X
X

Fact Check: বিহাৰ নিৰ্বাচনৰ আগত ভাইৰাল হৈ পৰিল যুৱা লোকগায়িকা মৈথিলী ঠাকুৰৰ সম্পাদিত ছবি

বিহাৰ নিৰ্বাচন সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ সংবাদসমূহ দ্ৰুত গতিত ভাইৰাল হৈ আছে।

  • By: Umam Noor
  • Published: Oct 23, 2025 at 05:42 PM

নতুন দিল্লী(বিশ্বাস নিউজ)। বিহাৰ নিৰ্বাচন সন্দৰ্ভত ভুৱা আৰু বিভ্ৰান্তিকৰ সংবাদসমূহ দ্ৰুত গতিত ভাইৰাল হৈ আছে। ইয়াৰ মাজতে এখন ছবি ভাইৰাল হৈ আছে।ভাইৰাল ছবিখনত কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰা আৰু আলিনগৰৰ পৰা বিজেপি-ৰ প্ৰাৰ্থী লোকগায়িকা মৈথিলী ঠাকুৰক মনোহৰ লাল ধাকড় আৰু স্বামী চিন্ময়ানন্দৰ লগত মঞ্চত থিয় হৈ থকা দেখা গৈছে। ছবিখন শ্বেয়াৰ কৰি ব্যৱহাককাৰীসকলে দাবি কৰিছে যে, গায়িকা মৈথিলী ঠাকুৰৰ বিজেপি-ত যোগদান কৰা উপলক্ষে আয়োজিত সভাখনত উপস্থিত থাকিলে স্বামী চিন্ময়ানন্দ আৰু মনোহৰ  লাল ধাকড় ।

বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, ভাইৰাল হৈ থকা দাবি ভুৱা। বিজেপি প্ৰাৰ্থী মৈথিলা ঠাকুৰৰ লগত স্বামী চিন্ময়ানন্দ আৰু মনোহৰ লাল ধাকড়ৰ ছবি আচল নহয়। আচল ছবিখনক সম্পাদিত কৰি স্বামী চিন্ময়ানন্দ আৰু মনোহৰ লাল ধাকড়ক যোগ কৰা হৈছে।

ভাইৰাল পোষ্টত কি আছে?

ফেচবুক ব্যৱহাৰকাৰী হংসৰাজ মুলনিৱাসী-এ 19 অক্টোৱৰ তাৰিখে ভাইৰাল পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, “ধাকড়ৰ পৰৱৰ্তী শিকাৰ মৈথিলী ঠাকুৰ….এঁও সেই মহাশয়জন, মনোহৰ লাল ধাকড়#হাইৱে ৱালা..দুঃখজনক!পৰৱৰ্তী শিকাৰ-প্ৰোগ্ৰাম ছোটা ৰিচাৰ্জ।”

পোষ্টৰ আৰ্কাইভ সংষ্কৰণ ইয়াত চাওক

তদন্ত

আমাৰ তদন্ত আৰম্ভ কৰিবলৈ আমি প্ৰথমে গুগ’ল লেঞ্চ ব্যৱহাৰ কৰি ভাইৰাল ছবিখনত সন্ধান কৰিলোঁ। সন্ধান কৰাৰ লগে লগে আমি মুল ছবিখন পাইছিলোঁ। 2025 চনৰ 14 অক্টোৱৰ তাৰিখে দৈনিক ভাস্কৰৰ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰা হৈছিল। ছবিখনত দেখা গৈছে, বিজেপি-ৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছৱাল আৰু ব্ৰাউন জেকেট পিন্ধা আন এজন বিজেপি নেতাৰ সৈতে মৈথিলী ঠাকুৰক। সংলগ্ন ছবিখনত লিখা আছে,“ বিজেপি-ত যোগদান কৰিছে লোকগায়িকা মৈথিলী ঠাকুৰে। পাটনাৰ হোটেল চানক্য-ৰ বিজেপি মিডিয়া চেন্টাৰত বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ জয়ছৱালে এক গেট-টুগেদাৰত মৈথিলীক দলৰ সদস্যপদ প্ৰদান কৰে। এই উপলক্ষ্যে আৰজেডি-ৰ বিধায়ক ভাৰত বিন্দেও বিজেপি-ৰ সদস্যপদ গ্ৰহণ কৰে।”

