
নতুন দিল্লী (Vishvas News)। ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে,
ইয়াৰ জৰিয়তে দাবী কৰা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে মাৰ্চৰ পিছত ১০০ টকীয়া, ১০
টকীয়া আৰু ৫ টকীয়া পুৰণি নোট বজাৰৰ পৰা ওভতাই লোৱা আৰম্ভ কৰিব।
বিশ্বাস নিউজৰ তদন্তত দেখা গৈছে যে এই ভাইৰেল পোষ্ট ভুৱা। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই সদ্যহতে এনেধৰণৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।
কি এই ভাইৰেল পোষ্ট –
ফে’চবুক ইউজাৰ Khidmati Safar এ ৫ টকীয়া, ১০০ টকীয়া আৰু ১০ টকীয়া পুৰণি নোটৰ ফটো সংলগ্ন কৰি এটা ইংৰাজীত পোষ্ট শ্বেয়াৰ কৰিছে। পোষ্টটোৰ অসমীয়া অনুবাদ এনেধৰণৰ – ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই কৈছে যে মাৰ্চ মাহৰ পৰা ১০০ টকীয়া, ১০ টকীয়া আৰু ৫ টকীয়া পুৰণি নোটবোৰৰ প্ৰচলন বন্ধ হ’ব পাৰে।
ভাইৰেল পোষ্টটোৰ আৰ্কাইভ সংস্কৰণ ইয়াত চাব পাৰিব।
অনুসন্ধান
বিশ্বাস নিউজে অনুসন্ধান আৰম্ভ কৰি সৰ্বপ্ৰথমে ইণ্টাৰনেটত কী-ৱৰ্ডৰ সহায়ত এই সবিশেষ ঘটনাটো বিচাৰি চায়। ইয়াৰ ফলত আমি এনে কিছু মিডিয়া ৰিপ’ৰ্ট লাভ কৰিলো, য’ত উল্লেখ আছে যে অলপতে মাঙ্গালুৰুত অনুষ্ঠিত হৈ যোৱা জিলা পৰ্যায়ৰ নোট ব্যৱস্থাপনা কমিটিৰ এক বৈঠকত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ সহকাৰী মহাপ্ৰবন্ধক বি মহমেশে কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে মাৰ্চ- এপ্ৰিলৰ পৰা ১০০ টকীয়া পুৰণি নোটবোৰৰ প্ৰচলন বন্ধ কৰাৰ পৰিকল্পনা যুগুত কৰি আছে।
ইয়াৰ পিছত ছ’চিয়েল মিডিয়াত এনেধৰণৰ পোষ্ট ভাইৰেল হ’বলৈ লৈছে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০১৮ চনত বেঙুণীয়া ৰঙৰ নতুন ১০০ টকীয়া নোটৰ প্ৰচলন আৰম্ভ কৰিছিল, কিন্তু ইয়াৰ লগতে এই কথাও স্পষ্ট কৰিছিল যে বজাৰত পূৰ্বৰে পৰা চলি থকা ১০০ টকীয়া নোটবোৰো বৈধ হৈ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সেই জাননী ইয়াত চাব পাৰিব।
সবিশেষ তথ্য জানিবৰ বাবে আমি ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ জনসংযোগ
বিভাগৰ মুখ্য মহাপ্ৰবন্ধক যোগেশ দয়ালৰ ব্যক্তিগত সহায়কৰ সৈতে কথা পাতিছিলো। তেওঁ
আমাক জনায় যে এই ভাইৰেল পোষ্ট ভুৱা। সদ্যহতে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই এনেধৰণৰ
কোনো নিৰ্দেশ দিয়া নাই। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই অলপতে টুইটযোগেও এই কথা স্পষ্ট
কৰি দিয়ে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে সদ্যহতে ১০০ টকীয়া, ১০ টকীয়া আৰু ৫ টকীয়া পুৰণি
নোট ওভতাই লোৱাৰ কোনো পৰিকল্পনা হাতত লোৱা নাই। এই ভাইৰেল পোষ্ট সম্পূৰ্ণৰূপে
ভুৱা।
ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ টুইটটো ইয়াত চাব পৰা যাব।
ইয়াৰ পিছতে আমি ফে’চবুকত ভাইৰেল হোৱা এই পোষ্টৰ গৰাকী Khidmati Safar সন্দৰ্ভত জানিবলৈ বিচৰাত তথ্য লাভ কৰো যে এই ইউজাৰগৰাকীৰ প্ৰ’ফাইলত এই বাতৰি লিখাৰ পৰলৈকে 46815 টা ফ’ল’ৱাৰ্ছ আছে।
নিষ্কৰ্ষঃ সামৰণি – ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ১০০ টকীয়া, ১০ টকীয়া আৰু ৫ টকীয়া পুৰণি নোট বন্ধ নকৰে, এই ভাইৰেল পোষ্ট ভুৱা।
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.