সত্যতা পৰীক্ষা: বিখ্যাত দৌৰবিদ মিলখা সিঙৰ ৰেকৰ্ড হিমা দাসে ভংগ কৰা নাছিল, ভাইৰেল হোৱা দাবী মিছা হয়
কমনৱেল্থ গেমছত সোণ জিকি বিখ্যাত দৌৰবিদ মিলখা সিঙৰ ৰেকৰ্ড ভংগ কৰা বুলি ভাইৰেল পোষ্টটোত যি দাবী কৰা হৈছে সেয়া মিছা হয়। কমনৱেল্থ গেমছত হিমা দাসে এটাও মেডেল জিকা নাই আনকি তেওঁ আজিলৈ নিজৰ ক্ৰীড়া জীৱনত মিলখা সিঙৰ কোনো ৰেকৰ্ডো ভংগ কৰা নাই।
- By Vishvas News
- Updated: August 26, 2022

নতুন দিল্লী (বিশ্বাস নিউজ)। শেহতীয়াকৈ ইউনাইটেড কিংডমৰ বাৰ্মিংহামত অনুষ্ঠিত হৈ যোৱা কমনৱেল্থ গেমছত ভাৰতীয় এথলিটসকলে সফলতা প্ৰদৰ্শন কৰিছে। কিন্তু ইয়াৰ পাছতে ছ’চিয়েল মিডিয়াত এনেকুৱা এটা দাবী ভাইৰেল হৈ পৰিছিল যে ভাৰতীয় এথলিট হিমা দাসে হেনো 400 মিটাৰ দৌৰ শিতানত বিখ্যাত দৌৰবিদ মিলখা সিঙৰ ৰেকৰ্ড ভংগ কৰি নতুন সফলতা অৰ্জন কৰিছে।
বিশ্বাস নিউজ-এ ইয়াৰ তদন্ত কৰি গম পাইছে যে এই দাবী মিছা হয়। 2022-ৰ কমনৱেল্থ গেমছত হিমা দাসে 200 মিটাৰ আৰু 4X100 মিটাৰ ৰিলে ৰেচ-ত অংশগ্ৰহণ কৰিছিলে কিন্তু তেওঁ মিলখা সিঙৰ কোনো ৰেকৰ্ড ভংগ কৰা নাই।
কোনটো কথা ভাইৰেল হৈছে?
‘সুনীল অস্তয়’ নামৰ এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে হিমা দাসৰ চিত্ৰৰ সৈতে post (archive link) এটা শ্বেয়াৰ কৰি এই বুলি দাবী কৰিছে, “বহুজন কন্যা হিমা দাসলৈ অজস্ৰ অভিনন্দন, তেওঁ 400 মিটাৰ দৌৰত বিশ্ব বিখ্যাত মিলখা সিঙৰ ৰেকৰ্ড ভংগ কৰিছে।”
ইয়াৰ পাছত ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু বহুতে সেই একে চিত্ৰ থকা সেই একে দাবীক আন বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে।
তদন্ত
শেহতীয়াকৈ ইউনাইটেড কিংডমৰ বাৰ্মিংহামত কমনৱেল্থ গেমছ 2022 অনুষ্ঠিত হৈছিল তাত হিমা দাসে অংশগ্ৰহণ কৰিলেও তেওঁ কোনো মেডেল জিকিব পৰা নাই বাতৰি অনুসৰি, হিমা দাসে নিজৰ সাধ্য অনুসৰি 200 মিটাৰ দৌৰ শিতানৰ ফাইনেল ৰাউণ্ডত উঠিছিলে ঠিকেই, কিন্তু ফাইনেলত তেওঁ জিকিব পৰা নাই।
কমনৱেল্থ গেমছ 2022-ত ভাৰতে মুঠ 61টা মেডেল লাভ কৰিছে। ইয়াৰ ভিতৰত 22টা সোণ, 16টা ৰূপা আৰু 23টা ব্ৰঞ্জৰ মেডেল। 66টা মেডেল লৈ ভাৰতে তৃতীয় স্থান লাভ কৰিছে। প্ৰথম আৰু দ্বিতীয় স্থানত আছিল ক্ৰমে অষ্ট্ৰেলিয়া আৰু ইংলেণ্ড।

