X

ফেক্ট চেক: 2020-ত জনতা কাৰ্ফিউৰ ঘোষণা কৰি থকা পিএম মোদিৰ ভাষণৰ ভিডিঅ-ৰ এটা অংশক সম্প্ৰতিকালত ঘটা বুলি ভাইৰাল কৰা হৈ আছে

  • By Vishvas News
  • Updated: December 31, 2022

নতুন দিল্লী (বিশ্বাস নিউজ)। সামাজিক মাধ্যমত, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিৰ এখনি ভিডিঅ ক্লিপ ভাইৰাল হৈ আছে, য’ত, তেঁওক দেশবাসীক সম্বোধন কৰি থকা শুনা আৰু দেখা গৈছে। এয়া দাবি কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰিয়াই অকস্মাৎ মানুহৰ বাবে আনন্দ সংবাদ ঘোষণা কৰিলে। সামাজিক মাধ্যম ব্যৱহাৰকাৰী বহুত মানুহে এই ভিডিঅখনক বিভিন্ন ভ্ৰমাত্মক আৰু ভুৱা দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে। যেনে, প্ৰধানমন্ত্ৰীয়ে আকৌ নোটবন্দীৰ ঘোষণা কৰিলে নাইবা অকস্মাৎ পেট্ৰ’লৰ দাম কমোৱাৰ কথা ঘোষণা কৰিলে। ভিডিঅখন শ্বেয়াৰ হোৱাৰ পিছৰ পৰায়ে এনে দেখা গৈছে যেনে, প্ৰধানমন্ত্ৰী মোদি ডাঙৰিয়াই অলপতে কিবা বৃহৎ ঘোষণা কৰিছে ।

বিশ্বাস নিউজৰ তদন্তত এই দাবি ভ্ৰমাত্মক বুলি প্ৰমানিত হৈছে। ভাইৰাল হোৱা ভিডিঅখন প্ৰকৃততে কোভিড-19 মহামাৰীৰ আৰম্ভণিত ৰাষ্ট্ৰৰ নামত কৰা সম্বোধনৰ লগত সম্পৰ্কিত এখনি ভিডিঅ। 19 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে জনতা কাৰ্ফিউৰ আবেদন জঁনাইছিল, যাৰ বাবে তেঁও 22 মাৰ্চৰ পোৱা সাত বজাৰ পৰা ৰাতি ৯টা বজালৈ সময় স্থিৰ কৰিছিল। জনতা কাৰ্ফিউৰ দুই দিন পিছতেই লকডাউন দিয়াৰ ঘোষণা কৰা হৈছিল।

কি হ’ল ভাইৰাল?

সামাজিক মাধ্যম ব্যৱহাৰকাৰী ‘Asimb’-এ ভাইৰাল হোৱা ভিডিঅখন শ্বেয়াৰ কৰি লিখিছে, ”প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে হঠাতেই নিজৰ মানুহৰ বাবে ডাঙৰ আনন্দ সংবাদ ঘোষণা কৰিলে।”

বহুত অন্য ব্যৱহাৰকাৰীসকলে এই ভিডিঅখনক একে আৰু মিল থকা দাবিৰ সৈতে শ্বেয়াৰ কৰিছে। সামাজিক মাধ্যমৰ বেলেক বেলেক প্লেটফৰ্মতও এই ভিডিঅখনক একে দাবিৰ সৈতে শ্বেয়াৰ কৰা হৈছে।

তাতে কিছুমান ব্যৱহাৰকাৰীয়ে আকৌ ভিডিঅখন এই দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে, যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদি ডাঙৰিয়াই অকস্মাৎ পেট্ৰ’লৰ মুল্য হ্ৰাস কৰাৰ ঘোষণা কৰিছে। য’ত অন্যান্য ব্যৱহাৰকাৰীয়ে এয়া কৈ আছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে হঠাৎ দেশ ত্যাগ কৰাৰ ঘোষণা কৰিছে। কিছুসংখ্যক ব্যৱহাৰকাৰীয়ে এই ভিডিঅখনক এই দাবিৰ সৈতে শ্বেয়াৰ কৰি আছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে আকৌ নোটবন্দীৰ কথা ঘোষণা কৰিছে।

