ফেক্ট চেক: ফিনলেণ্ডৰ এটা জনাকীৰ্ণ নৈৰ পুৰণি ভিডিঅ’, ইউএচ-ৰ বুলি দাবি কৰি শ্বেয়াৰ কৰা হৈ আছে
ভাইৰাল হোৱা দাবিটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমাণিত হৈছে।এই ছবিখনৰ আমেৰিকাৰ লগত কোনো সম্পৰ্ক নাই, ভাইৰাল হোৱা ছবিখন ফিনলেণ্ডৰ।
- By Vishvas News
- Updated: June 26, 2022

নিউ দিল্লি (বিশ্বাস নিউজ) : সামাজিক মাধ্যমত এটা ছবি ভাইৰাল হৈ আছে। ছবিটোত, মানুহ বহি থকা কেইবাটাও ভাসমান টিউব নৈ এটাত দেখা পোৱা যায়। এয়া এনে দাবিৰ সৈতে পোষ্ট কৰা হৈছে যে এয়া আমেৰিকাৰ টেকচাচ-ৰ ছবি। বিশ্বাস নিউজৰ তদন্তত এই দাবিটো ভুল বুলি প্ৰমাণিত হৈছে। এই ছবিখনৰ আমেৰিকাৰ লগত কোনো সম্পৰ্ক নাই, ভাইৰাল হোৱা ছবিখন প্ৰকৃততে ফিনলেণ্ডৰ।
ভাইৰাল পোষ্টত কি আছে?
ভাইৰাল হোৱা ছবিটো শ্বেয়াৰ কৰি, ফেচবুক ব্যৱহাৰকাৰী ‘ফক্স স্প’ৰ্টচ ৰেডিঅ’ 1400 টেকছাৰকানা’ লিখিছে, “নিউ ব্ৰাউঞ্চফেলত গুৱাডালুপ নৈ, টিএক্স এই সপ্তাহশেষত।”
উক্ত পোষ্টটোৰ আৰ্কাইভ সংস্কৰণটো ইয়াত চাব পাৰিব।
তদন্ত
ভাইৰাল হোৱা ছবিখনৰ সত্য জানিবলৈ, বিশ্বাস নিউজে ছবিখন গুগল ৰিভাৰ্ছ ইমেজৰ মাধ্যমে বিছাৰিছে।আমি ভাইৰাল হোৱা ছবিখন ডিচকভাৰিং ফিনলেণ্ড নামৰ এখনি টুইটাৰ হেণ্ডেলৰ দ্বাৰা ২০১৭-ত কৰা এখন টুইটত(আৰ্কাইভ) পাইছো। লগত থকা বিৱৰণ মতে, ছবিখন ফিনলেণ্ডৰ ফ্ল’টিং বিয়াৰ উৎসৱৰ।

আমি এই ছবিখন kaljakellunta.org. তও পাইছো। বিছাৰি থাকোতে আমি গম পালো যে, কালজাকেল্লুনতা এটা ফিনিচ শব্দ, যাৰ অৰ্থ ফ্ল’টিং বিয়াৰ উৎসৱ। এই ওৱেবচাইটটো ফিনলেণ্ডৰ ফ্ল’টিং বিয়াৰ উৎসৱ সম্বন্ধীয়। তাত আমি এই উৎসৱ সম্বন্ধীয় বহুত ছবি পাইছো।
এয়া এতিয়া স্পষ্ট যে ভাইৰাল হোৱা ছবিখন ফিনলেণ্ডৰ। এতিয়া আমি নিউ ব্ৰাউনফেলৰ গুৱাডালুপ নৈদীৰ বিষয়ে গম পালো।গুৱাডালুপ নদী ইউএচ-ৰ টেকচাচ ৰাজ্যৰ এখন নৈ। আমি বিছাৰিলো কিন্তু ভাইৰাল হোৱা ছবিখনৰ দৰে নৈত মানুহ ভৰ্তি হই থকা এখন ছবিও নাপালো।
আমি এই সন্দৰ্ভত ইউএচ-ভিত্তিক এজন সাংবাদিক প্ৰতীক গ’য়েলৰ লগত কথা পাতিলো। তেঁও আমাক কলে যে “মই বৰ্তমান নিউইয়ৰ্কত থাকো, কিন্তু মই প্ৰকৃততে টেকচাচৰ বাসিন্দা। মোৰ মা এতিয়াও টেকচাচত আছে। এই ছবিখন গুৱাডালুপ নৈৰ নহয়। মই গুৱাডালুপ নৈত কেতিয়াও ইমান ভিড় দেখা নাই।”
তদন্তৰ শেষ ধাপত বিশ্বাস নিউজে ভাইৰাল পোষ্টটো শ্বেয়াৰ কৰা প্ৰ’ফাইলৰ আঁৰত থকা সত্য অনুসন্ধান কৰিবলৈ চেষ্টা কৰে। আমি গম পালো যে, ফক্স স্প’ৰ্টচ ৰেডিঅ 1400 টেকচাৰকানা-ক 209,990 মানুহে অনুসৰণ কৰে।
নিষ্কৰ্ষঃ ভাইৰাল হোৱা দাবিটো বিশ্বাস নিউজৰ তদন্তত ভুল বুলি প্ৰমাণিত হৈছে।এই ছবিখনৰ আমেৰিকাৰ লগত কোনো সম্পৰ্ক নাই, ভাইৰাল হোৱা ছবিখন ফিনলেণ্ডৰ।
- Claim Review : এই সপ্তাহ শেষত, নিউ ব্ৰাউঞ্চফেলত গুৱাডালুপ নৈ।
- Claimed By : ফক্স স্প’ৰ্টচ ৰেডিঅ’ 1400 টেকচাৰখানা
- Fact Check : False

Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.
-
Whatsapp 9205270923
-
Telegram 9205270923
-
Email-Id contact@vishvasnews.com