X
X

Fact Check: বিভ্ৰান্তিকৰ দাবীৰ সৈতে তামিলনাডুৰ দলং ভাঙি পৰাৰ পুৰণি ভাইৰেল হোৱা ভিডিঅ’ 

পুনেৰ ইন্দ্ৰাণী নদীত দলং ভাঙি দুৰ্ঘটনা সংঘটিত হৈছে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত এখন দলং পানীত ডুব যোৱা দেখা গৈছে।

  • By: Umam Noor
  • Published: Jun 23, 2025 at 01:28 PM

নতুন দিল্লী (বিশ্বাস নিউজ)। পুনেৰ ইন্দ্ৰাণী নদীত দলং ভাঙি দুৰ্ঘটনা সংঘটিত হৈছে। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত এখন দলং পানীত ডুব যোৱা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগতে দাবী কৰা হৈছে যে ভাইৰেল ভিডিঅ’টো শেহতীয়াকৈ তামিলনাডুত ভাঙি পৰা এখন দলঙৰ ভিডিঅ’।

বিশ্বাস নিউজে নিজৰ তদন্তত এই ভাইৰেল দাবী বিভ্ৰান্তিকৰ বুলি জানিব পাৰিছে। দলংখন ভাঙি পৰাৰ পুৰণি এই ভিডিঅ’টো ২০২৪ চনৰ ডিচেম্বৰ মাহত তামিলনাডুৰ নতুন ভিডিঅ’ বুলি অভিহিত কৰি ভাইৰেল কৰা হৈছে ।

ভাইৰেল পোষ্টটোত কি আছে?

১১ জুনত ফেচবুক পেজত ভাইৰেল পোষ্টটো শ্বেয়াৰ কৰি তেওঁ লিখিছে, “তামিলনাডুত দলংখন ভাঙি অদৃশ্য হৈ গ’ল! বিজেপি শাসিত ৰাজ্যত যদি দলংখন ভাঙি গ’লহেঁতেন তেন্তে সমগ্ৰ বিৰোধীয়ে প্ৰতিবাদ কৰিলেহেতেঁন?”

পোষ্টটোৰ আৰ্কাইভ কৰা সংস্কৰণ ইয়াত চাওক।

পুংখানুপুংখ তদন্ত

আমাৰ তদন্ত আৰম্ভ কৰি প্ৰথমে আমি ভাইৰেল ভিডিঅ’টোৰ মূল ফ্ৰেমবোৰ উলিয়াই গুগল লেন্সৰ জৰিয়তে বিচাৰিলোঁ। সন্ধান কৰিলে আমি এই ভিডিঅ’টো ২০২৪ চনৰ ৮ ডিচেম্বৰত ইউটিউব চেনেলত আপলোড কৰা দেখিলোঁ।

ইয়াৰ ভিত্তিত আমি আমাৰ তদন্ত আগবঢ়াই নিলোঁ আৰু ২০২৪ চনৰ ৮ ডিচেম্বৰত X হেণ্ডেলত আপলোড কৰা একেধৰণৰ ভিডিঅ’ পাইছিলোঁ। ইয়াত কোৱা হৈছে যে এইটো তামিলনাডুৰ থাঞ্জাভুৰত এখন দলং ভাঙি পৰাৰ ভিডিঅ’।  

একেদৰে তামিলনাডু প্ৰেছ এণ্ড মিডিয়া ৰিপ’ৰ্টাৰ ইউনিয়নৰ ফেচবুক পেজতো একে দৃশ্যৰ ভিডিঅ’ পোৱা গৈছে।ভিডিঅ’টোৰ সৈতে দিয়া তথ্য অনুসৰি, “থেনপেন্নাই নদীৰ পৰা প্ৰতি ছেকেণ্ডত ২ লাখ ঘনফুট পানী এৰি দিয়াৰ বাবে তিৰুৱন্নমলাই আকাৰমপল্লীপট্টু-থোণ্ডামানুৰ দলংখন জাহ গৈছে। কিন্তু নদীৰ পাৰত নিৰ্মাণ কৰা নতুন মন্দিৰটো নিৰাপদ।”

এই বিষয়টোৰ সৈতে জড়িত বাতৰি টাইমছ নাও আৰু এন ডি টিভিৰ ইউটিউব চেনেলতো চাব পাৰিব। ২০২৪ চনৰ ডিচেম্বৰৰ এই প্ৰতিবেদন অনুসৰি এই দলংখন মাত্ৰ তিনিমাহ পূৰ্বে সম্পূৰ্ণ হৈছিল।

ভাইৰেল ভিডিঅ’টো নিশ্চিত কৰিবলৈ আমি তামিলনাডুৰ সাংবাদিক সুৰেশ মূৰ্তিৰ সৈতে যোগাযোগ কৰিলোঁ। তেওঁ আমাক ক’লে, এই ভিডিঅ’টো যোৱা বছৰৰ ডিচেম্বৰৰ, যেতিয়া তামিলনাডুৰ এখন দলং ভাঙি গৈছিল।

এতিয়া বিভ্ৰান্তিকৰ পোষ্টটো শ্বেয়াৰ কৰা ফেচবুক ব্যৱহাৰকাৰীজনৰ ছ’চিয়েল স্কেনিং কৰাৰ সময় আহিল। আমি দেখিলোঁ যে ব্যৱহাৰকাৰী ‘আগ্ৰা দুনিয়া’ক ৫ হাজাৰ লোকে ফ’ল’ বা অনুসৰণ কৰে। ব্যৱহাৰকাৰীজন মহাৰাষ্ট্ৰৰ পুনেৰ বাসিন্দা।

উপসংহাৰঃ বিশ্বাস নিউজে নিজৰ তদন্তত এই ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ বুলি জানিব পাৰিছে। এই ভিডিঅ’টো ২০২৪ চনৰ ডিচেম্বৰৰ পৰা তামিলনাডুৰ। সেতু ভাঙি পৰা পুৰণি ভিডিঅ’টো নতুন আখ্যা দি ভাইৰেল কৰা হৈছে।

  • Claim Review :  ভাইৰেল ভিডিঅ’টোত শেহতীয়াকৈ তামিলনাডুত ভাঙি পৰা এখন দলংৰ।
  • Claimed By :  FB ব্যৱহাৰকাৰী- আগ্ৰা দুনিয়া
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later