X
X

Fact Check : লেফটেনেণ্ট কিৰণ শ্বেখাৱাতৰ মৃত্যু 2015 চনতে, তেওঁক লৈ ভুল দাৱী ভাইৰেল

যোৱা মাহত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ হোৱাৰ পাছতে ভাৰতে ‘অপাৰেচন সেন্দুৰ’ চলাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীসকলৰ শিবিৰসমূহক লক্ষ্য কৰি সেইবোৰৰ উপৰত এয়াৰ ষ্ট্ৰাইক চলাইছে।

নতুন দিল্লী (বিশ্বাস নিউজ)। যোৱা মাহত পহলগামত সন্ত্ৰাসবাদী আক্ৰমণ হোৱাৰ পাছতে ভাৰতে ‘অপাৰেচন সেন্দুৰ’ চলাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীসকলৰ শিবিৰসমূহক লক্ষ্য কৰি সেইবোৰৰ উপৰত এয়াৰ ষ্ট্ৰাইক চলাইছে। বৰ্তমান দুয়ো দেশৰ মাজত যুদ্ধ-বিৰতি চলি আছে। ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈ আছে। এই পোষ্টত দাবী কৰা হৈছে যে, কিৰণ শ্বেখাৱাত নামৰ এগৰাকী মহিলা অফিচাৰ শ্বহীদ হৈছে।  

ভাৰত-পাকিস্তানৰ মাজত বৰ্তমান যি উত্তেজনাৰ পৰিস্থিতি চলি আছে, তাৰ প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত কেইজনমান ইউজাৰে উল্লিখিত দাৱীক শেহতীয়া বুলি ভাবি শ্বেয়াৰ কৰি আছে। বিশ্বাস নিউজে সেই ভাইৰেল পোষ্টক লৈ অনুসন্ধান চলাই চাইছে। তেতিয়া গম পোৱা গৈছে যে, ভাইৰেল দাৱীটো ভুল হয়। লেফটেনেণ্ট কিৰণ শ্বেখাৱাতৰ আচলতে 2015 চনতে বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল। সেই সম্বন্ধীয় তথ্যক এতিয়া কিছুমান মানুহে ভাইৰেল কৰি বিভ্ৰান্তি সৃষ্টি কৰি আছে।  

কি ভাইৰেল হৈ আছে

News Mission নামৰ এজন ফেচবুক ইউজাৰে 12 মে তাৰিখে এটা পোষ্ট দি দাৱী কৰিছে, “মহিলা অফিচাৰ কিৰণ শ্বেখাৱাত মাথোঁ 27 বছৰ বয়সতে শ্বহীদ হ’ল।”   

ভাইৰেল পোষ্ট যেনেকৈ লিখা আছিল, তেনেকৈয়ে ইয়াত দাঙি ধৰা হৈছে। এই পোষ্টৰ কথাক সঁচা বুলি ভাবি বহু কেইজন ইউজাৰে শ্বেয়াৰ কৰিছে। এই পোষ্টৰ আৰ্কাইভ ভাৰ্ছান ইয়াত চাব পাৰে।

অনুসন্ধান

বিশ্বাস নিউজে এই ভাইৰেল পোষ্টক লৈ অনুসন্ধান চলোৱাৰ কাৰণে পোন প্ৰথমতে গুগল লেঞ্চ টুল ব্যৱহাৰ কৰিছে। ইয়াৰ সহায়ত ভাইৰেল পোষ্টত ব্যৱহাৰ হোৱা ছবিবোৰক ছাৰ্চ কৰোঁতে আমি ইনষ্টাগ্ৰামত এটা পুৰণি পোষ্ট বিচাৰি পাইছিলোঁ। 1 মে 2020 তাৰিখৰ এই পোষ্টত কোৱা হৈছে যে, 2015 চনত কৰ্তব্য পালন কৰি থকাৰ অৱস্থাতে কিৰণ শ্বেখাৱাত শ্বহীদ হৈছিলে।  

ইয়াৰ পাছত আমি গুগল অ’পেন ছার্চ টুল ব্যবহাৰ কৰি অনুসন্ধানৰ কামত আকৌ আগবাঢ়িলোঁ। কী-ওৱাৰ্ড দি ছাৰ্চ কৰি থাকোঁতে আমি কিৰণ শ্বেখাৱাত সম্বন্ধীয় আৰু কেইখনমান মিডিয়া ৰিপোৰ্টৰ সন্ধান পালোঁ। 29 মাৰ্চ 2015-ত প্ৰকাশ পোৱা বাতৰি-ত কোৱা হৈছে যে, গোৱাৰ সমুদ্ৰ উপকূলত প্ৰশিক্ষণ চলি থকাৰ সময়ত কিৰণ শ্বেখাৱাত বিমান দুৰ্ঘটনাৰ চিকাৰ হৈছিল। তাৰে কেই দিনমানৰ পাছত তেওঁৰ শৱ পোৱা গৈছিল।  

