ফেক্ট চেক: ‘বেশ্বৰম ৰং’ গানটোত নাচি থকা মানুহজন প্ৰকৃততে পাকিস্তানৰ হয়, বিলাৱল ভুট্ট’ নহয়।
- By Vishvas News
- Updated: January 31, 2023

নতুন দিল্লী (বিশ্বাস নিউজ)। পাকিস্তানৰ দুৰ্ৱল আৰ্থিক স্থিতিৰ সময়চোৱাত সামাজিক মাধ্যমত পাঠান বোলছবিৰ এখনি গীতৰ ওপৰত নাচৰ এখন ভিডিঅ’ ভাইৰাল হৈ আছে। তাত এখন অনুষ্ঠানত ‘বেশ্বৰম ৰং’ গীতটোত যুৱক যুৱতীসকলে নাচি থকা দেখা পোৱা গৈছে। এই ভিডিঅ’খনক শ্বেয়াৰ কৰি কিছুসংখ্যক সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে দাবি কৰিছে যে, পাকিস্তানৰ মন্ত্ৰী বিলাৱল ভুট্ট’য়ে ‘বেশ্বৰম ৰং’ গানত নাচি আছে।
বিশ্বাস নিউজে নিজৰ তদন্তত এই সত্য উদঘাটন কৰিছে যে, পাঠান বোলছবিৰ গীতটোত নাচি থকা যুৱক পাকিস্তানৰ মন্ত্ৰী বিলাৱল ভুট্ট’ নহয়, আনকি তাৰ ছাত্ৰ মেহৰ’জ বেগ। তেঁও নিজৰ লগৰীয়া ইনায়া খানৰ লগত নৃত্য কৰিছিল
ভাইৰাল পোষ্টত কি আছে
ফেচবুক ব্যৱহাৰকাৰী Satyaagrah India (আকাৰ্ইভ লিঙ্ক) এ 21 জানুৱাৰী ভিডিঅ’খন পোষ্ট কৰি লিখিছে যে,
(পাকিস্তান বিলাৱল ভুট্ট’ৰ দৰে নেতাসকলৰ হাতত সুৰক্ষিত হয়…তেঁওলোকে আকৌ কাশ্মীৰ বিছাৰে।)
তদন্ত
ভাইৰাল ভিডিঅ’ৰ তদন্তৰ বাবে আমি পুনপ্ৰথমতে ভিডিঅ’খনক ভালদৰে চালো। ইয়াত i.g Cyed. Haider লিখা আছে। আমি এই কিৱাৰ্ডৰ জৰিয়তে গুগলত বিছাৰিলো। ইয়াত আমি ফেচবুক পেজ Syed Tweets ত ভাইৰাল হোৱা ভিডিঅ’(আৰ্কাইভ লিঙ্ক) পালো। ইয়াতও বিলাৱল ভুট্ট’ৰ উল্লেখ কৰা হৈছে। ইয়াত কমেণ্ট বিভাগত এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে, এয়া অভিনেত্ৰী ইনায়া খান।

ইয়াৰ পিছত আমি inaya khan actress এই কিৱাৰ্ডক গুগলত বিছাৰোঁতে ইনায়া খানৰ ইনষ্টাগ্ৰাম একাউণ্ট পালো। তাত 12 জানুৱাৰীত ভিডিঅ’খন আপল’ড কৰা হৈছে। সেইটো ভাইৰাল ভিডিঅ’ৰ দিঘলীয়া সংষ্কৰণ। ইয়াত বিতং তথ্যত লিখা আছিল যে, তেঁওৰ লগত নাচি থকা লগৰীয়া জনৰ নাম মেহৰ’জ বেগ

আমি মেহৰ’জ বেগৰ ইনষ্টা একাউণ্ট-তও ভাইৰাল হোৱা ভিডিঅ’খন পালো। ইয়াত তেঁও আৰু ইনায়া খানৰ নৃত্যৰ অন্যান্য ভিডিঅ’সমূহও চাব পাৰি।

অধিক তথ্যৰ বাবে আমি মেইল যোগে মেহৰ’জ বেগৰ লগত যোগাযোগ কৰিলো। তেঁওৰ বক্তব্য হ’ল, “ভিডিঅ’ত মই নাচি আছিলো। মই মোৰ বান্ধবী ইনায়া খানৰ লগত নাচি আছিলো। তেঁও এজন পাকিস্তানি আৰু এগৰাকী চ’ছিয়াল মিডিয়া ইনফ্লুয়েঞ্চাৰ। মোৰ বয়স 25 বছৰ আৰু মই ইকৰা বিশ্ববিদ্যালয়ৰ পৰা মিডিয়া ষ্টাডিজ বিষয়ত পঢ়ি আছো। মইও এজন চ’ছিয়াল মিডিয়া ইনফ্লুয়েঞ্চাৰ আৰু নৃত্যৰ ভিডিঅ’ও পোষ্ট কঁৰো।”
ভিডিঅ’খনক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰী ‘সত্যাগ্ৰহ ইণ্ডিয়া’ ৰ প্ৰ’ফাইল ষ্কেণ কৰিলো। ইয়াৰ মতে তেঁওৰ ছয়জন বন্ধু আছে।
উপসংহাৰ: পাঠান বোলছবিৰ গীত ‘বেশ্বৰম ৰং’ –ত নাচি থকা যুৱকৰ নাম মেহৰ’জ বেগ। পাকিস্তানৰ মেহৰ’জ বেগে নিজৰ বান্ধবী তথা পাকিস্তানি অভিনেত্ৰী ইনায়া খানৰ লগত নাচিছিল। এই ভিডিঅ’খনৰ লগত পাকিস্তানৰ মন্ত্ৰী বিলাৱল ভুট্ট’ৰ কোনো সম্পৰ্ক নাই।
- Claim Review : পাকিস্তান বিলাৱল ভুট্ট’ৰ দৰে নেতাসকলৰ হাতত সুৰক্ষিত হয়…তেঁওলোকে আকৌ কাশ্মীৰ বিছাৰে
- Claimed By : Satyaagrah India
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Email-Id contact@vishvasnews.com