এই ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়ালো আৰু এই ছবিখন গেট্টী ইমেজেছ-ৰ ৱেবচাইটতও পোৱা গ’ল। প্ৰদত্ত তথ্য মতে, এয়া 6 অক্টোৱৰৰ ছবি, যেতিয়া মৈথিলী ঠাকুৰ বিজেপি-ত যোগদান কৰিছিল। এই সভাখন 14 অক্টোৱৰ তাৰিখে বিহাৰত হৈছিল। এই আচল ছবিখনত আমি স্বামী চিন্ময়ানন্দ আৰু মনোহৰ লাল ধাকড়ক দেখা নাপালো।

গেট্টী ইমেজৰ ৱেবচাইটত এই অনুষ্ঠানৰ অন্যান্য ছবিও দেখিবলৈ পোৱা যায়।

তলত দিয়া কোলাজখনত আচল আৰু সম্পাদিত ছবি চাব পাৰিব।

দৈনিক জাগৰণৰ 14 অক্টোৱৰৰ সংবাদ মতে, বিহাৰ বিধানসভা নিৰ্বাচন 2025-ক লৈ ৰাজনৈতিক উষ্ণতা বৃদ্ধি পাইছে। মৈথিলী ঠাকুৰ আনুষ্ঠানিকভাবে বিজেপি-ত যোগদান কৰিছে। বিহাৰৰ বিজেপি অধ্যক্ষ দিলীপ জয়ছৱালে তেঁওক বিজেপি-ৰ সদস্য পদ প্ৰদান কৰিছে। ইয়াৰ লগত এয়াও স্পষ্ট হৈছে যে, মৈথিলী ঠাকুৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। 

19 অক্টোৱৰৰ নৱভাৰত টাইমছৰ সংবাদ মতে, “লোক গায়িকা আৰু বিজেপি নেত্ৰী মৈথিলী ঠাকুৰে বিহাৰ নিৰ্বাচনত আলিগড় বিধানসভা পদৰ পৰা নিজৰ নামাঙ্কণ প্ৰদান কৰিছে।”

উল্লেখযোগ্য যে, মধ্যপ্ৰদেশৰ মন্দছৌৰ জিলাত দিল্লী-মুম্বাই এক্সপ্ৰেছ ৱে-ত মহিলাৰ লগত অশ্লীল কৰ্ম কৰাৰ বহুচৰ্চিত ঘটনাত বিজেপি-ৰ নেতা মনোহৰ লাল ধাকড়ৰ এটা ভিডিঅ’ মে 2025-ত ভাইৰাল হৈছিল। যিটো ঘটনাৰ পিছত আৰক্ষীয়ে তেঁওক আটক কৰিছিল যদিও পিছদিনা তেঁওৰ জামিন মঞ্জুৰ হৈ যায়।

ভাইৰাল ছবি সন্দৰ্ভত নিশ্চিতিকৰণৰ বাবে আমি আমাৰ সহযোগী, জ্যেষ্ঠ সাংবাদিক ৰমন শুক্লাৰ লগত যোগাযোগ কৰিলোঁ যিজনে বিহাৰত বিজেপি আৰু আগন্তুক নিৰ্বাচন সম্পৰ্কিত সংবাদ কাভাৰ কৰিব। তেঁও আমাক জঁনালে যে, ভাইৰাল ছবি ভুৱা হয়।

এতিয়া সময় আছিল ভাইৰাল পোষ্ট শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী হংসৰাজ মুলনিৱাসীক স্কেন কৰাৰ। স্কেন কৰাৰ পিছত গম পোৱা গ’ল যে হংসৰাজ মুলনিৱাসীক 6 হাজাৰ মানুহে অনুসৰণ কৰে। তাত আকৌ ব্যৱহাৰকাৰীৰ বায়ো মতে, তেঁও উত্তৰ প্ৰদেশৰ বাৰাবঙ্কীৰ বাসিন্দা।

উপসংহাৰ: বিশ্বাস নিউজৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে, বিজেপি প্ৰাৰ্থী মৈথিলী ঠাকুৰৰ লগত স্বামী চিন্ময়ানন্দ আৰু মনোহৰ লাল ধাকড়ৰ ছবিখন সম্পাদিত। আচল ছবিখনক সম্পাদন কৰি ভুৱা ছবি প্ৰস্তুত কৰা হৈছে। 

  • Claim Review : গায়িকা মৈথিলী ঠাকুৰৰ বিজেপি-ত যোগদান কৰাৰ অনুষ্ঠানত স্বামী চিন্ময়ানন্দ আৰু মনোহৰ লাল ধাকড় উপস্থিত হৈছে।
  • Claimed By : ফেচবুক ব্যৱহাৰকাৰী হংসৰাজ মুলনিৱাসীক
  • Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later