X

Fact Check: প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে ভাৰতত মাদ্ৰাছা নিষিদ্ধ কৰাৰ বিষয়ে কোনো বিবৃতি দিয়া নাছিল

বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এ পি জে আব্দুল কালামে কেতিয়াও এনে কোনো মন্তব্য কৰা নাছিল। এইটো এটা ভুৱা বিবৃতি যিটো তেওঁৰ নামত ভাইৰেল কৰা হৈছে।

  • By Vishvas News
  • Updated: September 13, 2021

নতুন দিল্লী (বিশ্বাস নিউজ)- ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ এখন ফটো আৰু এ পি জে আব্দুল কালামে মুছলমানসকলৰ বিষয়ে কৈছে বুলি দাবী কৰা এক বিবৃতিৰ সৈতে ছ’চিয়েল মিডিয়াত বাতৰি কাকতৰ টুকুৰা ভাইৰেল হৈ পৰিছে, য’ত লিখা হৈছে, “মুছলমানসকল জন্মগত সন্ত্ৰাসবাদী নহয় বৰঞ্চ তেওঁলোকক মাদ্ৰাছাত প্ৰশিক্ষণ দিয়া হয় আৰু ভাৰতৰ সকলো মাদ্ৰাছা নিষিদ্ধ কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।” পিছে, যেতিয়া বিশ্বাস নিউজে এই মন্তব্যটো পৰীক্ষা কৰিছিল, আমি দেখিছিলো যে এ পি জে আব্দুল কালামে কেতিয়াও এনে কোনো মন্তব্য দিয়া নাছিল। এইটো এটা ভুৱা বিবৃতি যিটো তেওঁৰ নামত ভাইৰেল কৰা হৈছে।

কি এই ভাইৰেল পোষ্ট?

ফেচবুক ব্যৱহাৰকাৰীজনে এখন বাতৰি কাকতৰ দৰে এটা টুকুৰা বা পেপাৰ কাটিং শ্বেয়াৰ কৰিছিল, য’ত কালামৰ ফটো আছে আৰু লগতে লিখা আছে, ‘মুছলমানসকল জন্মগত সন্ত্ৰাসবাদী নহয়। তেওঁলোকক মাদ্ৰাছাত কোৰাণ শিকোৱা হয়, সেই অনুসৰিয়েই তেওঁলোকে নিৰ্বাচিতভাৱে হিন্দু, বৌদ্ধ, শিখ, খ্ৰীষ্টান, ইহুদী আৰু অন্যান্য অ-মুছলমানসকলক হত্যা কৰে। সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে ভাৰতত সক্ৰিয় হৈ থকা হাজাৰ হাজাৰ মাদ্ৰাছাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাটো অতি গুৰুত্বপূৰ্ণ’: ড০ এ পি জে আব্দুল কালাম। “

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।

অনুসন্ধান

আমাৰ অনুসন্ধান আৰম্ভ কৰি, আমি প্ৰথমে গুগল নিউজ চাৰ্চৰ জৰিয়তে ভাইৰেল পোষ্টবোৰৰ কীৱৰ্ড বিচাৰিবলৈ আৰম্ভ কৰিছিলো। অনুসন্ধানত, আমি কালামৰ নামত ভাইৰেল হোৱা কোনো বিবৃতি পোৱা নাছিলো। যদি এ পি জে আব্দুল কালামে এনে ধৰণৰ কোনো বিতৰ্কিত মন্তব্য দিলেহেতেন, তেন্তে ই সংবাদ মাধ্যমত পৰিৱেশিত হ’লহেতেন।

অনুসন্ধানটো আগুৱাই লৈ, আমি ভাইৰেল বাতৰি কাকতখনৰ ক্লিপ বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। আমাৰ এই অনুসন্ধানত কোনো বিশ্বাসযোগ্য ৱেবছাইটত এই ক্লিপটো বিচাৰি পোৱা নাছিলো।

বিশ্বাস নিউজে ভাইৰেল বিবৃতিৰ সৈতে সম্পৰ্কিত নিশ্চিতিৰ বাবে হোৱাটছএপৰ জৰিয়তে ড০ এ পি জে আব্দুল কালাম ফাউণ্ডেচনৰ মেনেজিং ট্ৰাষ্টী আৰু আব্দুল কালামৰ নাতি শ্বেখ ডাউদৰ সৈতে যোগাযোগ কৰে আৰু তেওঁলৈ এই ভাইৰেল পোষ্টসমূহ প্ৰেৰণ কৰে। তেওঁ আমাক কয়, ‘এই মন্তব্যটো সম্পূৰ্ণৰূপে ভুৱা। ডঃ কালামে কেতিয়াও ধৰ্মৰ বিষয়ে এনেবোৰ কথা কোৱা নাছিল। এইটো স্পষ্টভাৱে ভুৱা।”

ইয়াৰ পিছতে আমি ফে’চবুকত এই ভুৱা পোষ্ট ভাইৰেল কৰা ফেচবুক ব্যৱহাৰকাৰী ৰাজেন্দ্ৰ থাক্কাৰৰ প্ৰ’ফাইল স্কেন কৰাত আমি দেখিছিলো যে মহাৰাষ্ট্ৰৰ মুম্বাইৰ এই ব্যৱহাৰকাৰীজনে ইতিমধ্যে বহু ভুৱা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁৰ ১১৭৯ জন ফেচবুক বন্ধু আছে।

নিষ্কৰ্ষঃ বিশ্বাস নিউজৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি এ পি জে আব্দুল কালামে কেতিয়াও এনে কোনো মন্তব্য কৰা নাছিল। এইটো এটা ভুৱা বিবৃতি যিটো তেওঁৰ নামত ভাইৰেল কৰা হৈছে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later