পত্ৰিকা ডট কম-ত প্ৰকাশ পোৱা এটি পুৰণি বাতৰি-ত কোৱা হৈছে, “কিৰণৰ জন্ম ৰাজস্থানৰ ঝুনঝুনু জিলাৰ ছেফৰাংগুৱোৰ গাঁৱত 1 মে 1988-ত আৰু তেওঁৰ বিয়া হৈছিল হৰিয়াণাৰ মেৱাতৰ কুৰ্থলা গাঁৱৰ নিবাসী লেফটেনেণ্ট বিৱেক সিঙ ছোংকৰৰ সৈতে। সেনাৰ সৈতে পৰিয়ালৰ সংযোগ থকাৰ বাবে কিৰণ শ্বেখাৱাতৰ সৰুৰেপৰা সেনাত ভৰ্তি হোৱাৰ তীব্ৰ বাসনা আছিল। অৱশেষত 2010 চনত তেওঁ নিজৰ এই ইচ্ছাক পূৰণ কৰিছিলে। বিয়াৰ দুই বছৰ পাছতে তেওঁ শ্বহীদ হৈছে।” 

ভাৰতীয় নৌসেনাৰ মুখপাত্ৰ কমাণ্ডাৰ বিৱেক মধোৱালে বিশ্বাস নিউজৰ সৈতে কথোপকথনত কৈছে যে 2015 চনত বিমান দুৰ্ঘটনাত লেফটেনেণ্ট কিৰণ শ্বেখাৱাত শ্বহীদ হৈছে। ভাইৰেল পোষ্টত এতিয়া যি তথ্য দিয়া হৈছে সেয়া আচলতে পুৰণি বাতৰি হয়।

লেফটেনেণ্ট কিৰণ শ্বেখাৱাতৰ পিতৃ বিজেন্দ্ৰ সিঙ শ্বেখাৱাতৰ সৈতেও বিশ্বাস নিউজে কথা পাতিছিল। তেওঁ কৈছে যে, ছ’চিয়েল মিডিয়াত কিছুমান মানুহে তেওঁৰ জীয়েকৰ মৃত্যু সম্বন্ধীয় পুৰণি পোষ্ট ভাইৰেল কৰি আছে। কিৰণৰ মৃত্যু হৈছিল 2015 চনৰ মাৰ্চ মাহত।  

অনুসন্ধানৰ শেষত আমি সেই ইউজাৰৰ বিষয়ে অনুসন্ধান চলাইছোঁ যিজনে বিভ্ৰান্তিকৰ পোষ্টটো শ্বেয়াৰ কৰিছিলে। নিউজ মিছন নামৰ এই ফেচবুক পেজক 80 হাজাৰৰ অধিক মানুহে ফলো কৰে। এই পেজখনক হিমাচল প্ৰদেশৰ কুলুৰপৰা চলোৱা হয়।

সিদ্ধান্ত: বিশ্বাস নিউজৰ অনুসন্ধানত জানিবলৈ পোৱা গৈছে যে ভাইৰেল পোষ্টটো বিভ্ৰান্তিকৰ হয়। 2015 চনতে বিমান দুৰ্ঘটনাত লেফটেনেণ্ট কিৰণ শ্বেখাৱাতৰ মৃত্যু হৈছিল। সেই সম্বন্ধীয় পোষ্টক এতিয়া ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ পৰিস্থিতিত ভাইৰেল কৰি বিভ্ৰান্তি সৃষ্টি কৰা হৈ আছে। 

  • Claim Review : মহিলা অফিচাৰ কিৰণ শ্বেখাৱাত মাথোঁ 27 বছৰ বয়সত শ্বহীদ হ’লে।
  • Claimed By : FB User News Mission
  • Fact Check : Misleading

Know the truth! If you have any doubts about any information or a rumor, do let us know!

Knowing the truth is your right. If you feel any information is doubtful and it can impact the society or nation, send it to us by any of the sources mentioned below.

ট্যাগ্স

পোস্ট ইওর সাজেশন

No more pages to load

রিলেটেড আর্টিকলেস

Next pageNext pageNext page

Post saved! You can read it later