তদন্ত

ভাইৰাল হোৱা ভিডিঅ ক্লিপখন দুই ঘন্টাৰও অধিক সময়ৰ আৰু এয়া প্ৰধানমন্ত্ৰীয়ে দেশবাসীক কৰা সম্বোধন ভাষনেৰে হৈছে। এই ভিডিঅখনত তেঁও কয় যে সম্পূৰ্ণ বিশ্ব এতিয়া বহুত গম্ভীৰ সময়ৰ মাজেদি কাল অতিক্ৰম কৰি আছে। সাধাৰণতে যেতিয়া কিবা প্ৰাকৃতিক বিপৰ্যয় আহে তেতিয়া সেয়া কিছুমান দেশ নাইবা ৰাজ্যত সীমিত থাকে। কিন্তু এইবাৰ এই সংকট এনে একধৰণৰ, যিটোয়ে সম্পূৰ্ণ মানবজাতিক বিপদত পেলাইছে।

ভিডিঅখনত তেঁও দেশৰ মানুহক সতৰ্ক থকাৰ আবেদন জঁনাইছে। তেঁও আৰু কয় যে, ”…বন্ধুগন, মই আজি প্ৰত্যেকজন দেশবাসীৰ পৰা আৰু এটা সমৰ্থন বিছাৰিছো। সেয়া হ’ল জনতা কাৰ্ফিউ। জনতা কাৰ্ফিউৰ অৰ্থ হ’ল জনতাৰ বাবে, জনতাৰ দ্বাৰা নিজৰ ওপৰত লগোয়া কাৰ্ফিউ। এই দেওবাৰ, মানে 22 মাৰ্চ পোৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ, সকলো দেশবাসীয়ে, জনতা কাৰ্ফিউ পালন কৰিব লাগিব।”

তেঁও কয় যে, ”এই সময়খিনি আমি ঘৰৰ পৰা বাহিৰত নোলাওঁ, ৰাস্তাতও নাজাওঁ, চুবুৰিতও কোতো নোলাওঁ। কেৱল প্ৰয়োজনীয় সেৱাৰ লগত জড়িত মানুহসকলেহে 22 মাৰ্চত নিজৰ ঘৰৰ পৰা ওলাব। বন্ধুসকল, 22 মাৰ্চত আমাৰ চেষ্টা, আমাৰ আত্ম সংযম, দেশৰ হকে কৰা কৰ্তব্য পালনৰ এটা প্ৰতীক হ’ব। 22 মাৰ্চত জনতা কাৰ্ফিউৰ সফলতা, এই অনুভুতি আমাক আগন্তুক বিপদসমূহৰ বাবে প্ৰস্তুত কৰিব।”

এই কথাবোৰ শুনি এয়া স্পষ্ট হৈ পৰিছে যে, ভাইৰাল হৈ থকা ভিডিঅখন 2020-ৰ, যেতিয়া কোভিড-19 মহামাৰী ভাৰতত বিয়পা আৰম্ভ হৈছিল আৰু প্ৰাৰম্ভিক পৰ্যায়ত দেশত জনতা কাৰ্ফিউৰ ঘোষণা কৰা হৈছিল।

ভাৰতীয় জনতা পাৰ্টিৰ ইউটিউব চেনেলত আমি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ প্ৰকৃত ভিডিঅখন পালো, যিটোক 19 মাৰ্চ 2020-ত আপল’ড কৰা হৈছিল।

