাইৰেল হোৱা চিঠিখনত কোনো ব্যক্তিৰ চহী নাই।

অধিক তথ্যৰ বাবে আমি সংঘৰ জ্যেষ্ঠ সদস্য ৰাজীৱ টুলিৰ সৈতে যোগাযোগ কৰিছিলোঁ। তেওঁ আমাক কৈছে, “এই চিঠিখন মিছা হয়। আমাৰ সংঘৰপৰা এনেকুৱা কোনো চিঠি জাৰী কৰা হোৱা নাই। সংঘৰ ভাৱমূৰ্তিক কলংকিত কৰিবলৈ এনেকুৱা চিঠিবোৰ ভাইৰেল কৰা হৈ থাকে। সংঘে এই বিষয়টোত পদক্ষেপ কৰাৰ কথা ভাবি আছে।”
সদৌ শেষত, বিশ্বাস নিউজে সেই ইউজাৰৰ একাউণ্টৰ ছ’চিয়েল স্কেনিং কৰি চাইছে যি জনে ভাইৰেল চিঠিখন শ্বেয়াৰ কৰিছিলে। আমি গম পাইছোঁ যে, এই ইউজাৰজন অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমীন-ৰ সমৰ্থক হয়। টুইটাৰত এই ইউজাৰক 5,252 জন মানুহে অনুসৰণ কৰে। তেওঁৰ প্ৰফাইলত থকা তথ্য অনুসৰি, তেওঁ 2020-ৰ জানুৱাৰীৰপৰা টুইটাৰত সক্ৰিয় হৈ আছে।
উপসংহাৰ: বিশ্বাস নিউজে তদন্ত কৰাৰ পাছত গম পাইছে যে, আএছএছ-ৰ নামত ভাইৰেল হৈ থকা চিঠিখন মিছা হয়। অপপ্ৰচাৰ চলোৱাৰ উদ্দেশ্যত এই চিঠিখন সম্পাদনা কৰি প্ৰস্তুত কৰা হৈছে। ভাইৰেল হোৱা দাবীক অস্বীকাৰ কৰি আৰএছএছ-এ চিঠিখনক মিছা বুলি কৈছে।
- Claim Review : আৰএছএছ-ৰ নামত ভাইৰেল হোৱা চিঠিত কোৱা হৈছে যে মুছলমান ছোৱালীসকলক ধৰ্মান্তৰিত কৰি হিন্দু কৰাৰ কাৰণে সংঘৰ ফালৰপৰা হিন্দু যুৱাসকলক প্ৰশিক্ষণ দি থকা হৈছে।
- Claimed By : Twitter user: Shahavaj Anjum
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com