X

Fact Check: পটাছ, ফিটকিৰি, নিমখ আৰু জালুকৰ মিশ্ৰণে দাঁতৰ বিষ নিৰাময় কৰে বুলি ভাইৰেল পোষ্ট বিভ্ৰান্তিকৰ

বিশ্বাস নিউজে অনুসন্ধান কৰিছিল আৰু পোষ্টটো বিভ্ৰান্তিকৰ পাইছিল। দন্ত চিকিৎসকে পৰামৰ্শ দিয়ে যে মানুহে সঠিক চিকিৎসাৰ বাবে চিকিৎসাৰ পৰামৰ্শ ল’ব লাগে, কিয়নো বহুতো কাৰণত দাঁতৰ বিষ হ’ব পাৰে। এই মিশ্ৰণটোৱে দাঁতৰ বিষৰ পৰা উপশমৰ বিপৰীতে অধিক ক্ষতিহে কৰিব পাৰে।

  • By Vishvas News
  • Updated: September 22, 2021

নতুন দিল্লী (বিশ্বাস নিউজ) : ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত দাবী কৰা হৈছে যে ফিটকিৰি, পটাছ, নিমখ আৰু জালুকৰ মিশ্ৰণে দাঁতৰ বিষ নিৰাময় কৰে। বিশ্বাস নিউজে ইয়াৰ অনুসন্ধান কৰিছিল আৰু পোষ্টটো বিভ্ৰান্তিকৰ পাইছিল। দন্ত চিকিৎসকে পৰামৰ্শ দিয়ে যে মানুহে দাঁতৰ সমস্যাৰ বিষয়ে সদায়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে, কিয়নো দাঁতৰ বিষ কেইবাটাও কাৰণত হ’ব পাৰে। বহুক্ষেত্ৰত পটাছ, ফিটকিৰি, নিমখ আৰু জালুকৰ এই মিশ্ৰণে ক্ষতি কৰিবও পাৰে।

কি এই ভাইৰেল পোষ্ট?

ফেচবুকত শ্বেয়াৰ কৰা এটা পোষ্টত এইদৰে লিখা হৈছে: “অলপ ফিটকিৰি, অলপ পটাছ, এচামুচ নিমখ, দেশীয় জালুক লওঁক। সেইবোৰ একেলগে গুৰি কৰক আৰু বিষ হৈ থকা দাঁতত অলপ প্ৰয়োগ কৰক আৰু পাঁচ মিনিটৰ পিছত নেমু পানীৰে আপোনাৰ মুখ ধুঁৱক। দাঁতৰ বিষৰ পৰা আৰোগ্য লাভ কৰিব। “

পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।

অনুসন্ধান

বিশ্বাস নিউজে ভাইৰেল পোষ্টত উল্লেখ কৰা সামগ্ৰীৰ গুণাগুণ অন্বেষণ কৰি ইয়াৰ অনুসন্ধান আৰম্ভ কৰিছিল।

ফিটকিৰিত সাধাৰণতে প’টাছিয়াম ফিটকিৰি থাকে। এই ফিটকিৰি কেতিয়াবা খাদ্য যেনে আচাৰ আদি প্ৰস্তুত কৰিবলৈও ব্যৱহাৰ কৰা হয়। ইয়াক বেকিং পাউডাৰৰ লগতে অন্যান্য প্ৰক্ৰিয়াতো ব্যৱহাৰ কৰা হয়। এটা গৱেষণাত কোৱা হৈছে যে দন্তক্ষয়ৰ ক্ষেত্ৰত ফিটকিৰিক কেতিয়াবা কেতিয়াবা মুখ ধুৱা হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু এই সকলোবোৰ গৱেষণাই কয় যে স্বাস্থ্যৰ সমস্যাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱাটোহে অত্যাৱশ্যকীয়।

যেতিয়া আমি পটাছৰ ওপৰত গৱেষণা কৰিছিলো, আমি দেখিছিলো যে পটাছ বিভিন্ন পটাছিয়াম যৌগৰ দ্বাৰা তৈয়াৰ কৰিব পাৰি। ইয়াক উদ্ভিদৰ বাবে সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

জালুক নিগ্ৰাম নামৰ উদ্ভিদৰ পৰা উৎপন্ন হোৱা শুকান-কেঁচা ফল হৈছে জালুক। ইয়াৰ এক তীক্ষ্ণ গোন্ধ, মচলাযুক্ত/গৰম সোৱাদ থাকে আৰু সাধাৰণতে কিছুমান ব্যঞ্জনত ব্যৱহাৰ কৰা হয়।

নিয়মীয়াকৈ নিমখ পানীৰে গাৰ্গল কৰিলে সাধাৰণতে সামান্য জ্বলা-পোৰা উপশম কৰিব পাৰে, কিন্তু তীব্ৰ দাঁতৰ বিষৰ বাবে দন্ত চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন হ’ব পাৰে। দাঁতৰ বিষৰ কাৰণ চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ।

আমি এনে কোনো প্ৰামাণিক প্ৰতিবেদন পোৱা নাছিলো যে নিমখ, জালুক, এলুম আৰু পটাছৰ মিশ্ৰণ প্ৰয়োগ কৰিলে দাঁতৰ বিষ নিৰাময় কৰিব পাৰে।

বিশ্বাস নিউজে মুম্বাইৰ ডাঃ সাগৰ জে আবিচান্দানি, এমডিএছ, প্ৰষ্টোডেণ্টিক্সৰ সৈতে যোগাযোগ কৰিছিল। তেওঁ কৈছিল : “ভাইৰেল পোষ্টত উল্লেখ কৰা মিশ্ৰণটো প্ৰয়োগ কৰিলে দাঁতৰ ক্ষতি হ’ব পাৰে। দাঁতৰ বিষৰ চিকিৎসা ব্যক্তি ভেদে পৃথক পৃথক হয়। দাঁতৰ বিষ দাঁতৰ ক্ষয়, দাঁতৰ আলুৰ সমস্যা বা দাঁতৰ অইন সমস্যাৰ লক্ষণ হ’ব পাৰে। যিকোনো চিকিৎসা আৰম্ভ কৰাৰ আগতে কাৰণটো চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ। “

পোষ্টটো হুছেইন এডেকুনলে হাৰফিজ নামৰ এজন ব্যৱহাৰকাৰীয়ে ফেচবুকত শ্বেয়াৰ কৰিছিল। যেতিয়া আমি ব্যৱহাৰকাৰীৰ প্ৰ’ফাইল স্কেন কৰিছিলো, আমি দেখিছিলো যে ব্যৱহাৰকাৰীজন নাইজেৰিয়াৰ আছিল।

নিষ্কৰ্ষঃ বিশ্বাস নিউজে অনুসন্ধান কৰিছিল আৰু পোষ্টটো বিভ্ৰান্তিকৰ পাইছিল। দন্ত চিকিৎসকে পৰামৰ্শ দিয়ে যে মানুহে সঠিক চিকিৎসাৰ বাবে চিকিৎসাৰ পৰামৰ্শ ল’ব লাগে, কিয়নো বহুতো কাৰণত দাঁতৰ বিষ হ’ব পাৰে। এই মিশ্ৰণটোৱে দাঁতৰ বিষৰ পৰা উপশমৰ বিপৰীতে অধিক ক্ষতিহে কৰিব পাৰে।

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন
অধিক পঢ়ক

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later