ভাইৰাল হোৱা ভিডিঅখন এই সম্বোধনৰে অংশ আৰু বহুত ব্যৱহাৰকাৰীয়ে এই সম্পূৰ্ণ ভিডিঅখনকে নিজৰ প্ৰফাইলৰ পৰা লাইভ কৰিছে। এয়া লক্ষণীয় যে, জনতা কাৰ্ফিউ ঘোষণাৰ দুই দিন পিছতেই 24 মাৰ্চ 2020-ত দেশত সম্পূৰ্ণ লকডাউন দিয়াৰ ঘোষণা কৰা হৈছিল।

প্ৰধানমন্ত্ৰী মোদিয়ে ৰাষ্ট্ৰৰ নামত সম্বোধন কৰি 21 দিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়াৰ কথা ঘোষণা কৰিছিল। বহুত সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে লকডাউনৰ এই ঘোষণাক, দেশত পুনৰ লকডাউন হোৱাৰ সম্ভাৱনাৰ দাবিৰ সৈতে ভাইৰাল কৰি আছে।
আমাৰ তদন্তত এয়া স্পষ্ট যে, প্ৰধানমন্ত্ৰীৰ ভাষণৰ ভাইৰাল ক্লিপ প্ৰকৃততে 2020-ত জনতা কাৰ্ফিউৰ ঘোষণাৰ পূৰ্বে কৰা সম্বোধনৰ, যিখনক সম্প্ৰতিকালত ঘটা বুলি ভ্ৰমাত্মক দাবিৰ সৈতে ভাইৰাল কৰা হৈ আছে।

ভাইৰাল ক্লিপ সন্দৰ্ভত আমি নিউজ এজেঞ্ছি ভাষাৰ সাংবাদিক দীপক ৰঞ্জনৰ লগত যোগাযোগ কৰিলো। তেঁও আমাক জনালে যে এই ভিডিঅখন 2020-ৰ, যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে কোভিড-19ৰ প্ৰাৰম্ভিক পৰ্যায়ত জনতা কাৰ্ফিউ ঘোষণা কৰিছিল আৰু তাৰ দুই দিন পিছতেই সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছিল।

লক্ষণীয় এয়া যে, ইয়াৰ আগতও সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিৰ ভাষণৰ এখন ভিডিঅৰ ক্লিপ ভাইৰাল হৈছিল, যিটোক লৈ দাবি কৰা হৈছিল যে তেঁওৰ ভাষণত তেঁও বৃহৎ নীতি ঘোষনা কৰিছে। বিশ্বাস নিউজে তেঁওলোকৰ তদন্তত উক্ত দাবিক ভ্ৰমাত্মক বুলি প্ৰমান কৰিছিল, কাৰণ ভাইৰাল হৈ থকা ভিডিঅ ক্লিপখন 2017 চনৰ লোকসভাত ধন্যবাদ প্ৰস্তাবৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ ভাষণৰ লগত সম্পৰ্কিত আছিল আৰু এনেধৰণৰ ভাষণৰ মাজত কেতিয়াও নীতি বিষয়ক সিদ্ধান্ত ঘোষণা কৰা নহয়।
ভাইৰাল ভিডিঅ ক্লিপক ভ্ৰমাত্মক দাবিৰ সৈতে শ্বেয়াৰ কৰা ব্যৱহাৰকাৰীক ফেচবুকত আনুমানিক এহেজাৰৰও অধিক মানুহে অনুসৰণ কৰে।

উপসংহাৰ: 2020 চনৰ কোভিড-19 মহামাৰী সংক্ৰমণৰ প্ৰাৰম্ভিক পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে ৰাষ্ট্ৰক সম্বোধন কৰি জনতা কাৰ্ফিউ ঘোষণা কৰিছিল। 2020 চনত জনতা কাৰ্ফিউ ঘোষণাৰ দুই দিন পিছত 21 দিনৰ বাবে দেশত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছিল।

  • Claim Review : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদিয়ে নিজৰ মানুহৰ বাবে আনন্দ সংবাদ ঘোষণা কৰিলে
  • Claimed By :  FB User-Asimb
  • Fact Check : False
False
Symbols that define nature of fake news
  • True
  • Misleading
  • False

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later