আমি বাতৰি অনুসন্ধান কৰি এনেকুৱা কোনো ৰিপ’ৰ্ট পোৱা নাই যে হিমা দাসে মিলখা সিঙৰ ৰেকৰ্ড ভংগ কৰিছে। মিলখা সিঙৰ ৰেকৰ্ডৰ কথা এটা ৰিপ’ৰ্টত প্ৰকাশিত হৈছিল, সেই ৰিপ’ৰ্টটো olympics.com ৱেবছাইটত আছে। মিলখা সিঙৰ নামত তিনিটা ৰেকৰ্ড আছে।
প্ৰথম ৰেকৰ্ডটো হ’ল তেওঁ 20.7 ছেকেণ্ডত 200 মিটাৰ দৌৰ সম্পন্ন কৰিছিলে।
দ্বিতীয় ৰেকৰ্ডটো হ’ল তেওঁ 45.6 ছেকেণ্ডত 400 মিটাৰ দৌৰ সম্পন্ন কৰিছিলে।
তৃতীয় ৰেকৰ্ডটো হ’ল তেওঁ 3 মিনিট 10.3 ছেকেণ্ডত 4X400 মিটাৰ দৌৰ সম্পন্ন কৰিছিলে।

ৱেবছাইট-ত উল্লিখিত তথ্য অনুসৰি, হিমা দাসে 200 মিটাৰ দৌৰ সম্পন্ন কৰিছে 22.88 ছেকেণ্ডত, আনহাতে 400 মিটাৰ দৌৰ সম্পন্ন কৰিছে 50.79 ছেকেণ্ডত। হিমা দাসে 4×400 মিটাৰ ৰিলে ৰেচ সম্পন্ন কৰিছে 3 মিনিট 15.71 ছেকেণ্ডত।
এইবোৰ তথ্যৰপৰা এয়া স্পষ্ট যে ভাইৰেল পোষ্টত যি দাবী কৰা হৈছে সেয়া মিছা হয়, কিয়নো হিমা দাসে এতিয়ালৈ নিজৰ ক্ৰীড়া জীৱনত বিখ্যাত দৌৰবিদ মিলখা সিঙৰ কোনো ৰেকৰ্ড ভংগ কৰা নাই। হিমা দাসে আনকি কমনৱেল্থ গেমছ 2022-ত কোনো মেডেলো জিকিব পৰা নাই।
ইয়াৰ আগতেও হিমা দাসৰ নামত আৰু এটা ভিডিঅ’ ভাইৰেল হৈছিল, তাত কোৱা হৈছিল যে কমনৱেল্থত হিমা দালে সোণ জিকিবলৈ সক্ষম হৈছে। আমি তদন্ত কৰাৰ পাছত গম পাইছোঁ যে এই দাবীও মিছা হয়। সত্যতা পৰীক্ষা কৰা এই ৰিপ’ৰ্ট ইযাত ক্লিক কৰি পঢ়ি চাব পাৰে।
Jagran.com-ৰ বিপ্লৱ কুমাৰে এয়া নিশ্চিত কৰিছে যে ভাইৰেল হোৱা এই দাবী মিছা হয়। হিমা দাসে এই বাৰৰ কমনৱেল্থ গেমছত এটাও মেডেল জিকিব পৰা নাই আৰু আনকি তেওঁ মিলখা সিঙৰ ৰেকৰ্ডো ভংগ কৰা নাই।
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী যিজন ব্যক্তিয়ে মিছা দাবী কৰি ভিডিঅ’ ভাইৰেল কৰিছে, ফেচবুক-ত তেওঁৰ 19 হেজাৰ অনুসৰণকাৰী আছে।
নিষ্কৰ্ষঃ কমনৱেল্থ গেমছত সোণ জিকি বিখ্যাত দৌৰবিদ মিলখা সিঙৰ ৰেকৰ্ড ভংগ কৰা বুলি ভাইৰেল পোষ্টটোত যি দাবী কৰা হৈছে সেয়া মিছা হয়। কমনৱেল্থ গেমছত হিমা দাসে এটাও মেডেল জিকা নাই আনকি তেওঁ আজিলৈ নিজৰ ক্ৰীড়া জীৱনত মিলখা সিঙৰ কোনো ৰেকৰ্ডো ভংগ কৰা নাই।
- Claim Review : বহুজন কন্যা হিমা দাসলৈ অজস্ৰ অভিনন্দন, তেওঁ 400 মিটাৰ দৌৰত বিশ্ব বিখ্যাত মিলখা সিঙৰ ৰেকৰ্ড ভংগ কৰিছে।
- Claimed By : সুনীল অস্তয় নামৰ এজন ফেচবুক ব্যৱহাৰকাৰী
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com