Fact Check: হিমাচলৰ শুলিনী মাতা মন্দিৰত কীৰ্তনত নিষেধাজ্ঞা সম্বন্ধীয় বোৰ্ডৰ ছবি পুৰণি হয়, ভুল দাবীৰ সৈতে সেই ছবি শ্বেয়াৰ কৰা হৈ আছে
বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে মন্দিৰত থকা বোৰ্ডখনৰ ছবি 2023-ৰ মে মাহৰ হয়। সেই সময়তে পৰিস্থিতি বেলেগ দিশত যোৱাৰ ফলত সেই বোৰ্ডখন আঁতৰাই দিয়া হৈছিল আৰু প্ৰশাসনে স্পষ্ট কৰি দিছিল যে মন্দিৰত দৰ্শন কৰিবলৈ অহা ভক্তসকলৰ অসুবিধা হৈ আছিল কাৰণে মন্দিৰৰ লগত যুক্ত কৰি সাজি তোলা বিশাল কক্ষত কীৰ্তন কৰাৰ কথা কোৱা হৈছিল। কীৰ্তনত কোনো নিষেধাজ্ঞা জাৰী কৰা হোৱা নাছিল।
- By: Sharad Prakash Asthana
- Published: May 31, 2025 at 12:46 PM
নতুন দিল্লী (বিশ্বাস নিউজ)। হিমাচল প্ৰদেশৰ সোলনত অৱস্থিত শুলিনী মাতাৰ মন্দিৰক লৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে। তাত এখন বোৰ্ডৰ ছবি শ্বেয়াৰ কৰা হৈ আছে, সেই বোৰ্ডত লিখা আছে যে, মন্দিৰ প্ৰাংগণত কীৰ্তন কৰা নিষেধ। বোৰ্ডত জিলা দণ্ডাধীশ আৰু জিলা আয়ুক্ত (শুলিনী মাতা মন্দিৰ ন্যাস, সোলন) বুলিও লিখা আছে। ইউজাৰসকলে এইখন ছবি শ্বেয়াৰ কৰি ৰাজ্য চৰকাৰক লক্ষ্য কৰি দাবী কৰি আছে যে হিমাচলত মন্দিৰ প্ৰাংগণত ভজন কীৰ্তনৰ উপৰত নিষেধাজ্ঞা জাৰী কৰা হৈছে।
বিশ্বাস নিউজৰ অনুসন্ধানত গম পোৱা গৈছে যে মন্দিৰত থকা বোৰ্ডখনৰ ছবি 2023-ৰ মে মাহৰ হয়। সেই সময়তে পৰিস্থিতি বেলেগ দিশত যোৱাৰ ফলত সেই বোৰ্ডখন আঁতৰাই দিয়া হৈছিল আৰু প্ৰশাসনে স্পষ্ট কৰি দিছিল যে মন্দিৰত দৰ্শন কৰিবলৈ অহা ভক্তসকলৰ অসুবিধা হৈ আছিল কাৰণে মন্দিৰৰ লগত যুক্ত কৰি সাজি তোলা বিশাল কক্ষত কীৰ্তন কৰাৰ কথা কোৱা হৈছিল। কীৰ্তনত কোনো নিষেধাজ্ঞা জাৰী কৰা হোৱা নাছিল।
ভাইৰেল পোষ্ট
ইনষ্টাগ্ৰাম ইউজাৰ mahabharatkurukshetra 26 মে তাৰিখত এই ছবিখন শ্বেয়াৰ (আৰ্কাইভ লিংক) কৰিছিল। তাত লিখা আছে, “মন্দিৰ প্ৰাংগণত কীৰ্তন কৰা নিষেধ। আদেশ অনুসৰি, জিলা দণ্ডাধীশ আৰু জিলা আয়ুক্ত (শুলিনী মাতা মন্দিৰ ন্যাস, সোলন)। “

অনুসন্ধান
ভাইৰেল দাবীৰ কাৰণে আমি কী-ৱাৰ্ড দি এই বিষয় গুগলত ছাৰ্চ কৰি চাইছোঁ। 15 মে 2023 তাৰিখত ইটিভি ভাৰত-ৰ ৱেবছাইটত প্ৰকাশ পোৱা বাতৰিত ভাইৰেল বোৰ্ডখনৰ ছবি আপলোড হৈ আছে। সেই বাতৰি অনুসৰি, “শুলিনী মন্দিৰ প্ৰাংগণত কীৰ্তন যেন কৰা নহয়, সেই সম্বন্ধীয় এটা আদেশক লৈ সোলনত বহুত চৰ্চা হৈ আছে। এই বিষয়ত ডিচি সোলন মনমোহন শৰ্মাই কৈছে যে, মন্দিৰৰ প্ৰাংগণত কীৰ্তন চলি থকাৰ কাৰণে ভক্তসকলৰ দেৱী মাৰ দৰ্শন কৰাৰ সময় অসুবিধা হৈ থাকে। বিষয়াসকলেও তাত গৈ সমস্যাটো প্ৰত্যক্ষ কৰিছে। সেই কাৰণে অনুৰোধ কৰা হৈছে যে, মন্দিৰৰ প্ৰাংগণত কীৰ্তন কৰাৰ সলনি মন্দিৰৰ লগতে থকা বিশাল কক্ষত যেন কীৰ্তন কৰা হয়। কিয়নো কীৰ্তনৰ কাৰণে ভক্তসকলৰ যেন কোনো অসুবিধা নহয়।” বাতৰিত ডিচি সোলনৰ ভিডিঅ’ বক্তব্যও আপলোড কৰা হৈছে।

15 মে 2023-ত পঞ্জাব কেশৰী-ৰ ইউটিউব চেনেলত মনমোহন শৰ্মাৰ সৈতে কথোপকথনৰ ভিডিঅ’ আপলোড কৰা হৈছিল। তাত তেওঁ কৈ আছে যে কীৰ্তন সম্বন্ধীয় আদেশ জিলা প্ৰশাসনে জাৰী কৰা নাছিল, সেয়া জাৰী কৰিছিল মন্দিৰৰ ট্ৰাষ্টে। তাত দেখা পোৱা গৈছে যে দিনৰ ভাগত মন্দিৰ প্ৰাংগণত কীৰ্তন হৈ থাকিলে ভক্তসকলৰ অসুবিধা হয়। কীৰ্তন বন্ধ কৰা হোৱা নাই। কেৱল কোৱা হৈছে যে কীৰ্তন কৰাৰ কাৰণে যেন বিশাল কক্ষটো ব্যৱহাৰ কৰা হয়, সেয়া মন্দিৰৰ প্ৰাংগণত তুলনাত ডাঙৰ হয়।
17 মে 2023-ত অমৰ উজালা-ৰ ৱেবছাইটত প্ৰকাশ পোৱা বাতৰি-ত লিখা আছে জিলা প্ৰশাসনে সেই বোৰ্ডখন আঁতৰাই দিছে।

এই বিষয়ত সোলনত দৈনিক জাগৰণৰ সাংবাদিক সুনীল শৰ্মাই কৈছে যে, এয়া প্ৰায় দুই বছৰ আগৰ ঘটনা হয়। বিতৰ্ক হোৱাৰ পাছত বোৰ্ডখন আঁতৰাই দিয়া হৈছিল। তাত এতিয়াও ভজন-কীৰ্তন হৈ থাকে।
ভুল দাবীৰ সৈতে ছবি শ্বেয়াৰ কৰা ইউজাৰ-ৰ প্ৰফাইল আমি স্কেন কৰি চাইছোঁ। এটা ভাৱাদৰ্শৰ দ্বাৰা প্ৰভাৱিত এই জন ইউজাৰৰ 12 হাজাৰৰ অধিক ফলোৱাৰ্ছ আছে।
সিদ্ধান্ত: হিমাচলৰ সোলনত অৱস্থিত শুলিনী মাতাৰ মন্দিৰত কীৰ্তনত নিষেধাজ্ঞা সম্বন্ধীয় বোৰ্ডৰ ছবিখন দুই বছৰ আগৰ হয়। সেই সময়ত ভক্তসকলৰ সুবিধাৰ কথা চিন্তা কৰি মন্দিৰত লগতে থকা বিশাল কক্ষত কীৰ্তন কৰাৰ কথা কোৱা হৈছিল। পাছত বোৰ্ডখন আঁতৰাই দিয়া হৈছিল। তাত এতিয়াও কীৰ্তন হৈ থাকে।
- Claim Review : হিমাচলত মন্দিৰ প্ৰাংগণত ভজন কীৰ্তনৰ উপৰত নিষেধাজ্ঞা জাৰী কৰা হৈছে।
- Claimed By : Instagram User- mahabharatkurukshetra
- Fact Check : False
Know the truth! If you have any doubts about any information or a rumor, do let us know!
Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.











